বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰী বিভাগসমূহত পৰ্যাপ্ত পৰিমাণে সামগ্ৰী আৰু সেৱা প্ৰদানৰ ক্ষেত্ৰত জিইএমে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ
Posted On:
28 MAR 2020 12:07PM by PIB Guwahati
চৰকাৰী ই-মাৰ্কেটপ্লেছ (জিইএম), বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত এক বিশেষ উদ্দেশ্যীকৃত ব্যৱস্থা যিয়ে ক’ভিড-১৯ মহামাৰীৰ দ্বাৰা উদ্ভৱ সমস্যা প্ৰতিৰোধ কৰিবলৈ কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ জিইএম হ’ল চৰকাৰী কাৰ্যালয়সমূহে ব্যয়সাধ্য মূল্যত তাৎক্ষণিকভাৱে সামগ্ৰী আৰু সেৱা আহৰণ কৰিব পৰা এক ব্যৱহাৰ অনুকূল প’ৰ্টেল৷ জিইএমৰ পৰা সেৱা আৰু সামগ্ৰী আহৰণ সাধাৰণ বিত্তীয় নিয়মাৱলীৰ দ্বাৰা অনুমোদিত হৈছে৷ বৰ্তমানে ১৫০টা শাখাত ৭৪০০ত কৈও অধিক সামগ্ৰী আৰু পৰিবহণৰ বাবে পৰিবহণ সেৱা জিইএম প’ৰ্টেলত উপলব্ধ৷ জিইএম সম্পূৰ্ণৰূপে এক কাগজবিহীন, নগদবিহীন আৰু প্ৰযুক্তিচালিত ই-মাৰ্কেট ব্যৱস্থা য’ত সামগ্ৰী আৰু সেৱাসমূহৰ আহৰণ ন্যূনতম মানৱ হস্তক্ষেপৰ সৈতে পৰিচালিত হয়৷
শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপসমূহঃ
১. জিইএমত ক’ভিড-১৯ সম্বন্ধীয় শাখাসমূহৰ বাবে বিশেষভাৱে এখন পৃষ্ঠাৰ সৃষ্টি কৰা হৈছেঃ https://gem.gov.in/covid19
২. জিইএমত ৩২টা বিদ্যমান সেৱাৰ উপৰিও চিকিৎসা সামগ্ৰী যোগানৰ বাবে অতিৰিক্তভাৱে নিম্নোক্ত শাখাসমূহ সৃষ্টি কৰা হৈছেঃ
(ক) ন’ভেল ক’ৰনা ভাইৰাছ (ক’ভিড-১৯)নমুনা সংগ্ৰহ কিট
(খ) পুনৰ ব্যৱহাৰযোগ্য ভিনাইল/ৰাবাৰ গ্ল’ভ (পৰিষ্কাৰকৰণৰ বাবে)
(গ) চকুৰ সুৰক্ষা (ভাইজৰ/গগলছ)
(ঘ) ডিছপ’জেবল থাৰ্মমিটাৰ
(ঙ) এবাৰ ব্যৱহাৰযোগ্য টাৱেল
(চ) ষ্টেৰিলাইজেছনৰ বাবে ইউভি টিউব লাইট
(ছ) ছাৰ্জিকেল আইছ’লেচন মুখ ঢাকনী
(জ) মেডিকেলৰ আৱৰ্জনাৰ দহন যন্ত্ৰ
৩. বিদ্যমান ৫২টা শাখা আৰু ৭টা সেৱাৰ অতিৰিক্তভাৱে নিম্নোক্ত সহায়ক যোগানৰ শাখাসমূহ সৃষ্টি কৰা হৈছেঃ
(ক) সাধাৰণ উদ্দেশ্যভিত্তিক টুল-কিট
(খ) পিটি গঢ় দিয়া এলুমিনিয়ামৰ সামগ্ৰী
৪. এইসমূহৰ সৈতে নিটি আয়োগৰ দ্বাৰা অনুমোদিত সকলো চিকিৎসা আৰু সহায়ক যোগানসমূহ এতিয়া জিইএমত উপলব্ধ হৈছে৷ ওপৰত উল্লিখিত সকলো নতুন শাখাৰ বাবে অ’ইএম, ৰিছেলাৰ আৰু যোগানকাৰীসকলক জিইএমত অনব’ৰ্ডিঙৰ বাবে চিনাক্ত কৰা হৈছে৷
৫. আজিৰ তাৰিখ পৰ্যন্ত জিইএমত ক’ভিড-১৯ সম্পৰ্কীয় শাখাসমূহৰ মুঠ সংখ্যা হ’লঃ
মুঠ
|
১৭৩
|
চিকিৎসা সম্বন্ধীয়
|
১২০
|
সহায়ক
|
৫৩
|
চিকিৎসা আৰু সহায়ক যোগানসমূহৰ শাখাৰ বিশদ তালিকা পৰিশিষ্ট ১ আৰু পৰিশিষ্ট ২ত ক্ৰমান্বয়ে উল্লেখ কৰা হৈছে৷
৬. ক’ভিড-১৯ সম্পৰ্কীয় সকলো সামগ্ৰীৰ আহৰণৰ সহজ হস্তক্ষেপৰ বাবে সময়সীমা আৰু স্থিতি তলত উল্লেখ কৰা হৈছে-
ক) বিশেষ শাখাৰ বাবে হ্ৰস্বকালীন নিবিদাৰ সৈতে হ্ৰস্বকালীন যোগান সময়৷ ক’ভিড-১৯ সম্পৰ্কীয় শাখাৰ বাবে নিবিদা চক্ৰ বিদ্যমান ১০ দিনৰ পৰা ৩ দিনলৈ হ্ৰাস কৰা হৈছে৷ ক্ৰেতাসকলে সামগ্ৰীসমূহৰ জৰুৰীকালীন আহৰণৰ প্ৰতি লক্ষ্য ৰাথি যোগানৰ সময় ২ দিনলৈ হ্ৰাস কৰিব পাৰিব৷ এয়া ইতিমধ্যেই প’ৰ্টেলত লাইভ কৰা হৈছে৷
খ) এল১ ক্ৰয়ত ক্ৰেতাৰ দ্বাৰা যোগান লীড সময়ৰ ফিল্টাৰ৷ ১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা লাইভ হ’ব৷
গ) ক’ভিডভিত্তিক শাখাৰ বাবে সামগ্ৰী/ব্ৰেণ্ড অনুমোদনৰ অগ্ৰাধিকাৰকৰণ৷ ২৮ মাৰ্চ ২০২০ তাৰিখৰ পৰা লাইভ হ’ব৷
ঘ) মূল্য নিয়ন্ত্ৰণৰ নতুন ব্যৱসায়িক নীতি বৃদ্ধি কৰা হৈছে৷ ১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা লাইভ হ’ব৷
ঙ) প্ৰকৃত যোগান সময়ৰ আগতে যোগান সময়ৰ ৩০ দিনলৈ সম্প্ৰসাৰণৰ অনুমতি৷ ২৮ মাৰ্চ ২০২০ তাৰিখৰ পৰা লাইভ হ’ব৷
চ) বিশেষ শাখাৰ বাবে নিৰ্ধাৰিত ৪৮ ঘণ্টাৰ ভিতৰত যিসকলে বিক্ৰেতাই ষ্ট’কৰ তালিকা উন্নীতকৰণ নকৰে তেওঁলোকৰ বাবে নতুন ব্যৱসায়িক নীতি৷ এয়া ইতিমধ্যেই লাইভ হৈছে৷
ছ) ক’ভিড-১৯ৰ শাখা আৰু বিক্ৰেতাৰ সংখ্যা অনুসৰণ কৰাৰ বাবে নতুন পৃষ্ঠা৷ ২৮ মাৰ্চ ২০২০ তাৰিখৰ পৰা লাইভ হ’ব৷
৭. বিশ্ব বেংকে ক’ভিড-১৯ সমাধান প্ৰকল্পৰ বাবে আহৰণৰ পৰিমাণ ১ লাখ ডলাৰৰ পৰা ১ মিলিয়ন ডলাৰলৈ বৃদ্ধি কৰিছে৷
৮. বিক্ৰেতাসকলৰ অনব’ৰ্ডিং-
ক) আঠটা নতুন ক’ভিড শাখাৰ বাবে অ’ইএম আৰু বিক্ৰেতা চিহ্নিত কৰা হৈছে৷
খ) জিইএম আৰু জিইএমৰ বাহিত প্ৰাসংগিক চিকিৎসা শাখা অনুসন্ধান কৰা হৈছে৷ অ’ইএমকে ধৰি প্ৰায় ১০,০০০ বিক্ৰেতাক নিৰ্ধাৰিত মেইল প্ৰেৰণ কৰা হৈছিল৷ মেইলত নতুন ক’ভিড-১৯ৰ শাখা আৰু জিইএমত মুকলি কৰা ব্ৰেণ্ড আৰু সামগ্ৰীৰ অগ্ৰাধিকাৰকৰণ আৰু দ্ৰুত অনব’ৰ্ডিঙৰ বাবে অনুমোদন প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰা হৈছিল৷
গ) অ’ইএম আৰু বিক্ৰেতাসকলক টেলিফোনেৰে যোগাযোগ কৰা হৈথিল৷ ২০০ত কৈও অধিক বিক্ৰেতাক জড়িত কৰোৱা হৈছে৷ তেওঁলোকক জিইএমে সৃষ্টি কৰা নতুন ক’ভিড-১৯ শাখাৰ বিষয়ে অৱগত কৰাৰ লগতে অনব’ৰ্ড হ’বলৈও জনোৱা হৈছে৷ অ’ইএমসকলক তেওঁলোকৰ ৰিছেলাৰসকলক অনব’ৰ্ড হ’বলৈ কোৱা হৈছে আৰু পৰ্যাপ্ত পৰিমাণে সামগ্ৰী মজুত ৰাখিবলৈ কোৱা হৈছে৷
ঘ) অ’ইএম আৰু বিক্ৰেতাসকলক শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক সুযোগ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য জৰুৰীকালীন অৱস্থাত তেওঁলোকক পাৰ্যমানে অৱদান আগবঢ়াবলৈ কোৱা হৈছে৷
ঙ) জিইএমৰ বাহিৰৰ অ’ইএম/বিক্ৰেতাসকলক স্থানীয় ব্যৱসায়িক সুবিধা প্ৰদানকাৰীসকলক কিদৰে যোগাযোগ কৰিব লাগে সেই বিষয়তো নিৰ্দেশাৱলী প্ৰদান কৰা হৈছে৷
চ) গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰী কৰা আদেশমৰ্মে অ’ইএমক অধিক সংবেদনশীল কৰি তোলা হৈছে৷ তেওঁলোকক বিভিন্ন ব্যৱসায়িক এছ’অপিৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে৷ অনলাইন লিংক https://www.ndma.gov.in/en/ ও বিনিময় কৰা হৈছে৷
ছ) অ’ইএম/বিক্ৰেতাসকলৰ পৰা ব্ৰেণ্ড অনুমোদন আৰু সামগ্ৰীৰ অনুমোদনৰ অনুৰোধক শীৰ্ষ পৰ্যায়ৰ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে আৰু ইয়াক একেদিনাই সমাধান কৰাৰ ব্যৱস্থা কৰা হৈছে৷
পৰিশিষ্ট - ১
চিকিৎসা সামগ্ৰীৰ যোগানৰ বাবে শাখাৰ তালিকা
ক্ৰমিক নং
|
সামগ্ৰী
|
১
|
ভেণ্টিলেটৰ
|
২
|
এলক’হ’লযুক্ত হেণ্ড-ৰাব
|
৩
|
মুখাৱয়বৰ ঢাকনি (চকু, নাক আৰু মুখৰ সুৰক্ষা)
|
৪
|
এন৯৫ মাস্ক
|
৫
|
লেটেক্স এবাৰ ব্যৱহৃত গ্ল’ভ (ক্লিনিকেল)
|
৬
|
পুনৰ ব্যৱহাৰযোগ্য ভিনাইল/ৰাবাৰ গ্ল’ভ (পৰিষ্কাৰকৰণ)
|
৭
|
চকুৰ সুৰক্ষা (ভাইজৰ/ গগলছ)
|
৮
|
সুৰক্ষাত্মক গাউন/এপ্ৰ’ন
|
৯
|
ডিছপ’জেবল থাৰ্মমিটাৰ
|
১০
|
ষ্টেৰিলাইজেছনৰ বাবে ইউভি টিউব লাইট
|
১১
|
মেডিকেল মাস্ক (ছাৰ্জিকেল/প্ৰক্ৰিয়াকৰণ)
|
১২
|
ডিটাৰজেণ্ট /বীজাণুনাশক
|
১৩
|
ডিটাৰজেণ্ট /বীজাণুনাশক
|
১৪
|
ডিটাৰজেণ্ট /বীজাণুনাশক
|
১৫
|
এবাৰ ব্যৱহৃত টাৱেল
|
১৬
|
জৈৱ প্ৰতিকূল বেগ
|
১৭
|
হুইল চেয়াৰ
|
১৮
|
ষ্ট্ৰিপৰ সৈতে গ্লুক’মিটাৰ
|
১৯
|
কঠিনভাৱে গোট মৰা জেল পেক
|
২০
|
নমুনা সংগ্ৰহৰ কিট
|
২১
|
থাৰ্মক’ল বক্স/আইচ বক্স
|
২২
|
ষ্ট্ৰেটচাৰ
|
২৩
|
ষ্ট্ৰেটচাৰ
|
২৪
|
থাৰ্মেল স্কেনাৰ
|
২৫
|
থাৰ্মেল স্কেনাৰৰ বাবে বেটেৰী
|
২৬
|
বিপি সঁজুলি
|
২৭
|
আইভি ছেট
|
২৮
|
আইভি কেনুলা
|
২৯
|
আইভি ষ্টেণ্ড
|
৩০
|
এম্বুলেঞ্চ
|
৩১
|
প্ৰাথমিক চিকিৎসা
|
৩২
|
মেডিকেলৰ আৱৰ্জনাৰ দহন যন্ত্ৰ
|
৩৩
|
আইচিইউ বিচনা
|
৩৪
|
কাৰ্ডিয়াক মনিটৰ
|
৩৫
|
ছিৰিঞ্জ পাম্প
|
৩৬
|
ছিৰিঞ্জ পাম্প
|
৩৭
|
প’ৰ্টেবল এক্স-ৰে’ মেচিন
|
৩৮
|
আন্তঃশ্বাসনলীয় টিউব
|
৩৯
|
শোষক টিউব
|
৪০
|
শোষক টিউব
|
৪১
|
অক্সিজেন চিলিণ্ডাৰ
|
পৰিশিষ্ট - ২
সহায়ক যোগানৰ শাখাসমূহৰ তালিকা
ক্ৰমিক নং
|
সামগ্ৰী
|
১
|
চাবেন
|
২
|
ৰাব হল টেণ্ট
|
৩
|
চকী/বেঞ্চ
|
৪
|
টেবুল/ডেস্ক
|
৫
|
প্ৰিণ্টাৰ
|
৬
|
কম্পিউটাৰ
|
৭
|
এক্সটেনচ’ন ব’ৰ্ড
|
৮
|
দিয়াশলাই
|
৯
|
মম
|
১০
|
ৰোগীৰ বাবে আইডি
|
১১
|
স্বেচ্ছাসেৱকৰ বাবে আইডি
|
১২
|
ফ্লায়াৰ-তথ্য বুকলেট
|
১৩
|
হোৱাইট ব’ৰ্ড + মাৰ্কাৰ
|
১৪
|
আৱৰ্জনা বেগ, বিন
|
১৫
|
খোৱা পানী + ডিছপেনছাৰ (৪)
|
১৬
|
পৰিষ্কাৰকণৰ সামগ্ৰী (ব্ৰুম)
|
১৭
|
পৰিষ্কাৰকণৰ সামগ্ৰী (মপ)
|
১৮
|
অগ্নি নিৰ্বাপক যন্ত্ৰ
|
১৯
|
ই টয়লেট
|
২০
|
জেনছেট/বেক-আপ
|
২১
|
হুইচেল
|
২২
|
সামগ্ৰীৰ ছেট-প্ৰাথমিক
|
২৩
|
পঞ্জীয়নৰ সবিশেষ- ষ্টীকাৰ/প্ৰিণ্টাৰ
|
২৪
|
মেট্ৰেছ
|
২৫
|
ফল্ডেবল বিচনা
|
২৬
|
বিচনা কাপোৰ
|
২৭
|
গাৰু
|
২৮
|
গাৰুৰ ক’ভাৰ
|
২৯
|
টাৱেল
|
৩০
|
ৰাবাৰ শ্বীট
|
৩১
|
কম্বল
|
৩২
|
জৰুৰীকালীন লেম্প
|
৩৩
|
ধোবা (ডিটাৰজেণ্ট)
|
৩৪
|
ৰেফ্ৰিজাৰেটৰ – সৰু
|
৩৫
|
নম্বৰৰ সৈতে টোকেন
|
৩৬
|
মহ প্ৰতিৰোধী
|
৩৭
|
ছেনিটেৰী পেড
|
৩৮
|
ডায়েপাৰ- শিশু
|
৩৯
|
ষ্টীলৰ প্লেট
|
৪০
|
ষ্টীলৰ গিলাচ
|
৪১
|
চামোচ
|
৪২
|
জগ
|
৪৩
|
ষ্টোভ-ডাঙৰ
|
৪৪
|
বৃহৎ বাচন
|
৪৫
|
বাল্টি
|
৪৬
|
মগ
|
৪৭
|
টিছু পেপাৰ
|
৪৮
|
সৰু বিন
|
৪৯
|
কাগজ
|
৫০
|
কলম
|
৫১
|
ষ্টেপলাৰ
|
৫২
|
ষ্টেপলাৰৰ পিন
|
৫৩
|
বক্স ফাইল
|
৫৪
|
লেটাৰহেড
|
**************
YB/MANN
(Release ID: 1608812)
Visitor Counter : 210