মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

সকলো বয়সৰ পঢুৱৈৰ উপযোগী পঠন সমলৰে কৰোনা সম্পৰ্কীয় অধ্যয়ন গ্ৰন্থ প্ৰণয়নৰ বাবে নেশ্যনেল বুক ট্ৰাষ্টৰ ‘ক’ৰোনা অধ্যয়ন শৃংখল’ৰ শুভাৰম্ভ

Posted On: 29 MAR 2020 4:45PM by PIB Guwahati

অনাগত সময়ত মানৱসমাজৰ মানসিক, সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত কৰোনা মহামাৰিয়ে সষ্টি কৰা অভাৱনীয় প্ৰভাৱৰ কথা হৃদয়ংগম কৰি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ সংস্থা নেশ্যনেল বুক ট্ৰাষ্টে ৰোনা ষ্টাডীজ ছিৰিজ অৰ্থাত কৰোনা অধ্যয়ন শৃংখল শীৰ্ষক এলানি অধ্যয়ন গ্ৰন্থৰ প্ৰণয়নৰ বাবে এক প্ৰকল্পৰ শুভাৰম্ভ কৰিছে। এই শৃংখলৰ জৰিয়তে সমাজৰ সকলো বয়সৰ পঢ়ুৱৈৰ বাবে উপযোগী হোৱা তথ্য-সম্ভাৰ সম্বলিত আৰু কৰোনা-উত্তৰ পৰিবেশত অধ্যয়নৰ উপযোগী সমলৰে গ্ৰন্থসমূহ সমৃদ্ধ হব। এই বিশাল পৰিসৰৰ ৰাষ্ট্ৰীয় দুৰ্যোগৰ সময়ত এটি ৰাষ্ট্ৰীয় সংস্থা হিচাপে আমি আমাৰ সামৰ্থ্যৰ ভিতৰত থকা কৰণীয়খিনি কৰাতো নিতান্তই কৰ্তব্য হব বুলি বিশ্বাস কৰিয়েই আমি গ্ৰন্থৰ এই শৃংখলাটোৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছো। এই কাৰ্যক্ৰম নিশ্চয় দীঘলীয়া হব কিয়নো নিৰ্দিষ্ট বিষয়ৰ বিভিন্ন তথ্য আহৰণ কৰি বিভিন্ন ভাৰতীয় ভাষাত ক্ৰয়-সাধ্য মূল্যত গ্ৰন্থসমূহ প্ৰকাশি উলিওৱাব লাগিব। এই শৃংখলে আক্ষৰিক অৰ্থতে লিখক-গৱেষকসকলক এক সুন্দৰ মঞ্চ প্ৰদান কৰিব বুলি অভিমত ব্যক্ত কৰে নেশ্যনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ অধ্যাপক, গোবিন্দ প্ৰসাদ শৰ্মাই। 

আমি মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ  উদ্যোগত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ সৈতে সংগতি ৰাখি কৰোনা-সম্পৰ্কীয় কথা-কাণ্ডসমূহক সুক্ষ্মভাবে নিৰীক্ষণ কৰি আছো। পঠন-উত্তৰণ কাৰ্যক্ৰমৰে জড়িত এক সংস্থা হিচাপে এই মুহূৰ্তত আমি বিশেষ ভূমিকাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰিছো বুলি মন্তব্য কৰে সংস্থাটোৰ নিৰ্দেশক শ্ৰী যুৱৰাজ মালিকে।

এই প্ৰকল্পৰ নেতৃত্ব বহন কৰা সংস্থাটোৰ জ্যেষ্ঠ সম্পাদক শ্ৰী কুমাৰ বিক্ৰমে কয় যে ৰোনা অধ্যয়ন শৃংখল আৰু মানসিক-সামাজিক প্ৰভাৱ শীৰ্ষক ইয়াৰ উপ-ভাগৰ গ্ৰন্থসমূহত অন্তৰ্ভুক্ত কৰাৰ বাবে আমি বহুকেইটা বিষয়ক্ষেত্ৰ চিনাক্ত কৰি উলিয়াইছো। কৰোনাৰে আৰম্ভ হোৱা যুঁজখনৰ নায়ক-নায়িকাসকলৰ কাহিনীৰ লগতে আন প্ৰসংগও সন্নিৱিষ্ট কৰি আমি এলানি শিশু উপযোগী গ্ৰন্থ তথা চিত্ৰ-কথা প্ৰকাশৰো প্ৰস্তুতি চলাইছো। ইফালে কৰোনা মহামাৰি, লক ডাউন আদিৰ দৰে কেতিয়াও নেদেখা পৰিবেশটোত আমাৰ কলা, লোকগাঁথা, অৰ্থনীতি, সামাজবৈজ্ঞানিক প্ৰসংগ, বিজ্ঞান আৰু স্বাস্থ্যবিধি সম্পৰ্কীয় সচেতনতাসমূহক লৈয়ো গ্ৰন্থ প্ৰণিত হব বুলি তেওঁ উল্লেখ কৰে।

সংস্থটোৰ এই অধ্যয়ন প্ৰকল্পত জড়িত হৈছে ড০ জিতেন্দ্ৰ নাগপাল, ড০ হৰ্ষিতা, অৱসৰপ্ৰাপ্ত স্কোৱাডন লীডাৰ মীনা আৰোৰা, লেফটেণ্ট কলোনেল তৰুণ উপ্পল, শ্ৰীমতী ৰেখা চৌহান, শ্ৰীমতী সোণী সিদ্ধু আৰু শ্ৰীমতী অপৰাজিতা দীক্ষিত।

অধ্যয়ন গোটটোৱে প্ৰস্তুত কৰিব লগা গ্ৰন্থসমূহ হ:

১. ৰোনা ভাইৰাছ (কভিড-১৯) এফেক্টেড ফেমিলীজ-প্ৰধান গৱেষক: অৱসৰপ্ৰাপ্ত স্কোৱাডন লীডাৰ মীনা আৰোৰা আৰু ড০ হৰ্ষিতা। ২. এলডাৰ্লী পিপুল- প্ৰধান গৱেষক: ড০ জিতেন্দ্ৰ নাগপাল আৰু শ্ৰীমতী অপৰাজিতা দীক্ষিত। ৩. পেৰেণ্টছ উইথ স্পেচিয়েল ফকাছ অন মাডাৰ-ওমেন- প্ৰধান গৱেষক: লেফটেণ্ট কলোনেল তৰুণ উপ্পল আৰু শ্ৰীমতী সোণী সিদ্ধু। ৪. চিল্ড্ৰেন এণ্ড এডুলচেণ্ট’- প্ৰধান গৱেষক: শ্ৰীমতী অপৰাজিতা দীক্ষিত আৰু শ্ৰীমতী ৰেখা চৌহান. প্ৰফেশ্যনেলছ এণ্ড ওৱৰ্কাৰছ- প্ৰধান গৱেষক: ড০ জিতেন্দ্ৰ নাগপাল আৰু লেফটেণ্ট কলোনেল তৰুণ উপ্পল। ৬. ৰোনা ৱাৰিঅৰ্ছ মেডিকেল এণ্ড এচেনচিয়েল ছাৰ্ভিচ প্ৰভাইডাৰ্ছ- প্ৰধান গৱেষক: অৱসৰপ্ৰাপ্ত স্কোৱাডন লীডাৰ মীনা আৰোৰা আৰু শ্ৰীমতী সোণী সিদ্ধু। ৭. ডিফাৰেণ্টলী এবল্ড, স্পেচিয়েল নীডছ এণ্ড মেণ্টেলী চেলেঞ্জড পপুলেশ্যন’-প্ৰধান গৱেষক: ড০ হৰ্ষিতা আৰু শ্ৰীমতী ৰেখা চৌহান

 

 

 

*****

NB/AKJ/AK/KB



(Release ID: 1609178) Visitor Counter : 327