বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ক’ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে ত্ৰিপল লেয়াৰ মেডিকেল মাস্ক আৰু এন-৯৫ ৰেস্পিৰেটৰ প্ৰস্তুত কৰিবৰ বাবে উৎপাদন বৃদ্ধি কৰা হ’ব এণ্টিভাইৰেল নেনোকোটিংৰ
পিপিই, মাস্ক আদিত উচ্চ কাৰ্যকৰী এণ্টিমাইক্ৰ’বায়েল নেনোপাৰ্টিকলৰ ব্যৱহাৰ হৈছে এক অতি উপযোগী প্ৰয়োগ, যিয়ে অধিক শংকাপূৰ্ণ ক্ষেত্ৰত সুৰক্ষাৰ অতিৰিক্ত তৰপ প্ৰদান কৰিবলৈ সক্ষম হয়। - বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধ্যাপক আশুতোষ শৰ্মা
পোষ্ট কৰা হৈছে:
23 APR 2020 6:44PM by PIB Guwahati
নেনো মিশ্যন কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰ চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে আই আইটি দিল্লীৰ অধ্যাপক অশ্বিনী কুমাৰ আগৰৱালে প্ৰস্তুত কৰি উলিওৱা এক এণ্টিভাইৰেল নেনো-কোটিং বৃহৎ পৰিমাণে ব্যৱহাৰ কৰাৰ বাবে মঞ্জুৰি দিছে। ইয়াৰ ব্যৱহাৰ ক’ভিড-১৯ প্ৰতিৰোধী তিনি তৰপীয়া মেডিকেল মাস্ক আৰু এন-৯৫ ৰেস্পিৰেটৰৰ উৎপাদনৰ বাবে কৰা হ’ব।
ৰূপ ধাতুবিধক বেক্টেৰিয়া, ভাইৰাছ আদিৰ বিৰুদ্ধে শক্তিশালী ৰোগ প্ৰতিৰোধী গুণৰ অধিকাৰী বুলি জনা যায়। অধ্যাপক আগৰৱালে নেনো মিশ্যন প্ৰকল্পৰ বাবে আই আইটি দিল্লীৰ SMITA ৰিচাৰ্ছ লেবৰেট’ৰীত ইতিমধ্যেই N9 ব্লু নেনোছিলভাৰ প্ৰস্তুত কৰিছে। এতিয়া তেওঁ আন দুটা কোম্পানী ক্ৰমে বেংগালুৰুৰ ৰিছল কেমিকেলছ প্ৰাইভেট লিমিটেড আৰু দিল্লীৰ নেনোক্লীন গ্লোবেল প্ৰাইভেট লিমিটেডৰ সৈতে একত্ৰিত হৈ বৃহৎ পৰিমাণত উৎপাদন কৰাৰ পৰিকল্পনা হাতত লৈছে।
উল্লেখ্য যে ইয়াৰে ৰেছিল কেমিকেলে N9 ব্লু নেনোফিল্টাৰ প্ৰদান কৰিব। আনপালে নেনোক্লীন গ্লোবেল নেনোকাটিং নামৰ প্ৰতিষ্ঠানটোৱে এই প্ৰকল্পত ব্যৱহাৰৰ বাবে ফে’চমাস্ক আৰু পিপিই সামগ্ৰী উপলব্ধ কৰাব। ইয়াৰ লগতে নমুনাৰ ডিজাইন আৰু সামগ্ৰিক উৎপাদনৰ ক্ষেত্ৰতো সহায় কৰিব।
বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিবাগৰ সচিব আশুতোষ শৰ্মাই কয় যে বিগত দুটা দশকত ডিএছটিয়ে দেশত নেনোবিজ্ঞান সম্বন্ধীয় গতিবিধি ইতিমধ্যেই আৰম্ভ কৰি দিছে আৰু এই সমগ্ৰ ব্যৱস্থাৱলী অগ্ৰসৰ কৰোৱাৰ কাম কৰি আছে। ইয়াৰ বাবে বৈশ্বিক স্তৰত প্ৰতিযোগিতামূলক ক্ষেত্ৰবোৰত মানসম্পন্ন মানৱ সম্পদ, বুনিয়াদী ভেটি আৰু জ্ঞান সৃষ্টিৰ কামো কৰি থকা হৈছে। ভাৰতে আজি নেনোবিজ্ঞান সম্বন্ধীয় প্ৰকাশনৰ সংখ্যাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ ভিতৰতে তৃতীয় স্থানত অৱস্থান কৰে। পিপিই, মাস্ক আদিত অত্যধিক প্ৰভাৱী ৰোগ প্ৰতিৰোধী নেনোকণৰ ব্যৱহাৰ এক অনবদ্য উদ্ভাৱন, যিয়ে চিকিৎসাকৰ্মী আদি অধিক শংকাপূৰণ অৱস্থাত কাম কৰা লোকসকলক সুৰক্ষাৰ দিশেৰে অতিৰিক্ত তৰপ প্ৰদান কৰিব।
অধ্যাপক আগৰৱাল আৰু তেওঁৰ বিজ্ঞানীৰ দলটোৱে নতুন দিল্লীৰ আইএলবিএছ আৰু এইমছৰ সহযোগত ক’ভিড১৯ ৰ বিৰুদ্ধে ইয়াৰ এণ্টিভাইৰেল গুণবোৰৰ মূল্যাঙ্কন কৰাৰো প্ৰস্তাৱ দিছ। এক অত্যধিক শক্তিশালী ৰোগপ্ৰতিৰোধ এজেণ্ট হিচাপে বিবেচিত এন৯ ব্লু নেনোছিলভাৰৰ পৰা অধিক উন্নত প্ৰভাৱৰ বাবে বিভিন্ন যৌগিকৰ সৈতে নেনোকম্প্লেক্সৰ ৰূপত প্ৰস্তুত কৰা হ’ব। ইয়াৰ পিছত এই নেনোমেটেৰিয়েলক ফে’চমাস্ক আৰু পিপিইৰ ওপৰত কোটিংৰ ৰূপত প্ৰয়োগ কৰা হ’ব যাতে এই উপাদান পিন্ধা লোকসকলক ক’ভিড-১৯ ভাইৰাছৰ আকষ্মিক সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যায়। এনেদৰেই ফে’চমাস্ক আৰু পিপিই প্ৰস্তুত কৰা হ’ব আৰু ক্ষেত্ৰ পৰীক্ষণৰ বাবে প্ৰদান কৰা হ’ব।
[সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি যোগাযোগ কৰক – ডাঃ অশ্বিনী কুমাৰ আগৰৱাল (ashwini@smita-iitd.com, +919810585313)]
****
KGS/(DST)/RD
(ৰিলিজ আই ডি : 1618221)
অতিথি কক্ষ : 237