প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 06 APR 2020 1:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ বিষয়ে তথা এই সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ৰণনীতিমূলক পদক্ষেপৰ বিষয়ে আলোচনা কৰে৷ দুয়োগৰাকী নেতাই এই স্বাস্থ্য সংক্ৰান্তীয় সংকটৰ পৰা মুক্তি পাবলৈ দ্বিপাক্ষিক অভিজ্ঞতাসমূহৰ বিনিময়ৰ প্ৰয়োজনীয়তাৰ বিষয়ে দোহাৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত চৰকাৰে ভ্ৰমণ নিষেধাজ্ঞাৰ ফলত ভাৰতত আৱদ্ধ হৈ ৰোৱা অষ্ট্ৰেলিয়ান নাগৰিকক পূৰ্ণ সহযোগিতা প্ৰদান কৰিছে৷ ঠিক সেইদৰে অষ্ট্ৰেলিয়াতো আৱদ্ধ হৈ ৰোৱা ভাৰতীয় নাগৰিকসকলৰ ক্ষেত্ৰতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি অষ্ট্ৰেলিয়ান প্ৰধানমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷

দুয়োগৰাকী নেতাই ভাৰত-অষ্ট্ৰেলিয়াৰ সহযোগিতাৰ ব্যাপক গুৰুত্ব বৰ্তাই ৰাখিবলৈ সহমত পোষণ কৰি বৰ্তমানৰ স্বাস্থ্য সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সহযোগিতা প্ৰদান কৰিব বুলি উল্লেখ কৰে৷

 

*****

VRRK/KP/MANN



(Release ID: 1611627) Visitor Counter : 217