বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ডিএছটিয়ে আৰএণ্ডডি, প্ৰাৰম্ভিক আৰম্ভণি তথা বিস্তাৰ সমৰ্থনৰ সৈতে ক’ভিড-১৯ৰ সমাধানসমূহ মাপাংকিত তথা উৎসাহিত কৰাৰ বাবে দেশজুৰি প্ৰয়াসৰ সূচনা কৰিছে

ডিএছটিৰ অন্তৰ্গত তথা স্বাস্থ্য সংস্থা এছচিটিআইএমএছটি, ত্ৰিৱান্দ্ৰমে ক’ভিড-১৯ৰ স্বাস্থ্য প্ৰত্যাহ্বানৰ সমাধানৰ বাবে ৮টা ভিন্ন প্ৰ’ট’টাইপৰ নিৰ্মাণ আৰম্ভ কৰিছে

Posted On: 27 MAR 2020 5:09PM by PIB Guwahati

বিশ্বজনীন মহামাৰী ক’ভিড-১৯ৰ দ্বাৰা উদ্ভৱ জনস্বাস্থ্য সংকটৰ সৈতে যুঁজিবলৈ দেশবাসীৰ প্ৰয়োজনীয়তাসমূহলৈ লক্ষ্য ৰাখি বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (ডিএছটি)য়ে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয় তথা ইয়াৰ স্বায়ত্ব সংস্থাসমূহ আৰু বৈজ্ঞানিক সংস্থাৰ দ্বাৰা চালিত বিভিন্ন গতিবিধিসমূহক সমন্বয় আৰু সৱলীকৰণ কৰিছে৷

ক’ভিড-১৯ মহামাৰীৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে যুঁজিবলৈ সমাধান আৰু নতুন উদ্ভাৱনৰ হেতু ত্ৰিমাত্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰা হৈছে৷ ইয়াত আছে- (ক) আৰএণ্ডডি সমৰ্থনৰ প্ৰয়োজনীয় সমাধানসমূহৰ বিস্তৃত মেপিং, ষ্টাৰ্ট আপ যাৰ ওচৰত সম্ভাৱনীয় উৎপাদন আছে আৰু তেওঁলোকক সেই সুবিধা তথা নিৰ্মাণ সমৰ্থনৰ আৱশ্যকতা আছে (খ)ব্যৱহাৰ কৰিব পৰা উৎপাদসমূহৰ বাচনি যাক প্ৰাৰম্ভিক সমৰ্থনৰ আৱশ্যকতা আছে আৰু (গ) এনে সমাধান যি বজাৰত উপলব্ধ কিন্তু তাৰ নিৰ্মাণ আন্তঃগাঁথনি আৰু ক্ষমতা বিস্তাৰিত হোৱাটো প্ৰয়োজন৷

ডিএছটিৰ অন্তৰ্গত এক স্বায়ত্ব সংস্থা বিজ্ঞান আৰু ইঞ্জিনিয়াৰিং অনুসন্ধান ব’ৰ্ডে (এছইআৰবি) উচ্চ প্ৰাথমিকতা ক্ষেত্ৰত অনুসন্ধানৰ তীব্ৰ আৱশ্যকতা (আইআৰএছপিএ) যোজনাৰ অধীনত প্ৰস্তাৱ আমন্ত্ৰিত কৰিছে৷ এই যোজনাক ক’ভিড-১৯ আৰু সম্বন্ধীয় শ্বাস-প্ৰশ্বাসযুক্ত ভাইৰেল সংক্ৰমণৰ বাবে প্ৰস্তুত কৰা হৈছে৷ ইয়াৰ উদ্দেশ্য নতুন ভাইৰেলৰোধী টিকা আৰু ব্যয়সাধ্য চিকিৎসাৰ বাবে আৰএণ্ডডি প্ৰয়াসক সৱলীকৃত কৰা৷ প্ৰস্তাৱ প্ৰেৰণৰ অন্তিম তাৰিখ ৩১ মাৰ্চ ২০২০ তাৰিখ আৰু ইয়াত সমগ্ৰ দেশৰ বৈজ্ঞানিকসকলৰ দ্বাৰা উৎসাহজনক প্ৰতিক্ৰিয়া লাভ হৈছে৷

প্ৰযুক্তি বিকাশ ব’ৰ্ড (টিডিবি) হ’ল ভাৰত চৰকাৰৰ এক বৈধানিক সংস্থা যি ডিএছটিৰ অধীনত কাম কৰে৷ ব’ৰ্ডে কভিড-১৯ৰ ৰোগীসকলৰ সুৰক্ষা তথা আৱাস আধাৰিত শ্বাস-প্ৰশ্বাসজনিত হস্তক্ষেপসমূহৰ দাবী কৰিছে৷ অন্তিম তাৰিখ হ’ল ৩০ মাৰ্চ ২০২০৷ টিডিবিত প্ৰায় ১৯০টা পঞ্জীকৃত উদ্যোগ আছে আৰু এই উদ্যোগসমূহে ক’ভিড-১৯ৰ পৰীক্ষণ কিট, থাৰ্মেল স্কেনাৰ, নিৰ্ণয় গ্ৰহণ কৰাৰ বাবে এআই আৰু আইঅ’টি আধাৰিত সমৰ্থন, ভেণ্টিলেটৰৰ নিৰ্মাণ, মাস্ক নিৰ্মাণ আদিৰ বাবে সমাধানৰ প্ৰস্তাৱ প্ৰদান কৰিছে৷

শ্ৰী চিত্ৰা তিৰুনল চিকিৎসা বিজ্ঞান তথা প্ৰযুক্তি সংস্থা, ত্ৰিৱান্দ্ৰম, ডিএছটিৰ অধীনৰ এক স্বায়ত্ব সংস্থা যিয়ে ক’ভিড-১৯ৰ প্ৰত্যাহ্বানৰ সমাধানৰ বাবে ৮টা ভিন্ন ভিন্ন প্ৰ’ট’টাইপৰ নিৰ্মাণ আৰম্ভ কৰিছে৷ ই ষ্টাৰ্ট আপসমূহক ডিএছটি ইনকিউবেচন সমৰ্থন প্ৰদান কৰে৷

ডিএছটিৰ ৰাষ্ট্ৰীয় বিজ্ঞান তথা প্ৰযুক্তি উদ্যমিতা বিকাশ ব’ৰ্ডৰ ওচৰত সমগ্ৰ দেশৰ ১৫০ত কৈও অধিক ইনকিউবেচন কেন্দ্ৰ আছে৷ এই কেন্দ্ৰ ক’ভিড-১৯ৰ দৰে ৰোগসমূহৰ বিৰুদ্ধে যুঁজিবলৈ নতুন প্ৰযুক্তিসমূহক মেপিং কৰে৷ সমগ্ৰ দেশতে স্থিত ষ্টাৰ্ট আপৰ দ্বাৰা ১৬৫ত কৈও অধিক উদ্ভাৱনী সমাধান ডিএছটিয়ে লাভ কৰিছে৷ ডিএছটিয়ে ছায়েন্সটেক পাৰ্ক, পুণে বিশ্ববিদ্যালয়স্থিত এক ষ্টাৰ্ট আপক প্ৰাৰম্ভিক ব্যয়ৰ সমৰ্থন প্ৰদান কৰিছে যাতে মহাৰাষ্ট্ৰ চিকিৎসালয়সমূহত এয়াৰ-অন আয়’নাইজাৰ যন্ত্ৰসমূহৰ নিৰ্মাণৰ কাম দ্ৰুত হয়৷

আৰএণ্ডডি প্ৰয়োগশালা, শৈক্ষিক প্ৰতিষ্ঠান, ষ্টাৰ্ট আপ তথা সুক্ষ্ম, লঘূ আৰু মজলীয়া উদ্যোগসমূহত প্ৰযুক্তিৰ মেপিঙৰ বাবে ডিএছটিয়ে ‘ক’ভিড-১৯ টাস্ক ফ’ৰ্চ’ৰ গঠন কৰিছে৷

ডিএছটিয়ে বৈজ্ঞানিক আৰু অনুসন্ধান সংস্থা, অনুসন্ধানকৰ্তা, বৈজ্ঞানিক, ইনকিউবেটৰ, ষ্টাৰ্ট আপ আৰু প্ৰযুক্ত উদ্যোগৰ সৈতে সমন্বয় স্থাপন কৰিছে যাতে ক’ভিড-১৯ মহামাৰীৰ দ্বাৰা উদ্ভৱ প্ৰত্যাহ্বানসমূহৰ সমাধান কৰিব পাৰি৷

*****

KGS(DST)/MANN


(Release ID: 1608731) Visitor Counter : 117