বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

বৈদেশিক বাণিজ্য নীতি ২০১৫-২০২০ৰ ম্যাদ এবছৰলৈ বৃদ্ধি

অন্যান্য তাৎক্ষণিক সাহায্যমুলক ব্যৱস্থা ঘোষণা

Posted On: 31 MAR 2020 8:53PM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে আজি ভাৰত চৰকাৰৰ বৈদেশিক বাণিজ্য নীতি(এফটিপি)ৰ কেতবোৰ সাল-সলনি ঘোষণা কৰিছে৷ ২০১৫ৰ ১ এপ্ৰিলৰ পৰা ২০২০ৰ ৩১ মাৰ্চলৈকে ৫ বছৰৰ বাবে ঘোষণা কৰা এই বৈদেশিক বাণিজ্য নীতি ক’ভিড-১৯ৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰপ্তানি বৃদ্ধি আঁচনিৰ অধীনত সাহায্য বাহাল ৰখাৰ সিদ্ধান্তৰে মন্ত্ৰালয়ে ২০২১ৰ ৩১ মাৰ্চলৈ ম্যাদ বৃদ্ধি কৰে৷ বাণিজ্য আৰু উদ্যোগৰ প্ৰতি সমৰ্থন জনাই কেতবোৰ সাহায্যমুলক ব্যৱস্থাও ঘোষণা কৰা হৈছে৷ এই বৈদেশিক বাণিজ্য নীতিত কৰা সাল-সলনিৰ মুল দিশবোৰ হৈছেঃ

১৷৩১ মাৰ্চ, ২০২০লৈকে অন্ত পৰা বৰ্তমানৰ বৈদেশিক বাণিজ্য নীতি বাহাল ৰাখি ইয়াৰ ম্যাদ আৰু এবছৰলৈ বৃদ্ধি কৰা হৈছে৷ হেণ্ড বুক পদ্ধতিৰ ম্যাদ বৃদ্ধিৰে এই আনুষংগিক পদ্ধতিৰ ম্যাদো বৃদ্ধি কৰা হৈছে৷

২৷পৰৱৰ্তী ১২ মাহলৈ সকলো ৰপ্তানি বৃদ্ধি আঁচনিৰ(এছইআইএছক বাদ দি) তথা অন্যান্য আঁচনিৰ সা-সুবিধা লাভ কৰি থাকিব৷ এছইআইএছ বাহাল ৰখাৰ সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰি পৰৱৰ্তী পৰ্যায়ত জাননী জাৰি কৰা হ’ব৷

৩৷একেদৰে, ষ্টেটাছ হোল্ডাৰ চাৰ্টিফিকেটৰ ম্যাদ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ জৰিয়তে ষ্টেটাছ হোল্ডাৰে বিশেষ সা-সুবিধা লাভ কৰিব থাকিব৷

৪৷ অগ্ৰিম/ইপিচিজি স্বীকৃতিৰ অধীনত আমদানিৰ ক্ষেত্ৰত প্ৰদান কৰিবলগীয়া আইজিএছটি তথা ক্ষতিপুৰণ উপকৰ আৰু ইঅ’ইউ ইত্যাদি ৰেহাইৰ ম্যাদো ২০২১ৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে৷

৫৷ বিশেষ কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত পৰিবহণ বিপণন সাহায্য প্ৰদান আঁচনিৰ ম্যাদো এবছৰলৈ বৃদ্ধি কৰা হৈছে৷

৬৷ ০১.০২.২০২০ আৰু ২১.০৭.২০২০ত ম্যাদ শেষ হ’বলগীয়া এএ/ডিএফআইএ/ইপিচিজিৰ দৰে আমদানি কৰ্তৃত্বপ্ৰাপ্ত বিভিন্ন শুল্ক ৰেহাইভিত্তিক আঁচনিৰ অধীনত কৰা আমদানিৰ ক্ষেত্ৰত প্ৰয়োজনীয় নথি অবিহনেই পৰৱৰ্তী ছমাহলৈ এই ম্যাদ স্বয়ংক্ৰিয়ভাৱে বৃদ্ধিৰ অনুমতি প্ৰদান কৰা হৈছে৷

৭৷ সেইদৰে ০১.০২.২০২০ আৰু ২১.০৭.২০২০ত ম্যাদ শেষ হ’বলগীয়া বিভিন্ন ৰপ্তানি কৰ্তৃত্বপ্ৰাপ্ত ব্যৱস্থাৰ অধীনত কৰা ৰপ্তানিৰ ক্ষেত্ৰতো কোনো মাছুল প্ৰদান নকৰাকৈ পৰৱৰ্তী ছমাহলৈ এই ম্যাদ স্বয়ংক্ৰিয়ভাৱে বৃদ্ধিৰ অনুমতি প্ৰদান কৰা হৈছে৷

৮৷ বিভিন্ন শুল্ক ক্ৰেডিট ক্ৰিপৰ ম্যাদ(এমইআইএছ/এছইআএছ/আৰঅ’এছচিটিএল) তথা অন্যান্য কৰ্তৃত্বপ্ৰাপ্তৰ বাবে আবেদনৰ অন্তিম সময়সীমাও বৃদ্ধি কৰা হৈছে৷

৯৷ নিৰ্ধাৰিত তাৰিখৰ পাছত কোনো আবেদন দাখিল কৰিলে, বিলম্ব হোৱাৰ বাবে কোনো মাছুল আদায় দিয়াৰ পৰা ৰেহাই দিয়া হৈছে৷

১০৷ ইঅ’ইউ, এছটিপি/ইএইচটিপি/বিটিপি গোটৰ অনুমোদনৰ ক্ষেত্ৰত অনুমতি পত্ৰ/আগ্ৰহ পত্ৰৰ বৈধতাও ২০২০ৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে৷

১১.  টিইডি/ড্ৰ’বেক, পৰিবহণ আৰু বিপণন সাহায্য ঘুৰাই বিচাৰি কৰা আবেদনৰ অন্তিম সময়সীমাও বৃদ্ধি কৰা হৈছে৷

১২৷ বৈদেশিক বাণিজ্য নীতিৰ বিভিন্ন ব্যৱস্থাৰ অধীনত বিভিন্ন প্ৰতিবেদন/ৰিটাৰ্ণ দাখিল কৰাৰ সময়ো বৃদ্ধি কৰা হৈছে৷

******

YB/AP/DB



(Release ID: 1609917) Visitor Counter : 493


Read this release in: English , Hindi , Bengali , Tamil