বিত্ত মন্ত্ৰালয়
জি২০ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকসমূহৰ গৱৰ্ণৰৰ ২য় অতি বিশেষ ভাৰ্ছুৱেল বৈঠকত অংশগ্ৰহণ ভাৰতৰ বিত্তমন্ত্ৰীৰ
प्रविष्टि तिथि:
31 MAR 2020 8:15PM by PIB Guwahati
কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি জি২০ দেশসমূহৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকসমূহৰ গৱৰ্ণৰসকলৰ ২য় অতি বিশেষ বৈঠকত অংশগ্ৰহণ কৰে। বিশ্ব অৰ্থনীতিত ক’ভিড-১৯ ৰ প্ৰভাৱ আৰু এই বৈশ্বিক প্ৰত্যাহ্বানৰ কেনেদৰে মুখামুখি হ’ব লাগিব সেই সন্দৰ্ভত বিতংকৈ আলোচনা কৰিবৰ বাবে ছৌদি আৰবীয়ান প্ৰেছিডেন্সিৰ অধীনত আয়োজন কৰা হৈছিল এই বিশেষ বৈঠক।
বিত্তমন্ত্ৰী সীতাৰমণে ছৌদি প্ৰেছিডেন্সিক এনে গুৰুত্বপূৰ্ণ বৈঠকসমূহৰ আয়োজন কৰা বাবে প্ৰসংশা কৰে। উল্লেখ্য যে এই বৈঠকসমূহে জি২০ ৰ সদস্য ৰাষ্ট্ৰসমূহক কেৱল তেওঁলোকৰ নিজস্ব অভিজ্ঞতা বিনিময়ৰেই সুযোগ প্ৰদান নকৰে, বৰঞ্চ অধিক উন্নন সমন্বয়েৰে কাম কৰাৰো সুযোগ প্ৰদান কৰে।
জি২০ দেশসমূহৰ বিত্তমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় বেংকসমূহৰ গৱৰ্ণৰসকলে বিগত ২৩ মাৰ্চ, ২০২০ তাৰিখে অনুষ্ঠিত হোৱা প্ৰথমখন বিশেষ ভাৰ্ছুৱেল G20 FMCBG বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছিল যে এই ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধ তথা ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰিবৰ বাবে আৰু বজাৰ আৰু অৰ্থনৈতিক পৰিস্থিতিৰ ওপৰত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত এনেদৰে ভাৰ্ছুৱেল বৈঠক নিয়মিতভাৱে আয়োজন কৰা হ’ব। এই বৈঠকসমূহত এই মহামাৰীৰ প্ৰকোপ চলি থকা আৰু তাৰ পিছৰ পৰ্যায়ত কেনেদৰে অৰ্থনৈতিক দিশবোৰৰ উত্থান আনিব পৰা যাব সেই বিষয়েও আলোচনা কৰা হ’ব। এই বৈঠকৰ আয়োজন কৰা হৈছিল প্ৰথমখন ভাৰ্ছুৱেল বৈঠকত আলোচিত বিষয়বোৰৰ অগ্ৰগতিৰ বুজ লোৱাৰ উপৰিও ২৬ মাৰ্চ ২০২০ তাৰিখে অনুষ্ঠিত জি২০ ভাৰ্ছুৱেল লীডাৰ্ছ সন্মিলনত জি২০ ৰ নেতাসকলে প্ৰদান কৰা বিবৃতিৰ অগ্ৰগতি বুজ লোৱাৰ উদ্দেশ্যে। এই সন্মিলনকালত নেতাসকলে জি২০ দেশৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকসমূহৰ গৱৰ্ণৰসকলক প্ৰাসঙ্গিক আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ সহযোগিতাৰে ক’ভিড ১৯ ৰ প্ৰতিৰোধৰ বাবে এক জি২০ কাৰ্যপ্ৰণালী পৰিকল্পনা উত্থাপন কৰাৰ দায়িত্ব দিছিল।
শ্ৰীমতী সীতাৰমণে এই প্ৰস্তাৱিত জি২০ কাৰ্যপন্থা পৰিকল্পনাখনলৈ সমৰ্থন আগবঢ়াইছে আৰু গুৰুত্বসহকাৰে মন্তব্য কৰিছে যে এনে পদক্ষেপে প্ৰচুৰ পৰিমাণে শিক্ষণ-শিকনৰ লগতে জটিল অন্তৰ্দৃষ্টি লাভ কৰাৰ সুযোগ প্ৰদান কৰে। জি২০ নেতাসকলৰ বিবৃতিৰ আঁত ধৰি নিয়ামক আৰু তদাৰকী ব্যৱস্থাসমূহৰ কথা উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে অৰ্থনীতিলৈ সমৰ্থন আগবঢ়াবৰ বাবে তথা তাৎক্ষণিক পুনৰুত্থান অনাৰ ক্ষেত্ৰত বিত্তীয় ব্যৱস্থাৰ সুস্থিৰতাৰ গুৰুত্বৰ বিষয়ে কয়।
বিত্তমন্ত্ৰী সীতাৰমণে আন্তঃৰাষ্ট্ৰীয় মূদ্ৰা নিধিৰ ‘টুলকিট’ৰ সম্প্ৰসাৰণ আৰু তাৰ পৰ্যালোচনা সন্দৰ্ভত বিভিন্ন বিষয় উত্থাপন কৰে আৰু ‘বিনিময় লাইন নেটৱৰ্ক’ সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ পৰামৰ্শ দি কয় যে যিহেতু নীতি নিৰ্ধাৰণৰ দিশটো অধিকাংশ দেশতে এনে এক অনাহুত পৰিস্থিতিত আবদ্ধ হৈ পৰিছে, গতিকে আইএমএফ-এ ক’ভিড-১৯ সংক্ৰান্তীয় বিত্তীয় প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ কিছু উদ্ভাৱনীয় আৰু থলুৱা পদ্ধতিৰ সূচনা কৰিব পাৰে।
শ্ৰীমতী সীতাৰমণে আইএমএফ-ক ইয়াৰ উৎসসমূহৰ ব্যৱহাৰেৰে কোনো কেৰোণ নথকা এক হ্ৰস্বম্যাদী তাৰল্য বিনিময় ব্যৱস্থা সৃষ্টি কৰিবলৈ উৎসাহিত কৰে, যিটো সুবিধা দেশসমূহৰ প্ৰয়োজনৰ সময়ত ফলপ্ৰসূভাৱে প্ৰয়োগ কৰিব পৰা যাব। তেওঁ লগতে প্ৰয়োজন সাপেক্ষে দ্বিপাক্ষিক বিনিময় ব্যৱস্থাৰ নতুন দিশসমূহৰ বাবে দেশসমূহক নমনীয় স্থিতি গ্ৰহণ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে।
শ্ৰীমতী সীতাৰমণে প্ৰদান কৰা ভাষণকালত তেওঁ লগতে ভাৰতে ক’ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও জি২০ ৰ অন্যান্য দেশৰ প্ৰতিনিধিসকলক অৱগত কৰে। তেওঁ ভাষণকালত দেশৰ দৰিদ্ৰ লোকসকলৰ বাবে ১.৭ ত্ৰিলিয়নৰ এক বৃহৎ পেকেজ আগবঢ়োৱাৰ কথাও উল্লেখ কৰে। এই জৰুৰীকালীন পৰিস্থিতিত আটাইতকৈ ক্ষতিগ্ৰস্থ হ’ব পৰা লোকসকলক আৰ্থসামাজিক সমস্যাসমূহ আঁতৰ কৰিবৰ বাবে জৰুৰীকালীন স্বাস্থ্য পুঁজিৰ বাবে আগবঢ়োৱা ১৫০ বিলিয়ন ধন, অন্যান্য বিভিন্ন আৰ্থিক আৰু নিয়ামক ব্যৱস্থাৰ কথাও বিত্তমন্ত্ৰী সীতাৰমণে উল্লেখ কৰে।
***
RM/KMN/RD
(रिलीज़ आईडी: 1609886)
आगंतुक पटल : 164