হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

ক’ভিড-১৯: বীজাণুমুক্ত কৰা হৈছে স্মাৰ্ট চিটীসমূহৰ ৰাজহুৱা স্থানসমূহ

Posted On: 09 APR 2020 5:00PM by PIB Guwahati

আমাৰ সামাজিক জীৱনত ৰাষ্টা-পথ, বজাৰ, ৰাজহুৱা স্থান, উদ্যান, খেলপথাৰ আদি স্থানসমূহে বিশেষ গুৰুত্ব বহন কৰে৷ ক’ভিড-১৯ক বিশ্বজনীন মহামাৰী হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় মহানগৰসমূহৰ ৰাজহুৱা স্থানসমূহ ছেনিটাইজিং কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷ ২৫ মাৰ্চ ২০২০ তাৰিখৰ পৰা ঘোষণা কৰা ৰাষ্ট্ৰজোৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত মহানগৰসমূহৰ বাছ/ৰে’ল ষ্টেচন, পথ, বজাৰ, চিকিৎসালয় প্ৰাংগন, বেংক আদিকে ধৰি ৰাজহুৱা স্থানসমূহত ছেনিটাইজিঙৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে৷

 

মহানগৰসমূহৰ বীজাণুমুক্তকৰণ কৰাৰ বাবে নগৰ প্ৰশাসনে অগ্নি নিৰ্বাপক বিভাগৰো সহায় লৈছে৷ নগৰত সতেজ শাক-পাচলি আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহো উপলব্ধ কৰোৱাৰ সুবিধা প্ৰদান কৰিছে নগৰ প্ৰশাসনে৷ শাক-পাচলিৰ বজাৰত তথা অন্যান্য ৰাজহুৱা স্থানসমূহত হেণ্ড-ৱাশ্বিঙৰ সুবিধা প্ৰদান কৰা হৈছেষ


 

ৰাজহুৱা পথসমূহৰ বীজাণুনাশকৰণৰ কাৰ্যকৰিতা নিশ্চিত কৰিবলৈ ৰাজকোট আৰু ছুৰাট নগৰে হাই-ক্লীয়াৰেন্স বুম স্প্ৰেয়াৰ ব্যৱহাৰ কৰিছে৷

চেন্নাই, বেংগালুৰু, ৰায়পুৰ আৰু গুৱাহাটীৰ দৰে স্মাৰ্ট চিটীসমূহে ড্ৰ’ন আদিৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰি যিবোৰ স্থান মানুহৰ বাবে অগম্য তেনে স্থানৰ বীজাণুনাশকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷

 

 

********

RJ/RP/MANN



(Release ID: 1612613) Visitor Counter : 261