স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতীয় মেডিকেল সংস্থাৰ সৈতে ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯)ৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ আৰু প্ৰস্তুতিৰ পৰ্যালোচনা ডা০ হৰ্ষ বৰ্ধনৰ

একতা, সঠিক পদক্ষেপ, উদ্যম আৰু পেচাদাৰিত্ব হৈছে ক’ভিড-১৯ৰ বিৰু্ধে জয়ৰ আহিলাঃ ডা০ হৰ্ষ বৰ্ধন

Posted On: 01 APR 2020 7:00PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী ডা০ হৰ্ষ বৰ্ধনে ভিডিঅ’ কনফাৰেন্সিংযোগে ভাৰতীয় মেডিকেল সংস্থা(আইএমএ) আৰু ইয়াৰ ৰাজ্যিক শাখাসমূহৰ জ্যেষ্ঠ সদস্যবৃন্দৰে ক’ভিড-১৯ৰ সন্দৰ্ভত সংশ্লিষ্ট চিকিসা কৰ্মীয়ে হাতত লোৱা প্ৰস্তুতিৰ পৰ্যালোচনা কৰে৷ এই উপলক্ষে তেওঁলোকক দেশৰ শেহতীয়া পৰিস্থিতি, বিভিন্ন নিৰ্দেশনা, চিকিসা আৰু প্ৰ’টকলৰ বিষয়ে অৱগত কৰা হয়৷ দিল্লী, কেৰালা, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, অৰুণাচল প্ৰদেশ, তামিলনাডু, পাঞাৱ, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান, মিজোৰাম, কৰ্ণাটক, মনিপুৰ, অসম, ওড়িশা, গুজৰাট, চণ্ডীগড়, তেলেংগানা আৰু উত্তৰাখণ্ডৰ চিকিসকসকলে এই কনফাৰেন্সত অংশগ্ৰহণ কৰে৷

 

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰসমূহৰ সৈতে সহযোগিতাৰে ক’ভিড-১৯ প্ৰতিৰোধ কৰাৰ বাবে উচ্চ পৰ্যায় নিৰীক্ষণ ব্যৱস্থা আৰু বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ তেওঁ লগতে প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰালয়/বিভাগ আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সংশ্লিষ্ট শীৰ্ষ বিষয়াসকলৰ সৈতে নিয়মীয়াকৈ পৰিস্থিতি নিৰীক্ষণৰ লগতে পৰ্যালোচনা কৰি থকা বুলিও জনায়৷

 

ডা০ হৰ্ষ বৰ্ধনে ৰোগীৰ বিচনা, আছুতীয়া কক্ষ, উন্নতমানৰ পৰীক্ষাৰ বাবে গৱেষণাগাৰৰ প্ৰস্তুতি ইত্যাদি দিশবোৰ পৰ্যালোচনা কৰে৷ তেওঁ আইএমএ আৰু ইয়াৰ আঞ্চলিক সদস্যবৃন্দক ৰাজ্য, জিলা আৰু স্থানীয় পৰ্যায়ত চৰকাৰী ব্যৱস্থাক সক্ৰিয়ভাৱে সহায় কৰিবলৈ এক টাস্ক ফৰ্চ গঠন কৰিবলৈ কয়৷ তেওঁ লগতে কয় যে এগৰাকী চিকিসা বৃত্তিৰ লোক হিচাপে এখন সমাজৰ তৃণমুল পৰ্যায়ৰ লোকসকলক শুদ্ধ তথ্য তথা জ্ঞান প্ৰদানত তেওঁলোকৰ যথেষ্ট ভূমিকা আছে৷ তেওঁ কয়, দেশৰ বৃহত্তৰ স্বাৰ্থত লকডাউন সক্ৰিয় আৰু দায়বদ্ধভাৱে সফল কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰে আপোনালোকে চৰকাৰক সহায় কৰিব পাৰে৷

চিকিসা খণ্ডৰ সৈতে জড়িত বিভিন্ন বৃত্তিৰ লোকসকলক প্ৰশংসা কৰি ডা০ হৰ্ষ বৰ্ধনে কয় যে ক’ভিড-১৯ৰ ভয়াবহতা দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰে সৈতে সকলোৱে একেলগে কাম কৰিব লাগিব৷ বিগত ৩ মাহত চিকিসা কৰ্মীসকলে ক’ভিড-১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত দেখুওৱা ধৈৰ্যৰ বাবে তেওঁলোকক লৈ দেশবাসী গৌৰৱান্বিত বুলি কয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে৷ চৰকাৰ আপোনালোকৰ কাষত সদায়েই আছেবুলি সদৰি কৰি তেওঁ দেশত ভিড-১৯ৰ মোকাবিলা কৰাৰ বাবে ব্যক্তিগত চিকিসক আৰি হাস্পতালৰ দ্বাৰা চৰকাৰৰ সৈতে কৰি থকা বিভিন্ন সহযোগিতামুলক পদক্ষেপৰো প্ৰশংসা কৰে৷ তেওঁ পুনৰ দেশবাসীক জনায় যে চিকিসক তথা স্বাস্থ্যকৰ্মীসকলক বহিস্কৃত কৰা তথা লক্ষ্য হিচাপে নল, বৰঞ্চ তেওঁলোকে জনসাধাৰণৰ বাবে কৰা কামৰ প্ৰশংসাহে কৰিব লাগে৷  তেওঁ কয় যে ভিড-১৯ৰ মোকাবিলা কৰাৰ বাবে চিকিসক নাৰ্ছ, স্বাস্থ্যকৰ্মীসকল সন্মান, সমৰ্থন আৰু ধন্যবাদৰ পাত্ৰ৷

ডা০ হৰ্ষ বৰ্ধনে লগতে টেলিমেডিচিনৰ ক্ষেত্ৰত প্ৰকাশিত নিৰ্দেশনাৰ সন্দৰ্ভত কয় যে চিকিসকলে টেলিফোনতে পৰামৰ্শ আৰু ডিজিটেল প্ৰেছক্ৰিপচন দিব পাৰিব, যাৰ দ্বাৰা ৰোগীয়ে ঘৰতে দৰৱ লাভ কৰিব আৰু লকডাইনৰ সময়ত ঘৰতে সুৰক্ষিত থাকিব পাৰিব৷

তেওঁ ক’ভিড-১৯ৰ সংক্ৰমণ ৰুধিবলৈ সকলোকে লকডাউনৰ প্ৰতি সন্মান জনাই ব্যক্তিগত পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু কোৱাৰেণ্টাইনত থকাসকলক সকলো নিৰ্দেশনা সঠিকভাৱে পালন কৰিবলৈ আহ্বান জনায়৷ তেওঁ সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ তথা প্ৰয়োজনমতে ঘৰৰ পৰাই যিকোনো কাম কৰিবলৈ আহ্বান জনায়৷

****

MV/MR/DB



(Release ID: 1610263) Visitor Counter : 107