PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
प्रविष्टि तिथि:
02 APR 2020 6:25PM by PIB Guwahati
(ইয়াত সন্নিৱিষ্ট প্ৰেছ বিজ্ঞপ্তিসমূহ বিগত ২৪ ঘণ্টাৰ ক’ভিড-১৯ৰ জড়িত আৰু পিআইবিৰ দ্বাৰা পৰীক্ষিত)
ক’ভিড-১৯ সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ শেহতীয়া তথ্য
দেশত ক’ভিড-১৯ প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ বাবে ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰী শাসিত অঞ্চলৰ সৈতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ বৰ্তমানলৈকে ১৯৬৫জনৰ গাত ক’ভিড-১৯ থকাটো নিশ্চিত হোৱাৰ লগতে ৫০গৰাকীৰ মৃত্যু হৈছে৷ বিগত ২৪ ঘণ্টাত ৩২৮জনক নতুনকৈ আক্ৰান্ত আৰু ১২ জনৰ মৃত্যু হৈছে৷ ১৫১গৰাকী লোক সুস্থ হোৱাৰ বাবে হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে৷
https://pib.gov.in/PressReleseDetail.aspx?PRID=1610353
ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ প্ৰয়াসসমূহৰ বিষয়ে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ বিভিন্ন প্ৰয়াসসমূহৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হয়৷ প্ৰধানমন্ত্ৰীয়ে লক্-ডাউনৰ সময়ত ৰাজ্যসমূহে জনোৱা সমৰ্থনৰ বাবে ধন্যবাদ প্ৰদান কৰে৷ প্ৰত্যেকখন ৰাজ্যই ঐক্যৱদ্ধভাৱে ভাইৰাছবিধক প্ৰতিহত কৰিবলৈ যুদ্ধত নামি পৰা কাৰ্যক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ তেওঁ বিশ্বৰ পৰিস্থিতি সন্তোষজনক নহয় বুলি উল্লেখ কৰি কয় যে কিছুমান দেশত ভাইৰাছবিধে পুনৰ আক্ৰমণ কৰাৰ সম্ভাৱনা আছে৷
.https://pib.gov.in/PressReleasePage.aspx?PRID=1610246
কাইলৈ অৰ্থাৎ ৩ এপ্ৰিলৰ পুৱা ৯ বজাত প্ৰধানমন্ত্ৰীয়ে বিনিময় কৰিব এক ভিডিঅ’ বাৰ্তা
ক’ভিড-১৯ৰ সন্দৰ্ভত কাইলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপাল, লেফটেনেণ্ট গৱৰ্ণৰ আৰু প্ৰশাসকৰ সৈতে আলোচনা কৰিব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে
https://pib.gov.in/PressReleasePage.aspx?PRID=1610249
আৰোগ্যসেঁতুঃ এক বহপাক্ষিক সেঁতু
ক’ভিড-১৯ৰ বিৰুদ্ধে এক দৃঢ়বদ্ধ যুঁজৰ বাবে দেশৰ নাগৰিকক ঐক্যবদ্ধ কৰিবলৈ ভাৰত চৰকাৰে আজি চৰকাৰী আৰু ব্যক্তিগত অংশীদাৰিত্বত এটা মোবাইল এপ মুকলি কৰে৷ ‘আৰোগ্য সেতু’ নামৰ এপটোৱে ডিজিটেল ইণ্ডিয়া অভিযানৰ মাধ্যমেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ সুস্বাস্থ্য আৰু কল্যাণৰ হেতু কাম কৰিব৷ ইয়ে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা আতৰি থকাৰ ক্ষেত্ৰত জনসাধাৰণক সহায় কৰিব৷ এপছটোৱে আন ব্যক্তিৰ সৈতে জনসাধাৰণৰ মতবিনিময়ৰ ওপৰত ভিত্তি কৰি ব্লুটুথ প্ৰযুক্তি, গাণিতিক পৰিভাষা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে ইয়াক গণনা কৰিব৷https://pib.gov.in/PressReleasePage.aspx?PRID=1610301
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰণয়ন কৰা লক্-ডাউন উলংঘা কৰাৰ শাস্তিমূলক ব্যৱস্থা ৰাজহুৱাভাৱে প্ৰচাৰ কৰিবলৈ ৰাজ্যসমূহলৈ আহ্বান গৃহ মন্ত্ৰালয়ৰ
গৃহ মন্ত্ৰালয়ে প্ৰত্যেকখন ৰাজ্যলৈ পূৰ্বে এই লক্-ডাউন কঠোৰভাৱে বলৱৎ কৰিবলৈ তথা দুৰ্যোগ প্ৰশমন আইন, ২০০৫ৰ অধীনত ক্ষমতা ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাই পত্ৰ লিখিছিল৷
সেই বাৰ্তা পুনৰ দোহাৰি কেন্দ্ৰীয় গৃহ সচিব শ্ৰী অজয় কুমাৰ ভাল্লাই সকলো ৰাজ্যলৈ লক্-ডাউন উলংঘা কৰাৰ পৰিপ্ৰেক্ষিতত ডিএম আইন আৰু আইপিচিৰ অধীনত থকা শাস্তিমূলক ব্যৱস্থাসমূহ প্ৰাধিকৰণ আৰু জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছে৷ পত্ৰখনত লক্-ডাউন উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে৷
https://pib.gov.in/PressReleasePage.aspx?PRID=1610308
ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰণয়ন কৰা ২১ দিনীয়া লক্-ডাউনৰ সময়ছোৱাত পিএম-জিকেৱাইৰ হিতাধিকাৰীসকললৈ সুগম ধন আৱণ্টনৰ নিশ্চিতি প্ৰদান কৰিবলৈ ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰশাসনলৈ গৃহ মন্ত্ৰালয়ৰ পত্ৰ
ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰণয়ন কৰা ২১ দিনীয়া লক্-ডাউনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা (পিএম-জিকেৱাই)ৰ হিতাধিকাৰীসকলৰ বাবে ধন আৱণ্টনৰ বিশদ নিৰ্দেশনাৱলী বিত্ত মন্ত্ৰালয়ৰ বিত্ত সেৱা বিভাগে জাৰি কৰিছে৷
ক’ভিড-১৯ৰ লক্-ডাউনৰ পৰিপ্ৰেক্ষিতত তৃতীয় পক্ষৰ মটৰ বীমা আৰু স্বাস্থ্য পলিচীৰ গৰাকীসকললৈ চৰকাৰে প্ৰদান কৰিছে সকাহ
ক’ভিড-১৯ৰ লক্-ডাউনৰ পৰিপ্ৰেক্ষিতত চৰকাৰে তৃতীয় পক্ষৰ মটৰ বীমা আৰু স্বাস্থ্য পলিচীৰ গৰাকীলৈ সকাহ প্ৰদান কৰি এখন জাননী জাৰী কৰিছে৷ এই জাননী মৰ্মে ২৫ মাৰ্চ ২০২০ তাৰিখৰ পৰা ১৪ এপ্ৰিল ২০২০ তাৰিখলৈ পুনৰ নৱীকৰণৰ তাৰিখ থকা স্বাস্থ্য আৰু মটৰ বীমা পলিচীসমূহৰ পুনৰ নৱীকৰণৰ তাৰিখ ২১ এপ্ৰিল ২০২০ তাৰিখলৈ বৃদ্ধি কৰা হৈছে৷
https://pib.gov.in/PressReleseDetail.aspx?PRID=1610210
ক’ভিড-১৯ ৰ বাবে চলি থকা লকডাউন সত্ত্বেও শক্তি আৰু আন্তঃগাঁথনিৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী আৰু গুৰুত্বপূৰ্ণ পণ্যৰ বাবে ৰে’লবিভাগে সম্পূৰ্ণ সক্ৰিয় কৰি ৰাখিছে মালবাহী ৰে’লৰ চলাচল
ভাৰতীয় ৰে’লৱেই মালবাহী ৰে’ল সম্পূৰ্ণৰূপে চলাই আছে৷ বিগত তিনিটা দিনত বোজাই কৰা হ’ল ১৪৩৪৫৮ দবা মালবস্তু৷
.https://pib.gov.in/PressReleseDetail.aspx?PRID=1610226
ক’ভিড-১৯ ৰ লকডাউনৰ সময়ত অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ পৰিৱহণৰ ক্ষেত্ৰত পাৰ্চেল ৰে’ল গাড়ীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে
যোগান শৃংখল কাৰ্যক্ষম কৰি ৰাখিবলৈ ১০ টা পথেৰে সময়মতে পাৰ্চেল ৰে’ল গাড়ীৰ চলাচল হৈ আছে আৰু বিশেষ পাৰ্চেল ৰে’ল গাড়ীৰ বাবে ১৮ টা নতুন পথৰ সংযোজন কৰাৰ আঁচনি কৰা হৈছে। এতিয়ালৈকে ভাৰতীয় ৰে’ল বিভাগে সমগ্ৰ দেশৰ বিভিন্ন লক্ষ্যস্থান অভিমূখে পঠিয়াবলৈ ৩০ খন বিশেষ পাৰ্চেল ৰে’ল গাড়ীত সামগ্ৰী উঠাইছে।
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ জড়িত কৰিব প্ৰাক্তন কৰ্মচাৰীসকলক
ৰাজ্যিক সৈনিক বোৰ্ড, জিলা সৈনিক বোৰ্ডে ৰাজ্য আৰু জিলা প্ৰশাসনক সহায় কৰা লক্ষ্যৰে পাব্লিক আউটৰীচ্চ কাম-কাম, যেনে-চিনাক্তকৰণ, সামূহিক নিৰীক্ষণ, কোৱাৰেণ্টাইনৰ সুবিধা ইত্যাদি কামৰ ক্ষেত্ৰত অধিক পৰিমানে প্ৰাক্তন কৰ্মচাৰী নিয়োগ কৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷https://pib.gov.in/PressReleseDetail.aspx?PRID=1610111
‘এক্স-এনচিচি যোগদান’ কাৰ্যসূচীৰ অধীনত ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ ৰাষ্ট্ৰীয় কৰ্তব্য পালনৰ বাবে এনচিচিয়ে আগবঢ়ালে ইয়াৰ স্বেচ্ছাসেৱক কেডাৰ
ক’ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে দেশে চলাই থকা সংগ্ৰামত নেশ্যনেল কেডেট ক’ৰ্পছ চমুকৈ এনচিচিয়ে ইয়াৰ ‘এক্সাৰছাইজ এনচিচি যোগদান’ কাৰ্যসূচীৰ অধীনত কেডেটসকলৰ সেৱাৰ পৰিসৰ বৃদ্ধি কৰাৰ যোগেদি অসামৰিক প্ৰশাসনলৈ সহায়ৰ হাত আগবঢ়াইছে৷ https://pib.gov.in/PressReleseDetail.aspx?PRID=1610145
জনসাধাৰণৰ মাজত ভীতিগ্ৰস্ত পৰিবেশ ৰোধ কৰিবলৈ তথা ভাৰতত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ভুৱা বাতৰিসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য/কেন্দ্ৰশাসিত প্ৰশাসনলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পত্ৰ প্ৰেৰণ
উচ্চতম ন্যায়ালয়ে ভুৱা বাতৰিৰ দ্বাৰা সৃষ্ট ভীতিগ্ৰস্ত পৰিবেশৰ বাবে প্ৰব্ৰজিত শ্ৰমিকসকলৰ বৃহৎ গতিবিধি আৰু জনসাধাৰণে অকঠিত পীড়াদায়ক যন্ত্ৰণাৰ সন্মুখীন হোৱাটো পৰিলক্ষিত কৰিছে৷ ন্যায়ালয়ৰ এই পৰ্যৱেক্ষণৰ ভিত্তিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় এই ভুৱা বাতৰিসমূহৰ বিৰুদ্ধে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলো ৰাজ্য/কেন্দ্ৰশাসিত প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰে৷
পিআইবিৰ ক’ভিড-১৯ ফেক্ট চেক ইউনিট গঠন
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত প্ৰেছ ইনফ’ৰ্মেছন ব্যুৰ’ই ‘ক’ভিড-১৯ ফেক্ট চেক’ শীৰ্ষক এক প’ৰ্টেল মুকলি কৰিছে য’ত ইমেইল যোগে বাৰ্তা লাভ হ’ব আৰু ইয়াৰ উত্তৰ তাৎক্ষণিকভাৱে প্ৰদান কৰা হ’ব৷ প্ৰেছ ইনফ’ৰ্মেছন ব্যুৰ’ই প্ৰতিদিনে সন্ধিয়া ৮ বজাত এখন বুলেটিন প্ৰস্তুত কৰিব য’ত ক’ভিড-১৯ সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে উল্লেখ থাকিব৷
https://pib.gov.in/PressReleseDetail.aspx?PRID=1610111
‘লক ডাউন’ৰ সময়চোৱাত সমগ্ৰ দেশতে খাদ্য দ্ৰব্যৰ যোগান নিয়মীয়া কৰি ৰখাৰ বাবে এফচিআইৰ তত্পৰতা
দেশত অব্যাহত ‘লক ডাউন’ৰ সময়চোৱাতো চাউল আৰু ঘেহুৰ যোগান নিয়মীয়া ৰূপত অব্যাহত ৰখাৰ বাবে ‘ভাৰতীয় খাদ্য নিগম’-এফচিআই-য়ে বিশেষ তত্পৰতা গ্ৰহণ কৰিছে। এই পৰ্যন্ত ৩৫২টা ৰেকত ৯.৮৬লাখ মেট্ৰিক টন খাদ্য সামগ্ৰীৰ প্ৰেৰণ কৰিছে নিগমে।
https://pib.gov.in/PressReleseDetail.aspx?PRID=1610089
ক’ভিড-১৯ৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ আৰু প্ৰস্তুতিৰ পৰ্যালোচনা ডা০ হৰ্ষ বৰ্ধনৰ
স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰীয়ে আইএমমএৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সযোগে ৰোগীৰ বিচনা, আছুতীয়া কক্ষ, উন্নতমানৰ পৰীক্ষাৰ বাবে গৱেষণাগাৰৰ প্ৰস্তুতি ইত্যাদি দিশবোৰ পৰ্যালোচনা কৰে৷. https://pib.gov.in/PressReleseDetail.aspx?PRID=1610003
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ লকডাউন ব্যৱস্থা সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিবলৈ অনুৰোধ গৃহ মন্ত্ৰালয়ৰ
কেন্দ্ৰীয় গৃহ সচিবে মুখ্য সচিব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকক লকডাউন ব্যৱস্থা মনেপ্ৰাণে বলবৎ কৰিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছে
.https://pib.gov.in/PressReleseDetail.aspx?PRID=1610032
শিক্ষাৰ্থীৰ প্ৰমোচন আৰু বোৰ্ড পৰীক্ষাৰ সন্দৰ্ভত চিবিএছইৰ নিৰ্দেশনা
চিবিএছইয়ে প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈকে সকলো শিক্ষাৰ্থীক পৰৱৰ্তী শ্ৰেণীৰ উত্তীৰণ কৰাই দিবৰ বাবে নিৰ্দেশ জাৰি কৰিছে৷ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বিদ্যালয় ভিত্তিক মুল্যায়নৰ ওপৰত নিৰ্ভৰ কৰিব উত্তীৰ্ণ কৰাবলৈ জনাইছে৷ ২৯টা গুৰুত্বপূৰ্ণ বিষয়তহৈ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷https://pib.gov.in/PressReleseDetail.aspx?PRID=1610062
লকডাউনৰ সময়ছোৱাত অভাৱী লোকসকলক খাদ্য প্ৰদান অব্যাহত ৰাখিব ভাৰতীয় ৰেলৱে’ই
ভাৰতীয় ৰেলৱে’ই অভাৱী লোকসকলক ২৮মাৰ্চৰ পৰা প্ৰায় ১.৪ লাখ ৰন্ধা খাদ্য বিতৰণ কৰিছে
https://pib.gov.in/PressReleseDetail.aspx?PRID=1609963
‘জেএনচিএএছআৰ’-য়ে বিকশিত কৰা বকলাৰে ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ সম্ভাৱনা
জেএনচিএএছআৰে বিকশিত কৰা এটা পৰ্যায়ত ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা এবিধ ‘এণ্টি মাইক্ৰবিয়েল কোটিং’ বা বিজাণুনাশক বকলাই কাপোৰ, প্লাষ্টিক আদিৰ দৰে সামগ্ৰীৰ উপৰিভাগত থিতাপি লোৱা ক’ভিড-১৯ৰ দৰে বিভিন্ন প্ৰকাৰৰ ভাইৰাছক মাৰিব পাৰে।
https://pib.gov.in/PressReleseDetail.aspx?PRID=1609970
দেশৰ দুৰ্গম অঞ্চললৈ চিকিৎসা যোগান প্ৰেৰণ কৰিলে কাৰ্গো বিমানে
লাইফলাইন উড়ান বিমানসমূহে ৭০,০০০ কিলোমিটাৰ আকাশী পথৰ দূৰত্ব সামৰি লৈছে আৰু এই পৰ্যন্ত ৩৮ টন কাৰ্গো পৰিবহন কৰিছে।
https://pib.gov.in/PressReleseDetail.aspx?PRID=1610065
ক’ভিড-১৯ ৰ মানসিক-সামাজিক প্ৰভাৱ সন্দৰ্ভত সমাজৰ মনোভাৱ মূল্যায়ণ কৰিবলৈ অন-লাইন প্ৰশ্নাৱলী মুকলি কৰিলে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নেশ্যনেল বুক ট্ৰাষ্টে
https://pib.gov.in/PressReleseDetail.aspx?PRID=1610307
পৰ্যটন মন্ত্ৰালয়ে বিগত দুদিনত ‘ভাৰতত আৱদ্ধ’ শীৰ্ষক পৰ্টেলযোগে বিদেশী পৰ্যটকক সহায় সম্পৰ্কীয় পাঁচ শতাধিক প্ৰশ্ন/অনুৰোধ লাভ কৰিছে
https://pib.gov.in/PressReleseDetail.aspx?PRID=1610303
ডাক ব্যৱস্থাৰ জৰিয়তে লেনদেন
লকডাউনৰ সময়ত ৩১.০৩.২০২০ লৈকে পোষ্ট অফিচ ছেভিংছ বেংক(পিঅ’এছবি) আৰু ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক (আইপিপিবি)ৰ জৰিয়তে ক্ৰমে ৩৪লাখ আৰু ৬.৫ লাখ লেনদেন কৰা হৈছে৷.https://pib.gov.in/PressReleseDetail.aspx?PRID=1609989
ক’ভিড-১৯ৰ ভাবুকি ৰুধিবলৈ পিএম-কেয়াৰ্ছ পুঁজিলৈ এনচিডিচি আৰু ইণ্ডিয়ান পটাছ লিমিটেডৰ যুটীয়াভাৱে আগবঢ়ালে ১১ কোটি টকা
https://pib.gov.in/PressReleseDetail.aspx?PRID=1610072
ফেক্ট চেক #Covid19



(रिलीज़ आईडी: 1610468)
आगंतुक पटल : 189