বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ক’ভিড-১৯ সংক্ৰান্তীয় সংকট আঁতৰাবৰ বাবে স্বয়ংক্ৰিয় ভেণ্টিলেটৰ প্ৰস্তুত কৰিবৰ বাবে উইপ্ৰ’ থ্ৰীডিৰ সৈতে চুক্তি সম্পন্ন SCTIMSTৰ
Posted On:
02 APR 2020 6:23PM by PIB Guwahati
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ ৰাষ্ট্ৰীয় গুৰুত্বসাপেক্ষ প্ৰতিষ্ঠান শ্ৰী চিত্ৰ তিৰুনাল ইনষ্টিটিউট ফৰ মেডিকেল ছায়েন্স এণ্ড টেকন’ল’জী চমুকৈ SCTIMST এ এক নিদানিক পৰীক্ষা আৰু উৎপাদন সম্পন্ন কৰাৰ পিছত আৰ্টিফিচিয়েল মেনুৱেল ব্ৰিথিং ইউনিট (AMBU) ৰ ভিত্তিত যুটীয়াভাৱে এক জৰুৰীকালীন ভেণ্টিলেটৰ ছিষ্টেমৰ প্ৰ’ট’টাইপ নিৰ্মাণ কৰিবলৈ বেঙ্গালুৰুৰ উইপ্ৰ’ থ্ৰীডিৰ সৈতে চুক্তি সম্পন্ন কৰিছে।
ক’ভিড-১৯ ৰ ব্যাপক সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশে সমূখীন হোৱা বিৰূপ পৰিস্থিতিত ভেণ্টিলেটৰৰ তাৎক্ষণিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হ’ব এই ভেণ্টিলেটৰসমূহে। AMBU বেগ বা এটা বেগ-ভাল্ভ মাস্ক (BVM) হৈছে এক হাতত লৈ ফুৰিব পৰা এক বিশেষ ডিভাইচ যিটো ডিভাইচ প্ৰয়োগেৰে অপৰ্যাপ্তভাৱে বা অনিয়মিতভাৱে শ্বাস-প্ৰশ্বাস লোৱা অথবা শ্বাস-প্ৰশ্বাস বন্ধ কৰা এগৰাকী ৰোগীৰ দেহত সঠিক চাঁপসম্পন্ন ভেণ্টিলেশ্যন প্ৰয়োগ কৰা হয়। তথাপি, এটা নিয়মিত AMBU ৰ ব্যৱহাৰক নিজস্ব পৰিচালনাৰ বাবে এক বাইষ্টেণ্ডাৰৰ প্ৰয়োজন হয়, যিটো অত্যন্ত স্পৰ্শকাতৰ হয় তথা ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ ঘনিষ্ঠ সম্পৰ্কত থকাৰ বাবে উপযুক্ত নহয়। নিদানিক ফেকাল্টিৰ পৰা গ্ৰহণ কৰা ইনপুটেৰে শ্ৰী চিত্ৰাৰ স্বয়ংক্ৰিয় AMBU ভেণ্টিলেটৰে সংকটপূৰ্ণ ৰোগীৰ শ্বাস-প্ৰশ্বাসত সহায় কৰিব, বিশেষকৈ যাৰ হাতত আইচিইউ ভেণ্টিলেটৰৰ সুবিধা নাথাকে।
ক্ষীপ্ৰতাৰে উৎপাদন কৰিবৰ বাবে এই সঁজুলিবিধ সহজলভ্য উপাদানেৰে প্ৰস্তুত কৰা হৈছে, যাতে ই এক বৈকল্পিক সমাধান হৈ পৰিব পাৰে। ভেণ্টিলেশ্যনৰ প্ৰয়োজন হোৱা ৰোগীক ই তাৎক্ষণিকভাৱে সেই প্ৰয়োজন পূৰণ কৰিব পাৰে আৰু ই সীমিত সংখ্যক ভেণ্টিলেশ্যনৰ ক্ষেত্ৰত এক সুন্দৰ সমাধান হিচাপে বিবেচিত হৈছে।
এই প’ৰ্টেবল আৰু কম ওজনৰ উপাদানবিধে শ্বাস-প্ৰশ্বাস সম্বন্ধীয় অনুপাত সঠিক কৰি ৰাখে, টাইডল ভলিউম আদিৰ সৈতে এক্সপিৰেশ্যন, ইন্সপিৰেশ্যনৰ নিয়ন্ত্ৰিত হাৰত যোগাত্মক চাঁপ ভেণ্টিলেশ্যন অটুত ৰাখিবলৈ সক্ষম হয়। এই স্বয়ংক্ৰিয় উপাদানবিধে আইছ’লেশ্যন কক্ষত সহায়কাৰীৰ প্ৰয়োজনীয়তা ন্যূনতম কৰি তুলিব তথা ইয়াৰ দ্বাৰা ক’ভিড১৯ ত আক্ৰান্ত ৰোগীসকলৰ বাবে এক সুৰক্ষিত আৰু কাৰ্যকৰী শ্বাস-প্ৰশ্বাস অপাৰেশ্যন সক্ষম কৰি তুলিব।

SCTIMST ৰ সঞ্চালিকা ডাঃ আশা কিশোৰে কয়, “এই সমগ্ৰ ব্যৱস্থা এটা সপ্তাহৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱা হৈছে। সমগ্ৰ বিশ্বত কেবা লক্ষ লোক ক’ভিড – ১৯ ত আক্ৰান্ত হৈছে, আৰু এই সংখ্যা প্ৰতিদিনেই ক্ষীপ্ৰ হাৰত বৃদ্ধি পাইছে। এনে এক সংকটপূৰ্ণ সময়ত এক সহজসাধ্য আৰ্টিফিচিয়েল মেনুৱেল ব্ৰিথিং ইউনিট (AMBU) যথেষ্ট সহায়ক হিচাপে বিবেচিত হ’ব। প্ৰয়োজনসাপেক্ষ বিভিন্ন চিকিৎসাজনিত সা-সঁজুলি নিৰ্মাণ কৰা আৰু ইয়াৰ বাণিজ্যিকীকৰণৰ ক্ষেত্ৰত SCTIMST ৰ আছে এক বিশেষ সুনাম। আমি একেই পৰম্পৰা এইবাৰ অব্যাহত ৰাখিবলৈ যত্ন কৰিছো।”
তেওঁ লগতে কয়, “শ্ৰী চিত্ৰাই আহ্বান জনোৱা ‘এক্সপ্ৰেছন অৱ ইণ্টাৰেষ্ট’লৈ উইপ্ৰ’ থ্ৰীডিয়ে সঁহাৰি জনাইছিল। তেওঁলোকৰ কাৰিকৰী দলটোৰ সৈতে আমি সবিস্তাৰে আলোচনাত মিলিত হৈছো আৰু সমগ্ৰ প্ৰ’ট’টাইপটোৰ বিশ্লেষণ তথা মূল্যায়ণ কৰিছো। আমি তাৎক্ষণিকভাৱেই ইয়াৰ বাবে নিদানিক পৰীক্ষাৰ কাম আৰম্ভ কৰিবলৈ বিচাৰো আৰু তাৰ পিছত উইপ্ৰ’ থ্ৰীডি বাঙ্গালুৰুৰ যোগেদি ইয়াৰক উৎপাদন আৰম্ভ কৰিবলৈ বিচাৰো।”
এই সম্পাদিত চুক্তিত সন্নিৱিষ্ট হৈ আছে পৰৱৰ্তী পৰ্যায়ত যুটীয়াভাৱে এই সমগ্ৰ ব্যৱস্থাৰ উত্তৰণ আৰু উন্নয়ন, নিদানিক পৰীক্ষা আৰু উৎপাদনৰ দিশবোৰ। এই চুক্তিখন সম্পাদন কৰা হৈছে ক’ভিড-১৯ ৰ ব্যাপক সংক্ৰামক পৰিস্থিতিত দেশক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে দুয়োটা পক্ষৰে প্ৰকৃত উদ্দেশ্যক ক্ষীপ্ৰতাৰে আৰু অগ্ৰাধিকাৰযোগ্য মনোভাৱেৰে কাৰ্যকৰী কৰাৰ বাবে। এই প্ৰতিষ্ঠানত একাধিক বিভাগৰ অভিজ্ঞ সদস্যৰে গঠিত দলটোক নেতৃত্ব প্ৰদান কৰিছে শ্ৰীযুত শৰথে, লগতে আছে শ্ৰীযুত নাগেশ, শ্ৰীযুত বিনোদ কুমাৰ আৰু বায়’মেডিকেল টেকন’ল’জী শাখাৰ কৃত্ৰিম অংগ-প্ৰত্যঙ্গ শাখা আৰু চিকিৎসালয়খনৰ এনাষ্ঠেছিয়া বিভাগৰ অভিজ্ঞ লোক।
{সবিশেষ জানিবৰ বাবে অনুগ্ৰহ কৰি যোগাযোগ কৰক – শ্ৰীযুতা স্বপ্না ৱামাদেৱন, জনসম্পৰ্কৰক্ষী বিষয়া, SCTIMST, মোবাইল নং - ৯৬৫৬৮১৫৯৪৩, ইমেইল - pro@sctimst.ac.in}
*****
KGS/(DST)/RD
(Release ID: 1610591)