প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ক প্ৰত্যাহ্বান সীমান্ত পথ সংস্থাৰ জোৱানৰ, দলং নিৰ্মাণ, বৰফ আঁতৰোৱা কামত ব্যস্ত

Posted On: 28 MAR 2020 12:33PM by PIB Guwahati

ক’ভিড-১৯ৰ ভয়াবহতাক সাহসেৰে প্ৰত্যাহ্বান জনাই সীমান্ত পথ সংস্থা চমুকৈ বিআৰঅ’ৰ জোৱানসকলে দাপোৰিজো দলংখন(৪৩০ ফুট উচ্চতাৰ মাল্টিস্পান বেইলী দলং) সলনি কৰাৰ কামত অবিৰতভাৱে ব্যস্ত আছে। উল্লেখ্য যে এই দলংখন হৈছে অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰি জিলাৰ সৰ্বমুঠ ৪৫১ খন গাওঁৰ সৈতে থকা সংযোগ অক্ষুণ্ণ ৰখাৰ বাবে আৰু চীন সীমান্তত থকা সুৰক্ষা বাহিনীৰ একমাত্ৰ জীৱনৰেখা। স্থানীয় প্ৰশাসনৰ বিশেষ অনুৰোধ সাপেক্ষে ২৩ বিআৰটিএফ / অৰুণাঙ্ক প্ৰকল্পৰ জোৱানসকলে ক্ষীপ্ৰতাৰে তথা উৎসাহেৰে কাম কৰিছে, কিয়নো সম্প্ৰতি থকা পুল বা দলংখনৰ অৱস্থা অতিকৈ জৰাজীৰ্ণ হৈ পৰিছে। বিআৰঅ’-এ এক বিবৃতিত কৈছে যে উপলব্ধ সকলো আৱশ্যকীয় পদ্ধতিৰে পূৰ্বৰে পৰা নিৰ্ধাৰিত তাৰিখতে এই নিৰ্মীয়মান দলংখন মুকলি কৰিবলৈ দৃঢ় সংকল্প হাতত লৈছে।

ইয়াৰ মাজতে, বিআৰঅ’-ই প্ৰতিকূল বতৰ আৰু ক’ভিড-১৯ ৰ ভয়াবহতা সত্ত্বেও সম্প্ৰতি দেশৰ উত্তৰ প্ৰান্তত মনালী-লেহ অক্ষীয় ৰেখাৰ এলেকাবোৰত দিনে নিশাই বৰফ আঁতৰোৱাৰ কামত নিয়োজিত হৈ আছে, যাতে সময়সীমাৰ পূৰ্বেই লাহোল ঘাটি আৰু লাডাখে বৰফৰ তীব্ৰতাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে। সম্প্ৰতি ৰোহটাং পাছ আৰু বৰলাচলা পাছৰ পৰা বৰফ আঁতৰোৱাৰ বাবে চাৰিটা দলক মোতায়েন কৰা হৈছে। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে বিআৰঅ’ কৰ্মীক চৰছু দিশৰ পৰা বৃহৎ বৰলাচলা পাছৰ বৰফ আঁতৰ কৰিবৰ বাবে চৰছুলৈ বিমানযোগে অৱতৰণ কৰোৱা হৈছে।

সীমান্ত পথ সংস্থা হৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। যিয়ে সশস্ত্ৰ বাহিনীৰ ৰণনীতিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে সহায় কৰিবলৈ দুৰ্গম আৰু দূৰণিবটীয়া সীমান্তৱৰ্তী এলেকাত নিৰ্মাণকাৰ্য সম্পাদন কৰে আৰু এনেবোৰ এলেকাত পথৰ তদাৰক কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে।

***********

ABB/SS/Nampi/KA/DK/Savvy/RD



(Release ID: 1608846) Visitor Counter : 152