প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯) বিৰুদ্ধে যুঁজৰ প্ৰতি সমৰ্থন অব্যাহত ৰাখিছে ভাৰতীয় বায়ু সেনা বাহিনীয়ে

Posted On: 03 APR 2020 8:20PM by PIB Guwahati

ৰোনা ভাইৰাছ (ভিড-১৯) বিৰুদ্ধে যুঁজৰ প্ৰতি ভাৰতীয় বায়ু সেনা বাহিনীয়ে সমৰ্থন অব্যাহত ৰাখিছে৷ মহামাৰী সংক্ৰমণৰ বিৰুদ্ধে সকলো ৰাজ্য চৰকাৰ আৰু সাহায্যকাৰী সংস্থাই যাতে ফলপ্ৰসু আৰু দক্ষতাৰে যুঁজিব পাৰে, তাৰ বাবে প্ৰয়োজনীয় চিকিসা সামগ্ৰী পৰিবহন কৰি আহিছে বায়ু সেৱাই৷

বিগত দুটা দিনত বয়ুসেনাৰ বিমানেৰে উত্তৰ-পূৰ্বাঞ্চলৰ গুৱাহাটী, ডিব্ৰুগড়ৰ মোহনবাৰী; কেন্দ্ৰীয় মণ্ডলৰ প্ৰয়াগৰাজ, গোৰখপুৰ, বেৰেইলী; জম্মু আৰু কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চললৈ অত্যাৱশ্যকীয় চিকিসা সামগ্ৰী যোগান ধৰে৷

তদুপৰি, এপ্ৰিলত অপাৰেশ্যন সঞ্জীৱনী অধীনত মালদ্বীপৰ মালেলৈ বিমানযোগে জৰুৰী চিকিসা সামগ্ৰী যোগান ধৰা হয়৷ উল্লেখ্য যে ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পাছত মালদ্বীপত অত্যাশ্যকীয় চিকিসা সামগ্ৰীৰ নাটনি হয় আৰু এই অভিযানৰ সফল কৰাত এমইএ, আইডিএছৰ মুখ্য কাৰ্যালয, স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ লগতে অন্যান্য চৰকাৰী সংস্থাসমূহে অমূল্য অৱদান আগবঢ়ায়৷

ভাৰতীয় বায়ু সেনাই ইয়াৰ ছাউনীসমূহত যথেষ্ট পৰিমানে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে৷ মহামাৰীৰ বিৰুদ্ধে দেশৰ যুঁজত সমৰ্থন আগবঢ়াই সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰী পুৰণ কৰিবলৈ ভাৰতীয় বায়ু সেনা সদায়েই সষ্টম৷

****

IN/BSK/DB



(Release ID: 1610962) Visitor Counter : 112