গৃহ মন্ত্ৰালয়

জনসাধাৰণৰ মাজত ভীতিগ্ৰস্ত পৰিবেশ ৰোধ কৰিবলৈ তথা ভাৰতত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ভুৱা বাতৰিসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য/কেন্দ্ৰশাসিত প্ৰশাসনলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পত্ৰ প্ৰেৰণ

Posted On: 02 APR 2020 10:09AM by PIB Guwahati

উচ্চতম ন্যায়ালয়ে ভুৱা বাতৰিৰ দ্বাৰা সৃষ্ট ভীতিগ্ৰস্ত পৰিবেশৰ বাবে প্ৰব্ৰজিত শ্ৰমিকসকলৰ বৃহৎ গতিবিধি আৰু জনসাধাৰণে অকঠিত পীড়াদায়ক যন্ত্ৰণাৰ সন্মুখীন হোৱাটো পৰিলক্ষিত কৰিছে৷

ন্যায়ালয়ৰ এই পৰ্যৱেক্ষণৰ ভিত্তিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সচিব শ্ৰী অজয় কুমাৰ ভাল্লাই এই ভুৱা বাতৰিসমূহৰ বিৰুদ্ধে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলো ৰাজ্য/কেন্দ্ৰশাসিত প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰে৷ পত্ৰখনত ভাৰত চৰকাৰে তথ্যসমূহৰ সত্যানুসত্য প্ৰমাণৰ বাবে এক ৱেব-প’ৰ্টেল মুকলি কৰা বুলি জানিবলৈ দিয়ে৷ ৰাজ্য/কেন্দ্ৰশাসিত প্ৰশাসনকো তেওঁলোকৰ পৰ্যায়ত সদৃশ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হয়৷

উচ্চতম ন্যায়ালয়ে এনডিএমএ/এমএইচএৰ সঞ্চালকৰ সৈতে প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে প্ৰাথমিক সুবিধাসমূহ যেনে খাদ্য, ঔষধ তথা সাহায্য শিবিৰসমূহত অন্যান্য কল্যাণমূলক কাৰ্যকলাপ ইত্যাদিৰ নিশ্চিতিও পৰ্যৱেক্ষণ কৰিছে৷ দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য/কেন্দ্ৰশাসিত প্ৰশাসনক কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা জাৰী কৰা পত্ৰ অনুসৰি সঞ্চালকালয়/পৰামৰ্শৱলী/নিৰ্দেশাৱলীসমূহৰ অনুপালন কৰিবলৈ আহ্বান জনোৱা হৈছে৷

 

ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলৰসমূহৰ সৈতে যোগাযোগসমূহ চাবলৈ ইয়াত ক্লিক কৰক

 

*****

VG/SNC/VM/MANN



(Release ID: 1610168) Visitor Counter : 171