উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
লকডাউন কাৰ্যকৰী কৰিবলৈ কাৰ্যকৰীভাৱে ছীল কৰা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ৫৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত। - ড. জীতেন্দ্ৰ সিং
Posted On:
03 APR 2020 3:42PM by PIB Guwahati
উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ড. জীতেন্দ্ৰ সিঙে আজি ভিডিঅ’ কনফাৰেন্সযোগে এক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰে। ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণ প্ৰতিহত কৰাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বজাই ৰাখি ড’নাৰ মন্ত্ৰালয়, উত্তৰ-পূৱ পৰিষদ আৰু নেডফিৰ বিষয়াবৰ্গৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে আয়োজন কৰা এই বৈঠকত উত্তৰ-পূৱত এই মহামাৰীক প্ৰতিহত কৰিবলৈ লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। এই বৈঠকত অংশগ্ৰহণ কৰে ড’নাৰ মন্ত্ৰালয়ৰ সচিব, অতিৰিক্ত সচিব, উত্তৰ-পূৱ পৰিষদৰ সচিব, নেডফিৰ মুখ্য পৰিচালন সঞ্চালক আৰু ড’নাৰ মন্ত্ৰালয় তথা উত্তৰ-পূৱ পৰিষদৰ একাধিক জ্যেষ্ঠ বিষয়া। বৈঠকতে সন্মানীয় মন্ত্ৰীক জনোৱা হয় যে মন্ত্ৰালয়ৰ ১০০ শতাংশ কামেই ই-অফিচ মাধ্যমত কৰি থকা হৈছে, আৰু ঘৰৰ পৰাই কাম কৰাৰ বাবে চৰকাৰে কদিয়া নিৰ্দেশনা অনুসৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
উল্লেখ্য যে উত্তৰ-পূৱৰ ৰাজ্যসমূহত এই লকডাউন ব্যাপকভাৱে কাৰ্যকৰী কৰা হৈছে। উত্তৰ-পূৱৰ প্ৰায় ৫৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত ইতিমধ্যেই কাৰ্যকৰীভাৱে ছীল কৰি দিয়া হৈছে।
ইফালে ড’নাৰ মন্ত্ৰালয়ৰ লগতে ইয়াৰ অধীনস্থ বিভিন্ন প্ৰতিষ্ঠান তথা ৰাজহুৱা খণ্ডৰ অনুষ্ঠান যেনে উত্তৰ-পূৱ পৰিষদ, নেডফি, নেৰামেক, চিবিটিচি, নাৰক’ম্প আৰু এনইএইচএইচডিচিৰ সকলো বিষয়া-কৰ্মচাৰীয়েই এদিনৰ দৰমহা প্ৰধানমন্ত্ৰী-কেয়াৰ্ছ পুঁজিলৈ আগবঢ়াইছে।
মন্ত্ৰালয়ৰ অধীনস্থ নেডফিয়ে ইয়াৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ পুঁজিৰ পৰা প্ৰধানমন্ত্ৰী-কেয়াৰ্ছ পুঁজিলৈ ২ কোটি টকা আগবঢ়াইছে।
পূৰ্বে গ্ৰহণ কৰা এক সিদ্ধান্ত অনুসৰি মন্ত্ৰালয়/উত্তৰ-পূৱ পৰিষদে ক’ভিড-১৯ ক কাৰ্যকৰীভাৱে প্ৰতিহত কৰিবৰ বাবে ইতিমধ্যেই উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ ২৫ কোটি টকা আগবঢ়াইছে। এই ধনখিনি এক উমৈহতীয়া পুঁজি হিচাপেই আগবঢ়োৱা হৈছে আৰু এই ধন ক’ভিড-১৯ সংক্ৰান্তীয় যিকোনো কাৰ্যৰ বাবে ব্যয় কৰা হ’ব। উল্লেখ্য যে এই পুঁজি কেন্দ্ৰই আগবঢ়োৱা অইন পুঁজিৰ সৈতে সামৰি লোৱা নহ’ব। এই উমৈহতীয়া পুঁজিৰ নমনীয়তাই ৰাজ্যসমূহক তাৎক্ষণিকভাৱে এই ভাইৰাছৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম কৰিব। পূৰ্বৰে পৰা চলি থকা অন্যান্য আঁচনিৰ অধীনত ড’নাৰ মন্ত্ৰালয়/উত্তৰ-পূৱ পৰিষদে উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ আগবঢ়োৱা অন্যান্য পুঁজিৰ অতিৰিক্ত পুঁজি হিচাপে বিবেচিত হ’ব সংশ্লিষ্ট পুঁজি। ৰাজ্য বিশেষে অনুমোদিত পুঁজিৰ পৰিমাণ তলত দিয়া ধৰণৰ -
ক্ৰমিক নং
|
ৰাজ্য
|
আবণ্টিত পুঁজি (কোটিত)
|
১
|
অৰুণাচল প্ৰদেশ
|
৩.২৫
|
২
|
অসম
|
৫.০০
|
৩
|
মণিপুৰ
|
৩.০০
|
৪
|
মেঘালয়
|
৩.০০
|
৫
|
মিজোৰাম
|
৩.০০
|
৬
|
নাগালেণ্ড
|
৩.০০
|
৭
|
ছিকিম
|
১.৭৫
|
৮
|
ত্ৰিপুৰা
|
৩.০০
|
মন্ত্ৰালয়ে লগতে ইয়াৰ ফ্লেগশ্বিপ কাৰ্যসূচী NESIDS ৰ অধীনত উত্তৰ-পূৱৰ ৰাজ্যসমূহত স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি শক্তিশালীকৰণৰ বাবে অন্যান্য প্ৰকল্পৰ কামৰ চিন্তাচৰ্চা আৰম্ভ কৰিছে। ৰাজ্যসমূহক অহা ৬ এপ্ৰিলৰ ভিতৰত তেওঁলোকৰ প্ৰস্তাৱসমূহ দাখিল কৰিবলৈ কোৱা হৈছে। এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্যখণ্ডৰ প্ৰকল্পক প্ৰাধান্য প্ৰদান কৰা হ’ব।
********
VG/SNC/RD
(Release ID: 1610765)
Visitor Counter : 143