গৃহ মন্ত্ৰালয়

ক’ভিড-১৯ প্ৰতিৰোধী অভিযানৰ কৰ্তব্য পালনত গাফিলতিৰ বাবে ‘জিএনচিটিডি’-ৰ ৪ বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দিহা

प्रविष्टि तिथि: 29 MAR 2020 10:25PM by PIB Guwahati

কৰ্তৃত্বশীল প্ৰধিকাৰীৰ অভিযোগৰ ভিত্তিত, কৰ্তব্য পালনত কৰা গাফিলতিৰ অপৰাধত কভিড-১৯ প্ৰতিৰোধী অভিযান পৰিচালনাৰ বাবে দুৰ্যোগ প্ৰবন্ধন আইন, ২০০৫ৰ অধীনত গঠন কৰা ৰাষ্ট্ৰীয় কাৰ্যপালিকা সমিতিৰ অধ্যক্ষই নিম্নোল্লিখিত চাৰিগৰাকী বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

ভিড-১৯ প্ৰতিৰোধৰ বিশেষ ব্যৱস্থা হিচাপে বলবত্ কৰা লক ডাউনৰ সময়চোৱাত এইকেইগৰাকী বিষয়াই জন-স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি আহিব পৰা সংকটৰ কথা বিবেচনা নকৰি, অৰ্পিত দায়িত্ব পালন কৰাত ব্যৰ্থ হোৱাৰ তথ্য পোৱাৰ পিছতে আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আগবঢ়োৱা হয়। বিষয়াকেইগৰাকী হ:

     ১. অতিৰিক্ত মুখ্য সচিব, পৰিবহণ বিভাগ, জিএনচিটিডি— তত্কালীন ভাবে নিলম্বন

     ২. অতিৰিক্ত মুখ্য সচিব, গৃহ আৰু ভূমি ভৱন বিভাগ, জিএনচিটিডি— কাৰণ দৰ্শোৱাৰ জাননী

    ৩. প্ৰধান সচিব, বিত্ত বিভাগ তথা সংমণ্ডল আয়ুক্ত, জিএনচিটিডি— তত্কালীন ভাবে নিলম্বন

    ৪. এছডএম শীলামপুৰ--কাৰণ দৰ্শোৱাৰ জাননী

*****

VG/SNC/VM/KB


(रिलीज़ आईडी: 1609262) आगंतुक पटल : 110
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Marathi , Bengali , Tamil , Telugu