কৃষি মন্ত্ৰালয়

কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে মুকলি কৰিলে ই-নাম প্লেটফ’ৰ্মৰ নতুন বৈশিষ্ট

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ই-নামৰ নতুন বৈশিষ্টক গুৰুত্বপূৰ্ণ বুলি শ্ৰী টোমৰৰ মন্তব্য

Posted On: 02 APR 2020 7:36PM by PIB Guwahati

ক’ভিড-১৯ৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধৰ সহায়ক হোৱাকৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ বিভাগৰ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে ই-নাম প্লেটফ’ৰ্মৰ কেতবোৰ নতুন বৈশিষ্ট আজি মুকলি কৰে৷ নতুনকৈ মুকলি কৰা বৈশিষ্টসমূহ হ’ল (১) ই-নাম ছফটৱেৰৰ পৰা পণ্যাগাৰভিত্তিক বাণিজ্যিক মডিউলৰ পৰা পণ্যাগাৰভিত্তিক ই-এনডব্লিউআৰলৈ সুবিধা (২) ই-নামত এফপিঅ’ ট্ৰেডিং মডিউল য’ত এফপিঅ’সকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী সংগ্ৰহ কেন্দ্ৰৰ পৰা এপিএমচিলৈ নিনিয়াকৈ ব্যৱসায় কৰিব পাৰিব৷

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি শ্ৰী নৰেন্দ্ৰ সিং টোমৰে ১৪ এপ্ৰিল ২০১৬ তাৰিখে মুকলি কৰা ই-নাম প’ৰ্টেলৰ জৰিয়তে ৰাজ্যসমূহৰ এপিএমচিৰ সৈতে ইয়াক সংযুক্ত কৰাৰ বিষয়ে উল্লেখ কৰে৷ ইতিমধ্যেই ই-নাম প’ৰ্টেলত ১৬খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৮৫খন বজাৰ সংযুক্ত কৰা আছে৷ তেওঁ কয় যে অতি শীঘ্ৰেই ই-নামে অতিৰিক্ত ৪১৫খন বজাৰ সামৰি ল’ব৷ তেওঁ কয় যে ই-নামৰ স্পৰ্শবিহীন ৰিমট নিলাম ব্যৱস্থা আৰু পৰিশোধৰ বাবে ম’বাইলভিত্তিক ব্যৱস্থাৰ বাবে বজাৰ অথবা বেংকলৈ যোৱাৰ প্ৰয়োজন নাই৷ ইয়াৰ জৰিয়তে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ সামাজিক ব্যৱধানো প্ৰতিপালন হ’ব বুলি তেওঁ উল্লেখ কৰে৷ আজি মুকলি কৰা বৈশিষ্টসমূহৰ জৰিয়তে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ কৃষকসকলে কাৰ্যকৰীভাবে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ উন্নত দামত বজাৰত বিক্ৰী কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে৷

মন্ত্ৰীগৰাকীয়ে কয় যে বজাৰসমূহে খাদ্য সামগ্ৰীসমূহৰ যোগান শৃংখল অব্যাহত ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ এই উদ্দেশ্য ই-নামত নিম্নোক্ত তিনিটা মডিউল সন্নিৱিষ্ট কৰা হৈছে৷

১. ই-নাম ছফটৱেৰত ‘‘মীমাংসাযোগ্য পণ্যাগাৰ ৰচিজ (ই-এনডব্লিউআৰ) মডিউল

ইয়াৰ সুবিধাসমূহ

ক) জমাকাৰীয়ে লজিষ্টিক ব্যয়ৰ পৰা ৰেহাই পাব আৰু উন্নত উপাৰ্জন কৰিব পাৰিব৷

খ) কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী উন্নত দামত সমগ্ৰ দেশতে বিক্ৰী কৰিব পাৰিব৷

গ) কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী ডব্লিউডিআৰএ অনুমোদিত পণ্যাগাৰত ৰাখি প্ৰয়োজন অনুসৰি ঋণৰ সুবিধা লাভ কৰিব৷

(ঘ) সময় আৰু স্থানৰ উপযোগিতা অনুসৰি যোগান আৰু চাহিদাৰ সাদৃশ্যকৰণৰ দ্বাৰা মূল্যৰ স্থায়ীত্বকৰণ৷

 

২. এফপিঅ’ ট্ৰেডিং মডিউল

ইয়াৰ সুবিধাসমূহ

ক) ইয়াৰ জৰিয়তে বজাৰসমূহৰ ভিৰ কম হোৱাই নহয় বৰঞ্চ এফপিঅ’সমূহৰ জটিলতাও হ্ৰাস হ’ব৷

খ) ইয়াৰ জৰিয়তে এফপিঅ’সকলৰ পৰিবহণ ব্যয় হ্ৰাস হ’ব৷

গ) ইজ অব্ ডুয়িং বিজনেছৰ সৈতে এফপিঅ’সমূহে অনলাইন পৰিশোধৰ সুবিধা লাভ কৰিব৷

 

৩. লজিষ্টিক মডিউলৰ মুকলি

ইয়াৰ সুবিধাসমূহ

ক) ইয়াৰ জৰিয়তে কৃষিজাত সামগ্ৰীসমূহৰ নিৰৱচ্ছিন্ন পৰিবহণ অব্যাহত থাকিব৷

খ) ইয়াৰ জৰিয়তে ই-নামৰ অধীনত আন্তঃৰাজ্যিক বাণিজ্যৰ সুবিধা বিকশিত হ’ব য’ত দূৰৈৰ ক্ৰেতাসকলে অনলাইনত পৰিবহণৰ সুবিধা লাভ কৰিব৷

*******

APS/PK/MS/BH/MANN



(Release ID: 1610491) Visitor Counter : 156