পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

ৰন্ধন গেছৰ চিলিণ্ডাৰ বিতৰণ আৰু উজ্বলা যোজনাৰ হিতাধিকাৰী সকললৈ বিনামূলীয়া চিলিণ্ডাৰ যোগান সন্দৰ্ভত ডিএনঅ’সকলৰ সৈতে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ মত-বিনিময়

সমাজ পৰিবৰ্তনৰ আহিলা এই উজ্বলা যোজনা ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে ভাৰতে কৰি অহা সংগ্ৰামৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ কাৰক হৈ উঠিব

Posted On: 03 APR 2020 6:30PM by PIB Guwahati

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা দপ্তৰৰ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি ক’ভিড-১৯ আৰু দেশজুৰি দিয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা পৰিৱেশত দেশৰ প্ৰতিখন জিলাতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিতৰণ সক্ৰিয় কৰি ৰখা সন্দৰ্ভত তেল বিপণন কোম্পানীসমূহৰ শতাধিক জিলা ন’ডেল বিষয়া (ডিএনঅ’)ৰ সৈতে আলোচনাত মিলিত হয়। উল্লেখ্য যে এই ডিএনঅ’সকল তেওঁলোকৰ নিজ নিজ এলেকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ ডেলিভাৰী কৰাৰ ক্ষেত্ৰত দায়বদ্ধ। ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত এই বৈঠকত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব, মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল আৰু তিনিওটা তেল বিপণন কোম্পানী ক্ৰমে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন, ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেড আৰু হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

এই বৈঠকত শ্ৰী প্ৰধানে কয় যে সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত নিজকে এক শক্তিশালী কাৰক হিচাপে প্ৰতিষ্ঠা কৰা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাই ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে ভাৰতে চলোৱা যুঁজখনত এক শক্তিশালী কাৰক হিচাপে বিবেচিত হ’ব। প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে থকা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ বিভিন্ন দিশ যেনে ১৪.২ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ বাবে ৩ টা ৰিফিলিং পৰ্যন্ত উপলব্ধতা আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ গ্ৰাহকৰ বেংক একাউণ্টলৈ অ’এমচিৰ দ্বাৰা খুচুৰা বিক্ৰী মূল্যৰ ধন আগতীয়াকৈ স্থানান্তৰ, যিটো ধন গেছ বিতৰকৰ পৰা চিলিণ্ডাৰ ৰিফিল কৰিবৰ বাবে গ্ৰাহকে বেংকৰ পৰা আহৰণ কৰিব পাৰিব। তেওঁ এই আঁচনিখনৰ ফলপ্ৰসূ ৰূপায়ন নিশ্চিত কৰিবৰ বাবেও আহ্বান জনায়।

মন্ত্ৰী শ্ৰী প্ৰধানে উল্লেখ কৰে যে দেশজুৰি লকডাউন চলি থকা সত্ত্বেও এতিয়াও প্ৰতিদিনেই ১৫ টা পোৰ্ট টাৰ্মিনেল, ১৯৫ টা এলপিজি বটলিং প্লাণ্ট আৰু পৰিবহন নেটৱৰ্ক সক্ৰিয়ভাৱে চলাই থকা হৈছে, যাতে দেশত এলপিজি সামগ্ৰী তথা চিলিণ্ডাৰৰ যোগান অবিৰতভাৱে আৰু পৰ্যাপ্ত পৰিমাণৰ যোগাত অব্যাহত থাকে। এলপিজি ডেলিভাৰী দিয়া লোক আৰু অ’এমচিৰ বিষয়াসকলক প্ৰসংশা কৰি তেওঁ কয়, “দেশৰ প্ৰতিটো প্ৰান্ততে প্ৰতিটো পৰিয়ালেই যাতে অবিৰতভাৱে এলপিজি যোগান লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ আমাৰ দলৰ সদস্যসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি ভাল কাম কৰি আছে। প্ৰতিদিনেই ৬০ লাখতকৈও অধিক চিলিণ্ডাৰ ডেলিভাৰী দি থকা হৈছে, আৰু আমাৰ ডিএনঅ’, আমাৰ বিতৰক আৰু ডেলিভাৰী দিয়া লোকসকলৰ অবিৰত শ্ৰম অবিহনে কেতিয়াও সম্ভৱ নহ’লহেতেন। তেওঁ লগতে চিলিণ্ডাৰ ডেলিভাৰী কৰা লোকসকলে যেন নিজৰ লগতে সমাজৰ বাবেও যাৱতীয় স্বাস্থ্য দিহাবোৰ মানি চলে, সামাজিক ব্যৱধান মানি চলে সেয়া নিশ্চিত কৰিবলৈ ডিএনঅ’সকলক পৰামৰ্শ দিয়ে, লগতে চৰকাৰে তেওঁলোকৰ বাবে ৫ লাখ টকাৰ এককালীন সাহায্যৰ উপৰিও গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক কাৰ্যাৱলীৰ বিষয়েও তেওঁলোকক অৱগত কৰিবলৈ ডিএনঅ’সকলক আহ্বান জনায়।

তেওঁ লগতে এই ডিএনঅ’সকলক স্থানীয় প্ৰশাসনৰ সৈতে সু-সমন্বয় ৰক্ষা কৰি কাম কৰিবলৈ আহ্বান জনায় আৰু সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াৰ যোগেদি স্থানীয় সমাজৰ সৈতে ধাৰাবাহিকভাৱে সংযোগ স্থাপন কৰি ৰাখিবলৈও আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে, যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান সুনিশ্চিত কৰি ৰাখিব পৰা যায়। শ্ৰী প্ৰধানে লগতে চৰকাৰে আগবঢ়োৱা পৰামৰ্শ অনুসৰি সকলোধৰণৰ সুৰক্ষামূলক ব্যৱস্থা অনুসৰণ কৰিবলৈও সকলোকে আহ্বান জনায়। তেওঁ এই ডিএনঅ’সকলক লগতে আয়ুষ মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় দিশ অনুসৰণ কৰাৰ লগতে সেইবোৰ ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈও পৰামৰ্শ দিয়ে। ইফালে প্ৰধানমন্ত্ৰীয়ে ৫ এপ্ৰিলৰ নিশা ৯ বজাত ৯ মিনিট সময়ৰ বাবে বৈদ্যুতিক চাকি বন্ধ কৰি সেইখিনি সময় মম/চাকি/টৰ্চ বা মোবাইল ফোনৰ টৰ্চ লাইট জ্বলাই ৰাখিবলৈ কৰা আহ্বান বাৰ্তা প্ৰচাৰ কৰাৰ বাবেও ডিএনঅ’সকলক আহ্বান জনায়।

ডিএনঅ’সকলে জনায় যে প্ৰাৰম্ভিক অৱস্থাত কিছু সমস্যাৰ সৃষ্টি হৈছিল যদিও সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈছে। লকডাউনৰ প্ৰাৰম্ভিক অৱস্থাত কিছুদিনৰ বাবে চিলিণ্ডাৰৰ বুকিংৰ বাবে হেতাওপৰা লাগিছিল যদিও তেনে এক পৰিস্থিতিও বৰ্তমান নাই্কিয়া হৈছে। তেওঁলোকে লগতে জনায় যে চিলিণ্ডাৰ ডেলিভাৰীৰ বাবে পূৰ্বতে প্ৰয়োজন হোৱা অপেক্ষা কৰাৰ সময়ো এতিয়া কমি আহিছে। তেওঁলোকে কয় যে ৰন্ধন গেছ ডেলিভাৰী দিয়া লোকসকলৰ লগতে ব্যৱহাৰিক স্তৰত এই যোগান শৃংখলাৰ সৈতে জড়িত হৈ থকা লোকসকলৰ বাবে আগবঢ়োৱা ৫ লাখ টকাৰ অনুদানে তেওঁলোকক মানসিকভাৱে উদ্বুদ্ধ কৰিছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে চৰকাৰে আগবঢ়োৱা সাহায্য পেকেজো এই ডিএনঅ’সকলে প্ৰচাৰ কৰিছে।

***

YB/RD


(Release ID: 1610973)