পৰ্যটন মন্ত্ৰালয়

পৰ্যটন মন্ত্ৰালয়ে আজিৰে পৰা আৰম্ভ কৰিছে ‘দেখো আপনা দেশ’ ৱেবইনাৰ ছিৰিজ

এই ৱেবইনাৰ ছিৰিজৰ প্ৰথম খণ্ডটো হ’ল ‘চিটী অব্ চিটীজ- দেলহিজ পাৰ্ছনেল ডায়েৰী’


‘দেখো আপনা দেশ’ ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত হ’ব আৰু মন্ত্ৰালয়ে ইয়াৰ জৰিয়তে ভাৰতৰ

Posted On: 14 APR 2020 4:20PM by PIB Guwahati

ক’ভিড-১৯য়ে ভাৰততে নহয়, সমগ্ৰ বিশ্বৰে মানৱ জীৱনক প্ৰভাৱান্বিত কৰিছে৷ এই মহামাৰীবিধৰ দ্বাৰা বৃহৎভাৱে ক্ষতিগ্ৰস্ত হৈছে পৰ্যটন উদ্যোগ৷ কিন্তু প্ৰযুক্তিয়ে এই স্থানসমূহৰ ভ্ৰমণ ভাৰ্চুৱেলী সহজসাধ্য কৰি তুলিছে৷

এই পদক্ষেপৰ ফলশ্ৰুতিত পৰ্যটন মন্ত্ৰালয়ে আজিৰে পৰা মুকলি কৰিছে ‘দেখো আপনা দেশ’ শীৰ্ষক এক ৱেবইনাৰ ছিৰিজ য’ত আমাৰ অতুলনীয় ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্য সুন্দৰভাৱে ডাঙি ধৰিছে৷ প্ৰথমটো খণ্ডটোত দিল্লী আৰু ইয়াৰ অন্তৰ্ভুক্ত আঠখন চহৰৰ দীঘলীয়া ইতিহাস প্ৰদৰ্শিত কৰা হৈছে৷ এই খণ্ডটোৰ নাম দিয়া হৈছে ‘‘চিটী অব্ চিটীজ- দেলহিজ পাৰ্ছনেল ডায়েৰী’’৷

পৰ্যটন আৰু সংস্কৃতি বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত) শ্ৰী প্ৰহ্লাদ সিঙ পেটেলে কয় যে এই বেৱইনাৰ ছিৰিজটো ধাৰাবাহিকভাৱে সম্প্ৰচাৰিত কৰা হ’ব আৰু মন্ত্ৰালয়ে ভাৰতৰ সমৃদ্ধ ইতিহাস আৰু সংস্কৃতি ইয়াৰ মাজেৰে ফুটাই তোলাৰ প্ৰয়াস কৰিব৷

এই পদক্ষেপ পৰ্যটন সজাগতা তথা সামাজিক ইতিহাসৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে৷ এই ৱেবইনাৰ অতি সোনকালেই ৰাইজৰ বাবে মুকলি কৰা হ’ব৷ তাৰোপৰি ই মন্ত্ৰালয়ৰ ছ’চিয়েল মিডিয়া হেণ্ডেল- ইনষ্টাগ্ৰাম আৰু ফে’চবুকৰ ইনক্ৰেডিবল ইণ্ডিয়াতো উপলব্ধ হ’ব৷

১৬ এপ্ৰিল ২০২০ তাৰিখে দিনৰ ১১ বজাৰ পৰা ১২ বজালৈ পৰৱৰ্তী ৱেবইনাৰত কলকাতা মহানগৰীৰ বিষয়ে দেখুওৱা হ’ব৷ 

*******

NB/AKJ/OA/MANN



(Release ID: 1614510) Visitor Counter : 137