শক্তি মন্ত্ৰালয়

শক্তি বিত্ত নিগমে ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে ‘পিএম-কেয়াৰ্ছ পুঁজি’লৈ আগবঢ়াব ২০০ কোটি টকা

Posted On: 31 MAR 2020 8:17PM by PIB Guwahati

দেশৰ আগশাৰীৰ এনবিএফচি তথা শক্তি মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান শক্তি বিত্ত নিগম লিমিটেড (পিএফচি)য়ে ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে পিএম-কেয়াৰ্ছ (Prime Minister's Citizen Assistance and Relief in Emergency Situations Fund) পুঁজিলৈ ২০০ কোটি টকা আগবঢ়োৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। উল্লেখ্য যে এই ধনখিনি হ’ব শক্তি মন্ত্ৰালয় আৰু নতুন আৰু পুনঃনবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ অধীনৰ আটাইবোৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ দ্বাৰা আহৰণ হোৱা ৯২৫ কোটি টকাৰ অংশ। ইয়াৰ উপৰিও পিএফচিৰ কৰ্মচাৰীসকলে এই বিশ্বত্ৰাস ৰোগৰ বিৰুদ্ধে ভাৰতে চলাই থকা যুঁজখনক অধিক মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে পিএম-কেয়াৰ্ছ পুঁজিলৈ এদিনৰ দৰমহা স্বেচ্ছাই আগবঢ়াব।

ইয়াৰ পূৰ্বে, পিএফচিয়ে ৰাজস্থানতো ভাৰতীয় ৰেডক্ৰছ ছ’চাইটিলৈ ৫০ লাখ টকাৰ এক অৰ্থসাহায্য প্ৰদান কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছিল। কৰ্প’ৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত পিএফচিৰ আৰ্থিক অনুদানখিনি ক’ভিড-১৯ ৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপে মাস্ক আৰু ছেনিটাইজাৰ বিতৰণৰ ক্ষেত্ৰত ব্যয় কৰা হ’ব।

পিএফচি আৰু ইয়াৰ কৰ্মচাৰীসকল দেশৰ এনে এক সংকটকালত সমাজৰ কাষত থিয় হৈছে। এটা দায়িত্বশীল কৰ্প’ৰেট হিচাপে পিএফচিয়ে এই মহামাৰীৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখাৰ বাবে সকলোধৰণৰ সাৱধানতা কাৰ্যকৰী কৰি তোলাৰ বাবে অবিৰতভাৱে কাম কৰিছে।

 

***



(Release ID: 1609791) Visitor Counter : 89