ৰেল মন্ত্ৰালয়
ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত চিকিৎসা সমৰ্থন প্ৰদানৰ বাবে প্ৰস্তুত হৈছে ভাৰতীয় ৰে’লৱে
আকস্মিক পৰিঘটনাৰ বাবে দবাসমূহক আচুতীয়া দবালৈ পৰিণত কৰা হ’ব; প্ৰাৰম্ভিক পৰ্যায়ত ৫০০০টা দবাৰ পৰিকল্পনা কৰা হৈছে
চিকিৎসা বৈশিষ্টৰ নিৰ্ধাৰিত অনুসৰি ৬৫০০ত কৈও অধিক ৰে’লৱেৰ বিচনা উপলব্ধ কৰোৱা হ’ব
ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ চৰকাৰৰ প্ৰয়াসত সহযোগিতা প্ৰদান কৰিব ৰে’লৱেয়ে
Posted On:
30 MAR 2020 6:25PM by PIB Guwahati
ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ ভাৰত চৰকাৰৰ স্বাস্থ্য সেৱা সামগ্ৰীৰ যোগানত সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়াইছে ভাৰতীয় ৰে’লৱেয়ে৷ যাত্ৰীবাহী দবাসমূহ আচুতীয়া দবালৈ পৰিণত কৰা, বিদ্যমান ৰে’লৱেৰ চিকিৎসালয়সমূহ ক’ভিড-১৯ৰ মোকাবিলা কৰাৰ প্ৰয়োজনীয়তা অনুসৰি প্ৰস্তুত কৰা, আকস্মিক পৰিঘটনা চম্ভালি ল’বলৈ চিকিৎসালয়ৰ বিচনাসমূহ সাজু কৰা, অতিৰিক্ত চিকিৎসক আৰু পেৰামেডিক কৰ্মী মোতায়েন কৰা আদিকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ৰে’লৱেয়ে৷
ভাৰত চৰকাৰে নিৰ্দেশনা জাৰী কৰা অনুৰূপে উক্ত সকলো সুবিধা উপলব্ধ কৰোৱা হ’ব৷ উক্ত প্ৰস্তুতিসমূহ ভাৰতীয় ৰে’লৱেৰ মহা প্ৰৱন্ধক আৰু চিকিৎসা সেৱাৰ সৈতে জড়িত লোকসকলৰ তত্বাৱধানত নিৰীক্ষণ কৰি থকা হৈছে৷
ভাৰতীয় ৰে’লৱেয়ে প্ৰাৰম্ভিক অৱস্থাত ৫০০০টা যাত্ৰীবাহী দবা আচুতীয়া দবালৈ পৰিণত কৰাৰ পৰিকল্পনা কৰিছে৷ এই দবাসমূহত চিকিৎসা নিৰ্দেশনা অনুসৰি সকলো প্ৰাথমিক সুবিধাসমূহ উপলব্ধ হ’ব৷ আৱশ্যক অনুসাৰে আৰু অধিক দবাও আচুতীয়া দবালৈ পৰিণত কৰিব পৰা হ’ব৷ দবাসমূহ মহ প্ৰতিৰোধী নেট, ম’বাইল, লেপটপ চাৰ্জিং পইণ্ট, পেৰামেডিকৰ বাবে স্থান আদিৰ সুবিধাৰে সুসজ্জিত কৰা হ’ব৷ এই দবাসমূহ মাণ্ডলিক পৰ্যায়ত প্ৰস্তুত কৰা হ’ব৷
ভাৰতত বৰ্তমানে ৰে’লৱেৰ ১২৫খন চিকিৎসালয় আছে আৰু তাৰে ৭০খন আৱশ্যক অনুসাৰে আকস্মিক পৰিস্থিতি চম্ভালিবলৈ সাজু কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে৷ ইয়াৰ অধীনত প্ৰায় ৬৫০০খন বিচনা ৰোগীৰ বাবে প্ৰস্তুত কৰা হ’ব৷
ভাৰতীয় ৰে’লৱেয়ে ইতিমধ্যে মণ্ডল ভিত্তিত চিকিৎসক আৰু পেৰামেডিক কৰ্মী মোতায়েন কৰাৰ সম্ভাৱনা সন্ধান কৰিছে আৰু অস্থায়ীভিত্তিত অৱসৰপ্ৰাপ্ত চিকিৎসকসকলকো মোতায়েন কৰাৰ পৰিকল্পনা কৰিছে৷
এয়া উল্লেখ কৰা প্ৰয়োজন যে ভাৰতীয় ৰে’লৱেয়ে কেৱল ভাৰত চৰকাৰৰ প্ৰয়াসসমূহত সহযোগিতা কৰাই নহয় বৰঞ্চ ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ৰাষ্ট্ৰীয় প্ৰয়াসতো হাত উজান দিছে৷
****
SG/MKV/MANN
(Release ID: 1609363)
Visitor Counter : 159