যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

লকডাউনৰ সময়ত বৰ্তমানলৈকে পিঅ’এছবি আৰু আইপিপিবিৰ জৰিয়তে ক্ৰমে ৩৪ লাখ আৰু ৬.৫লাখ লেনদেন কৰা হৈছে

Posted On: 01 APR 2020 6:34PM by PIB Guwahati

লকডাউনৰ সময়ত ৩১.০৩.২০২০ লৈকে পোষ্ট অফিচ ছেভিংছ বেংক(পিঅ’এছবি) আৰু ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক (আইপিপিবি)ৰ জৰিয়তে ক্ৰমে ৩৪লাখ আৰু ৬.৫ লাখ  লেনদেন কৰা হৈছে৷

ইতিমধ্যে ২ লাখ ৰেজিষ্টাৰ নথি-পত্ৰৰ স্পীড পোষ্ট, পাৰ্চেল আৰু মানি অৰ্ডাৰ বিভিন্ন ঠাইত প্ৰদান কৰা হৈছে৷ কেৰালা, তেলেংগানা, উত্তৰপ্ৰদেশ, দিল্লী আৰু অন্যান্য চাৰ্কোলত চলন্ত ডাকঘৰৰ জৰিয়তে কাৰ্যসম্পাদন কৰি অত্যাৱশ্যকীয় ডাক আৰু বিত্তীয় সেৱা আগবঢ়াই আহিছে৷

 

বিভিন্ন সংস্থাৰ অনুৰোধ মৰ্মে সমগ্ৰ দেশৰ নিৰ্বাচিত এলেকাত কাৰ্গ’ এয়াৰলাইনছ আৰু বিভাগটোৰ নিজা বাহনেৰে ডাক বিভাগে ভেণ্টিলেটৰছ, ক’ভিড-১৯ টেষ্ট কীট আৰু অন্যান্য চিকিসা সঁজুলি পৰিবহণ কৰি আছে৷ ৰাজ্যিক কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক ৰাখি এই সেৱা আগবঢ়ায় থকা হৈছে৷ ডাক নেটৱৰ্কৰ জৰিয়তে পুডুচেৰীৰ পৰা ওড়িশা ৰাজ্যিক চিকিসা নিগম আৰু গুজৰাট ৰাজ্যিক চিকিসা নিগমলৈ সামগ্ৰী সৰবৰাহ কৰা হৈছে৷ netmeds.com আৰু আমাজনৰ দৰে ই-বাণিজ্য মঞ্চইও মেট্ৰ’ আৰু অন্যান্য কেতবোৰ স্থানত ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত ডাকঘৰৰ সহায় লৈছে৷

তেলেংগানা চাৰ্কোলে চিকিসা সামগ্ৰী বিতৰণৰ বাবে স্বাস্থ্য বিভাগৰ সৈতে চুক্তিবদ্ধ হৈছে৷ গুজৰাট চাৰ্কোলে ছুৰাট, ভৰুচ, ভালছাদ, ৰাজকোট, জয়পুৰ, পুনে আৰু কলকাতাত অত্যাৱশ্যকীয় চিকিসা সামগ্ৰী সৰবৰাহ কৰাৰ বাবে ভাৰতীয় ঔষধ প্ৰস্তুত সংস্থা(আইডিএমএ)ৰ সৈতে সহযোগিতাৰে কাম কৰিছে৷

 

ঔষধসমূহ পথ পৰিবহণৰ জৰিয়তে কলকাতাৰ পৰা শিলিগুৰি, ৰাঁচী আৰু পাটনালৈ সৰবৰাহ কৰা হৈছে৷ গংগা স্বৰূপ যোজনাৰ অধীনত গুজৰাট চৰকাৰে গুজৰাট ডাক চাৰ্কোলৰ জৰিয়তে গাঁৱে-ভূঁঞে থকা বিধবা লোকসকলক পেন্সনৰ ধন প্ৰদানৰ প্ৰচেষ্টা হাতত লৈছে৷ ইতিমধ্যে ৪লাখ পোষ্ট অফিচ ছেভিংছ বেংক একাউণ্টত ৩ এপ্ৰিলৰ পৰা এই ধন প্ৰদান কৰাৰ বাবে ৫১ কোটি টকা জমা কৰা হৈছে৷ তেলেংগানা চৰকাৰেও বৃদ্ধ, শাৰীৰিকভাৱে অক্ষম আৰু বিধবাসকলক পেন্সন প্ৰদান কৰাৰ বাবে এএছএআৰএ আঁচনিৰ অধীনত তেলেংগানা চাৰ্কোলৰ জৰিয়তে ৫০৯ কোটি টকা বিতৰণ কৰিব৷

 

বিভিন্ন লোকৰ অনুৰোধত চাৰ্কোলসমূহে পঞ্চায়ত সচিব, টেলিমেডিচিন চেণ্টাৰ, গাঁৱৰ বিষয়া আৰু স্বাস্থ্য পৰিদৰ্শককে ধৰি ব্যক্তিগত গ্ৰাহকৰ টেলিগ্ৰাম গ্ৰুপ আৰু হেল্পলাইন নম্বৰৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে৷ বিভাগে টুইটাৰযোগে এই চিকিসা আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰাৰ বাবে বহুতো অনুৰোধ লাভ কৰিছে৷ এই অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি অতি কম সময়ৰ ভিতৰতে সেৱা আগবঢ়োৱাৰ সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব বুলি জনাইছে৷

****

RJ/NG/DB



(Release ID: 1610159) Visitor Counter : 132