পৰ্যটন মন্ত্ৰালয়

৯ এপ্ৰিল তাৰিখ পৰ্যন্ত ‘ষ্ট্ৰেণ্ডেড ইন ইণ্ডিয়া’ প’ৰ্টেলৰ জৰিয়তে ১১৯৪ গৰাকী পৰ্যটকক সাহায্য প্ৰদান কৰা হৈছে

ক’ভিড-১৯ৰ সময়ছোৱাত পৰ্যটন সম্বন্ধীয় সমস্যাসমূহৰ বাবে ষ্টেকহ’ল্ডাৰসকলৰ সৈতে নিয়মীয়াকৈ সমন্বয় স্থাপন কৰি আছে পৰ্যটন মন্ত্ৰালয়ে

Posted On: 10 APR 2020 6:04PM by PIB Guwahati

পৰ্যটন মন্ত্ৰালয়ৰ ষ্ট্ৰেণ্ডেড ইন ইণ্ডিয়া প’ৰ্টেলে ক্ৰমাগতভাৱে পৰ্যটকসকললৈ সাহায্য প্ৰদান কৰি আছে৷ ৯ এপ্ৰিল পৰ্যন্ত ১১৯৪ গৰাকী পৰ্যটকক সাহায্য প্ৰদান কৰা হৈছে৷ তাৰোপৰি ১৩৬৩ হেল্পলাইন নম্বৰত ২২ মাৰ্চৰ পৰা ৯ এপ্ৰিললৈ ৭৭৯টা ফোন কলৰ উত্তৰ প্ৰদান কৰা হৈছে৷

ইয়াৰোপৰি মন্ত্ৰালয়ৰ বিষয়ববীয়াই অহৰ্নিশে ষ্টেকহ’ল্ডাৰসকলৰ সৈতে পৰ্যটন সম্বন্ধীয় সমস্যাসমূহৰ সমাধানৰ বাবে সমন্বয় স্থাপন কৰি আছে৷ পৰ্যটন মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান শ্ৰীমতী মীনাক্ষী শৰ্মাই ‘এডভেন্সাৰ ট্যুৰ অপাৰেটৰ এছ’চিয়েচন অব্ ইণ্ডিয়া’ৰ উদ্যোগত অনুষ্ঠিত এক বেৱিনাৰত দেশে বৰ্তমান এই মহামাৰীৰ বৰ্ধিত সমস্যাত মনোনিৱেশ কৰাটো আৱশ্যক বুলি উল্লেখ কৰে৷ সংস্থাটোৱে মন্ত্ৰালয়ক শিবিৰৰ ছেনিটাইজেচন, ট্ৰেকিং লজসমূহৰ অনুসৰণ আৰু তেনে সম্বন্ধীয় সমস্যাসমূহৰ বাবে নিৰ্দেশাৱলী জাৰি কৰিবলৈ অনুৰোধ জনায়৷ শ্ৰীমতী শৰ্মাই এই অনুৰোধত সন্মতি প্ৰদান কৰে৷

ঠিক সেইদৰে ফিকি আৰু অন্যান্য পৰ্যটন সম্বন্ধীয় সংস্থাসমূহে বিভিন্ন বেৱিনাৰ অনুষ্ঠিত কৰিছে৷ এই ৱেবিনাৰসমূহৰ বৰ্ধিত জনপ্ৰিয়তাই উদ্যোগ আৰু নাগৰিকসকলে এই সংকটময় পৰিস্থিতিৰ পৰা মুক্ত হ’বলৈ ঐক্যৱদ্ধভাৱে আগবঢ়াটো প্ৰতিফলিত কৰিছে৷

*******

NB/AKJ/OA/MANN



(Release ID: 1613180) Visitor Counter : 159