নৌ-পৰিবহন মন্ত্ৰালয়

ক’ভিড-১৯ এ সৃষ্টি কৰা জটিল পৰিস্থিতিৰে মোকাবিলা কৰা সন্দৰ্ভত বন্দৰৰ লগত জড়িতসকলৰ সৈতে শ্ৰী মনসুখ মাণ্ডব্যৰ ভিডিঅ’ কনফাৰেন্স

Posted On: 03 APR 2020 7:34PM by PIB Guwahati

কেন্দ্ৰীয় জলপৰিৱহণ  মন্ত্ৰী(স্বতন্ত্ৰ)শ্ৰী মনসুখ মাণ্ডব্যই আজি ভিডিঅ কনফাৰেন্সযোগে বন্দৰ ব্যৱহাৰকাৰী, কোৰিয়াৰ আৰু কাৰ্গো সেৱাৰ লগত জড়িতসকল, দেশৰ বিভিন্ন অঞ্চলৰ কাষ্টম ব্ৰকাৰ্চ এচচিয়েশ্যনৰ প্ৰতিনিধিসকল, সামগ্ৰী কঢ়িওৱা সেৱাৰ লগত জড়িতসকলকে ধৰি বিভিন্ন ধৰণে বন্দৰৰ লগত জড়িতসকলৰ সৈতে কভিড-১৯ এ সৃষ্টি কৰা জটিল পৰিস্থিতি তথা লকডাউনৰ সময়ত কিদৰে বন্দৰসমূহ পৰিচালনা কৰা হব সেই সম্পৰ্কে আলোচনা কৰে। এই ভিডিঅ কনফাৰেন্সত জলপৰিৱহণ মন্ত্ৰালয়ৰ বিষয়াসকলৰ লগতে সকলো গুৰুত্বপূৰ্ণ বন্দৰৰ মূৰব্বীসকলে অংশ গ্ৰহণ কৰে। 

শ্ৰী মনসুখ মাণ্ডব্যই এনে অভাৱনীয় জটিল পৰিস্থিতিত সকলোৰে সহায় সহযোগিতা কামনা কৰে।তেওঁ সকলোকে একগোট হৈ এই সমস্যাক সম্ভাৱনীয়তালৈ ৰূপান্তৰ কৰি বন্দৰসমূহক সুকলমে পৰিচালনা কৰি দেশৰ যোগান শৃংখলক সুচল কৰি ৰাখিবলৈ আহ্বান জনায়।বন্দৰসমূহক অনাহুত ভীৰৰ পৰা মুক্ত কৰি তাত কাম কৰা লোকসকলৰ সুৰক্ষাৰ বাবে কেনেধৰণৰ পদক্ষেপ লোৱা উচিত সেই সম্পৰ্কে অংশীদাৰসকলৰপৰা পৰামৰ্শও বিচাৰে। শ্ৰী মাণ্ডব্যই উন্নত প্ৰযুক্তিৰে বন্দৰৰ কাৰ্যকলাপ চলাই নিয়া তথা ভৱিষ্যতে কভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰিবপৰা প্ৰত্যাহ্বানৰ মুখামুখি হব পৰাকৈ কন্টেইনাৰ পৰিচালনাত গুৰুত্ব প্ৰদান কৰে।

প্ৰতিনিধিসকলে লকডাউনৰ বাবে বন্দৰৰ কাৰ্যকলাপ চলাই নিয়াত হবলগীয়া বৰ্দ্ধিত খৰচ, কোনো ঠাইত ৰৈ থাকিবলগা হোৱা কাৰ্গো জাহাজ, বন্দৰত হোৱা ভীৰ, শ্ৰমিকৰ নাটনি, চলাচল কৰি থকা শ্ৰমিক তথা ট্ৰাকচালক, যোগান শৃংখলৰ পৰিচালনা আদিৰ ক্ষেত্ৰত হোৱা নানা সমস্যাৰ কথাও উত্থাপন কৰে।

 

YB/AP/PRK


(Release ID: 1610889)