বিত্ত মন্ত্ৰালয়

বিত্তমন্ত্ৰী শ্ৰী নিৰ্মলা সীতাৰমণে বিশ্ব বেংক-আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ উন্নয়নমূলক কমিটিৰ বৈঠকত উপস্থিত থাকে

বিত্তমন্ত্ৰীয়ে ক’ভিড-১৯ প্ৰতিৰোধ কৰিবলৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ উত্থাপন কৰে

Posted On: 17 APR 2020 7:44PM by PIB Guwahati

কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ উন্নয়নমূলক কমিটিৰ ১০১সংখ্যক বৈঠকত অংশ লয়৷

বৈঠকত তেওঁ কয় যে আমাৰ দেশৰ বৃহৎ জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতবৰ্ষ ক’ভিড-১৯ৰ গুৰুত্বপূৰ্ণ হটস্পট হ’ব পাৰে৷ সেইবাবে চৰকাৰে মহামাৰী প্ৰতিৰোধ কৰিবলৈ বিভিন্ন পদক্ষেপেৰে স্বাস্থ্য ব্যৱস্থাক কাৰ্যক্ষম কৰি তুলিছে৷ সামাজিক দূৰত্ব, ভ্ৰমণ নিষেধাজ্ঞা, ঘৰৰ পৰা কাম কৰা, ঘৰত সুৰক্ষিত হৈ থকা আদি ব্যৱস্থাৰ লগতে টেষ্টিং-ষ্ক্ৰীণিং আৰু চিকিৎসা সুবিধা বৃদ্ধিৰে মহামাৰীৰ প্ৰভাৱ নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলোৱা হৈছে৷

বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে চৰকাৰে ২৩বিলিয়ন মাৰ্কিন ডলাৰৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে৷ ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে স্বাস্থ্য কৰ্মীলৈ বিনামূলীয়া স্বাস্থ্য বীমা, নগদ ধন হস্তান্তৰ, বিনামূলীয়া খাদ্য আৰু গেছ বিতৰণ আৰু ক্ষতিগ্ৰস্ত শ্ৰমিকৰ বাবে সামাজিক সুৰক্ষাৰ ব্যৱস্থা৷ সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডক অৰ্থনৈতিক লোকচানৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰে আয়কৰ, জিএছটি, শুল্ক, বিত্তীয় সেৱা আৰু ক’ৰ্পোৰেট পৰিক্ৰমাৰ সৈতে জড়িত দিশত সকাহ প্ৰদান কৰিছে৷ দেশৰ কেন্দ্ৰীয় বেংকেও উদাৰতা প্ৰদৰ্শন কৰিছে৷

শ্ৰীমতী সীতাৰমণে লগতে উল্লেখ কৰে যে গোলকীয় সমূদায়ৰ দায়িত্বশীল নাগৰিক হিচাপে ভাৰতে বিভিন্ন দেশক বিপদৰ সময়ত জৰুৰীকালীন ঔষধ যোগান ধৰিছে৷ পৰিস্থিতিয়ে দাবী কৰিলে ভাৰতে এই সেৱা আগলৈও অব্যাহত ৰাখিব৷ ফাষ্ট ট্ৰেক ক’ভিড-১৯ সাহায্য সুবিধা ৰূপায়নৰ ক্ষেত্ৰত বিশ্ব বেংক গ্ৰুপৰ তাৎক্ষণিক সঁহাৰি আৰু কাৰ্যদক্ষতাক তেওঁ প্ৰশংসা কৰে৷

****

 

RM/KMN/MS



(Release ID: 1615902) Visitor Counter : 144