কৃষি মন্ত্ৰালয়

পিএম-কেয়াৰ্ছ পুঁজিলৈ এনচিডিচি আৰু ইণ্ডিয়ান পটাছ লিমিটেডৰ অৱদান হিচাপে ১১ কোটি টকাৰ চেক আগবঢ়ালে কেন্দ্ৰীয় কৃষিমন্ত্ৰী শ্ৰী টোমৰে

ক’ভিড-১৯ ৰ শংকা আঁতৰাবলৈ কৃষি মন্ত্ৰালয়ৰ অধীনৰ প্ৰতিষ্ঠানসমূহে নিয়মিতভাৱে আগবঢ়াইছে সহায়ৰ হাত

Posted On: 01 APR 2020 8:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বান সাপেক্ষে ক’ভিড-১৯ প্ৰতিহত কৰাৰ বাবে নেশ্যনেল কোঅপাৰেটিভ ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন চমুকৈ এনচিডিচি আৰু ইণ্ডিয়ান পটাছ লিমিটেডে যুটীয়াভাৱে প্ৰধানমন্ত্ৰী-কেয়াৰ্ছ পুঁজিলৈ ১১ টকাৰ এক অনুদান আগবঢ়াইছে। এনচিডিচিৰ পৰিচালন সঞ্চালক শ্ৰী সন্দীপ কুমাৰ নায়কে আজি নতুন দিল্লীত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ, গ্ৰামোন্নয়ণ আৰু পঞ্চায়তী ৰাজ দপ্তৰৰ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰৰ হাতত এখন ১১ কোটি টকাৰ চেক অৰ্পন কৰে।

উল্লেখ্য যে এনচিডিচিয়ে বিভিন্ন সমবায়ৰ মাধ্যমেৰে গাওঁবাসীলৈ বিত্তীয় সাহায্য আগবঢ়াই আহিছে। বিগত বিত্ত বৰ্ষতো এই এনচিডিচিয়ে কৃষক আৰু গ্ৰামীণ জনসাধাৰণলৈ ৩০০০০ কোটি টকাৰ ঋণ আগবঢ়াইছিল।

ইতিমধ্যেই পিএম-কেয়াৰ্ছ পুঁজিলৈ সাহায্য আগবঢ়াবৰ বাবে মন্ত্ৰী শ্ৰী টোমৰৰ হাতত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ বিভিন্ন কোম্পানী আৰু প্ৰতিষ্ঠানসমূহে কেবাকোটি টকাৰ অনুদান আগবঢ়াইছে।

ইফালে মন্ত্ৰী টোমৰে নিজেও তেওঁৰ সাংসদ পুঁজিৰ পৰা ১ কোটি টকা আৰু নিজৰ এমাহৰ দৰমহাও এই প্ৰধানমন্ত্ৰী পুঁজিলৈ আগবঢ়াইছে। ইয়াৰ উপৰিও তেওঁৰ গৃহ সমষ্টি মোৰেনা-ছেওপুৰৰ বিভিন্ন কামৰ বাবেও ৫০ লাখ টকা অনুদান হিচাপে আগবঢ়াইছে।

*****

APS/PK/MS/RD



(Release ID: 1610214) Visitor Counter : 86