বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে ক্ষেত্ৰভিত্তিক কৌশল আৰু সিদ্ধান্ত গ্ৰহণত সহায় কৰাৰ বাবে সংহত ভু-স্থানিক মঞ্চ গঠন

এইটো এপ্লিকেশ্যন ‘আৰোগ্য সেতু’ ম’বাইল এপৰ পৰিপুৰক

Posted On: 15 APR 2020 7:23PM by PIB Guwahati

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে(ডিএছটি) ক’ভিড-১৯ৰ প্ৰকোপৰ সময়ত সিদ্ধান্ত গ্ৰহণত সহায় কৰাৰ বাবে তথা আৰোগ্য লাভৰ সময়ত সামাজিক-আৰ্থিক প্ৰভাৱক নিয়ন্ত্ৰণ কৰাৰ বাবে ক্ষেত্ৰভিত্তিক কৌশল নিৰ্ধাৰণত সহযোগিতা কৰাৰ লক্ষ্যৰে ভু-স্থানিক ডাটাছেট, মানসম্পন্ন সেৱা আৰু বিশ্লেষণাত্মক উপাদানক একত্ৰীকৰণ কৰি এটা সংহত ভু-স্থানিক মঞ্চ গঠন কৰিছে৷

আৰম্ভণিতে এই মঞ্চৰ দ্বাৰা ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ ৰাজহুৱা স্বাস্থ্য বিতৰণ প্ৰণালীক শক্তিশালী কৰা আৰু পৰৱৰ্তী সময়ত নাগৰিক তথা সংস্থাসমূহক স্বাস্থ্য, সামাজিক-আৰ্খিক সংকট আৰু জীৱিকা সম্পৰ্কীয় প্ৰত্যাহ্বানৰ সৈতে জড়িত আৱশ্যক ভু-স্থানিক তথ্যৰ সহযোগিতা আগবঢ়োৱাৰ আশা কৰা হৈছে৷

ম’বাইল এপ্লিকেশ্যন ‘সহযোগ’ৰ লগতে ছাৰ্ভে অৱ ইণ্ডিয়া(এছঅ’আই)ই প্ৰস্তুত তথা ব্যৱস্থাপনা কৰা ৱেব পৰ্টেলক এই মহামাৰীৰ প্ৰতি ভাৰত চৰকাৰৰ প্ৰতিক্ৰিয়াত্মক গতিবিধিক শক্তিশালী কৰাৰ উদ্দেশ্যৰে সমূদায়ক সহযোগিতাৰ জৰিয়তে ক’ভিড-১৯বিশিষ্ট ভু-স্থানিক ডাটাছেটৰ সংগ্ৰহ কৰিব পৰাকৈ তৈয়াৰ কৰা হৈছে৷ ‘সহযোগ’ এপ্লিকেশ্যনত মহামাৰীৰ ব্যাপক প্ৰাদুৰ্ভাৱৰ বাবে ভাৰতৰ কৌশল তথা প্ৰতিৰোধী যোজনাৰ অনুৰূপ আৱশ্যক তথ্যৰ মাপকাঠি সন্নিৱিষ্ট কৰা হৈছে৷

এই ম’বাইল এপ্লিকেশ্যন ভাৰত চৰকাৰৰ দ্বাৰা কোনো লোকৰ সম্পৰ্কৰ ঠিকনা চিনাক্তকৰণ(কানেক্ট ট্ৰেচিং), সজাগতা, আৰু স্ব-মুল্যায়নৰ উদ্দেশ্যে আৰম্ভ কৰা ‘আৰোগ্য সেতু’ এপৰ পৰিপুৰক হিচাপে বিবেচিত হ’ব৷ মধ্যপ্ৰদেশ, ওড়িশা, পাঞ্জাৱ আৰু জম্মু আৰু কাশ্মীৰত থকা ৰাজ্যিক বিশেষ তথ্য আন্তঃগাঁথনিবিশিষ্ট ৰাজ্যসমূহত ৰাজ্য আৰু জিলা পৰ্যায়ত বিষয়াসকলক ক’ভিড-১৯ৰ মোকাবিলা কৰাৰ দিশত সংবৰ্ধিত স্বাস্থ্য ডাটাছেটৰ একত্ৰীকৰণৰ বাবে ৰাজ্যিক জিঅ’পৰ্টেলৰ জৰিয়তে আনুষংগিক মানবিশিষ্ট ভু-স্থানিক ডাটা সেৱা প্ৰদান কৰি আছে৷

এই সংহত ভু-স্থানিক মঞ্চই ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ বাবে দেশৰ স্বাস্থ্য জৰুৰীকালীন ব্যৱস্থাপনাক শক্তিশালী কৰাৰ লগতে স্থানীয় ডাটা, তথ্য আৰু মানৱ, চিকিসা, কৌশল, আন্তঃগাঁথনিমুলক আৰু প্ৰাকৃতিক সম্পদৰ মাজত সম্বন্ধৰ সহজ ব্যৱস্থাৰ জৰিয়তে সামাজিক-আৰ্থিক সংস্কাৰ প্ৰক্ৰিয়াক সহায় কৰিব৷

ডিএছটিৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয়, সিদ্ধান্তগ্ৰহণ প্ৰক্ৰিয়া, প্ৰশাসন তথা বিকাশৰ বাবে ভু-স্থানিক ডাটাৰ সৈতে জনসাংখ্যিক তথ্যৰ একত্ৰীকৰণ কৰাটো আৱশ্যক৷ ক’ভিড-১৯ৰ প্ৰসাৰৰ সন্দৰ্ভত আৰোগ্য সেতুৰ দৰে মঞ্চৰ বাবে এই প্ৰয়াসো এক বিশেষ ডিজিটেল সম্বল হিচাপে পৰিগণিত হ’ব৷

ভু-স্থানিক তথ্য একত্ৰীকৰণ কৰাত ডিএছটিৰ এই প্ৰচেষ্টাৰ জৰিয়তে ক’ৰোনা মহামাৰীয়ে দেশত সৃষ্টি কৰা বহুপাক্ষিক সংকটৰ মোকাবিলা কৰাত সহায় কৰিব৷

****

KGS/(DST)/DB



(Release ID: 1615063) Visitor Counter : 247