অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
লাইফলাইন উড়ান বিমানৰ ১লাখ কিলোমিটাৰ আকাশী দূৰত্ব অতিক্ৰম
Posted On:
03 APR 2020 8:45PM by PIB Guwahati
লাইফলাইন উড়ানৰ অধীনত সম্প্ৰতি এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ু সেনা, পৱন হংস আৰু ব্যক্তিগত বাহকে মুঠ ৯৭খন বিমান চলাচল কৰি আছে৷ ইয়াৰে ৭১খন এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰদ্বাৰা পৰিচালিত হৈছে৷ ইয়াৰ মাধ্যমেৰে এতিয়ালৈকে ১১৯টন পণ্য সামগ্ৰী সৰবৰাহ কৰা হৈছে৷ লাইফলাইন উড়ান বিমানৰদ্বাৰা আজিৰ দিনটোলৈ প্ৰায় ১লাখ কিলোমিটাৰ আকাশী দূৰত্ব অতিক্ৰম কৰা হৈছে৷
লাইফলাইন উড়ানে কঢ়িওৱা সামগ্ৰীৰ ভিতৰত আছে ক’ভিড-১৯ সম্পৰ্কীয় ৰাসায়নিক পদাৰ্থ, এনজাইম, চিকিৎসা সা-সজুলি, টেষ্টিং কীট, ব্যক্তিগত সুৰক্ষা সা-সজুলি, মাস্ক, গ্ল’ভছ আৰু এইচএলএল আৰু আইচিএমআৰৰ অন্যান্য সামগ্ৰী৷
লাইফলাইন উড়ান বিমানসমূহে এক হাব আৰু স্প’ক মডেলত যাত্ৰা কৰে৷ দিল্লী, মুম্বাই, চেন্নাই, কলকাতা, হায়দৰাবাদ আৰু বাংগালুৰুত কাৰ্গো হাব স্থাপন কৰা হৈছে৷ লাইফলাইন উড়ান বিমানে এই হাবসমূহক গুৱাহাটী, ডিব্ৰুগড়, আগৰতলা, আইজল, ডিমাপুৰ, ইম্ফল, কোইম্বাটোৰ, ত্ৰিবান্দ্ৰম, ভুৱনেশ্বৰ, ৰাইপুৰ, ৰাঁচী, প’ৰ্ট ব্লেয়াৰ আৰু গোৱাৰ দৰে স্থানৰ সৈতে সংযুক্ত কৰে৷ উত্তৰ-পূৰ্বাঞ্চল, দ্বীপ অঞ্চল আৰু পাহাৰীয়া ৰাজ্যসমূহৰ ওপৰত এই সেৱাই বিশেষভাৱে মনোনিৱেশ কৰিছে৷
স্পাইচজেটে ২৪-৩১মাৰ্চ,২০২০ৰ সময়ছোৱাত ১০৩খন সামগ্ৰী পৰিবাহী বিমান সঞ্চালিত কৰি ৮০০টনৰো অধিক সা-সামগ্ৰী কঢ়িওৱাৰ লগতে ১৪২,০০০কিলোমিটাৰৰো অধিক আকাশী দূৰত্ব অতিক্ৰম কৰিছে৷ ১০৩খন বিমানৰ ভিতৰত ৩২খন আছিল আন্তঃৰাষ্ট্ৰীয় উৰাণ৷ ব্লু ডাৰ্টে ২৫-৩১মাৰ্চ,২০২০ৰ ভিতৰত ৩২খন ঘৰুৱা সামগ্ৰী পৰিবাহী বিমান সঞ্চালিত কৰি প্ৰায় ৩০,৮০০কিলোমিটাৰৰ আকাশী দূৰত্ব অতিক্ৰম কৰাৰ লগতে ৪৬৪টন সামগ্ৰী কঢ়িয়াইছে৷ ঘৰুৱা সামগ্ৰী পৰিবহণকাৰী কোম্পানী স্পাইচজেট আৰু ব্লু ডাৰ্টে ব্যৱসায়িক ভিত্তিত সামগ্ৰী পৰিবাহী বিমান সঞ্চালিত কৰিছে৷
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰালয় আৰু এয়াৰ ইণ্ডিয়াই অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী সৰবৰাহৰ বাবে ভাৰত আৰু চীনৰ মাজত এক সামগ্ৰী পৰিবাহী বিমানসেৱা আৰম্ভ কৰাৰ বিষয়ে চাইনীজ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি আছে৷
*****
RJ/NG/MS
(Release ID: 1610905)
Visitor Counter : 92