বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

পেট্ৰলিয়াম, বিস্ফোৰক, অক্সিজেন আৰু ঔদ্যোগিক গেছ উদ্যোগসমূহে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ বাবে পেট্ৰলিয়াম তথা বিস্ফোৰক সুৰক্ষা সংস্থাৰ ভিন্ন পদক্ষেপ

Posted On: 27 MAR 2020 11:27AM by PIB Guwahati

ভিড-১৯ৰ সংক্ৰমণে সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দেশত বলবত্ কৰা লক ডাউনৰ সময়চোৱাত চিকিত্সালয় আৰু অন্যান্য স্বাস্থ্যসেৱা গোটসমূহৰ বাবে প্ৰয়োজন হোৱা অক্সিজেনৰ যোগান নিৰবিচ্ছিন্ন ভাবে অব্যাহত ৰখাৰ লগতে পেট্ৰলিয়াম, বিস্ফোৰক, অক্সিজেন আৰু ঔদ্যোগিক গেছ উদ্যোগসমূহে সন্মুখীন হোৱা  বিভিন্ন সমস্যা সমাধানৰ বাবে ‘বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়’ৰ অধীনস্থ ‘উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ উত্তৰণ সম্পৰ্কীয় বিভাগ’(ডিপিআইআইটি)ৰ ‘পেট্ৰলিয়াম তথা বিস্ফোৰক সুৰক্ষা সংস্থা’(পিইএছঅ)ই এলানি পদক্ষেপ গ্ৰহণ কৰিছে। এইবোৰৰ ভিতৰত আছে:

  ১. চিকিত্সালয়ৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ উত্পাদন তথা পৰিবহণৰ বাবে তাত্ক্ষণিকভাবে অনুজ্ঞা প্ৰদান কৰিবলৈ ‘পিইএছঅ’-ৰ মুখ্য কাৰ্যালয়ে ইয়াৰ অধীনস্থ সকলো কাৰ্যালয়কে নিৰ্দেশ জাৰি কৰিছে।

  ২. ক’ভিড-১৯ নিয়ন্ত্ৰণৰ বাবে যোৱা ২৪-৩-২০২০ তাৰিখে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাৱলীৰ আধাৰত চিকিত্সালয়ৰ বাবে প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰাছ অক্সাইডৰ নিৰবিচ্ছিন্ন উত্পাদন তথা পৰিবহণ নিশ্চিত কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাই দেশৰ সকলো ৰাজ্যৰ গৃহ বিভাগৰ প্ৰধান সচিবগৰাকীলৈ পৰামৰ্শসূচক পত্ৰ প্ৰেৰণ কৰিছে।

  ৩. অক্সিজেন আৰু অন্যান্য গেছ পৰিবহণৰ বাবে ইতিমধ্যে প্ৰদান কৰা আৰু অহা ৩১-০৩-২০২০ তাৰিখত অন্ত পৰিব লগা অনুজ্ঞা পত্ৰৰ ম্যাদ ৩০-০৬-২০২০পৰ্যন্ত বৃদ্ধি কৰা হৈছে।

  ৪. সেইদৰে, বিস্ফোৰক আৰু ফটকা আদিৰ সংৰক্ষণ, পৰিবহণ, বিক্ৰী, ব্যৱহাৰ, উত্পাদন বাবে ইতিমধ্যে প্ৰদান কৰা আৰু অহা ৩১-০৩-২০২০ তাৰিখত অন্ত পৰিব লগা অনুজ্ঞা পত্ৰৰ ম্যাদ ৩০-০৯-২০২০ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। অনুজ্ঞা পত্ৰৰ নৱীকৰণত হোৱা বিলম্বৰ বাবে কোনো মাচুলো গ্ৰহণ কৰা নহ’ব।

  ৫. ‘কম্প্ৰেছড অক্সিজেন’ সংৰক্ষণৰ বাবে ব্যৱহৃত চিলিণ্ডাৰ, চিএনজি, এলপিজি আৰু অন্যান্য গেছৰ অহা ৩১-০৩-২০২০ৰ ভিতৰত বিধিগত ভাবে সম্পন্ন কৰিব লগা ‘হাইড্ৰো পৰীক্ষণ’ৰ দিন এতিয়া অহা ৩০-০৬-২০২০ বুলিহে ধৰা হ’ব।

  ৬. অক্সিজেন, এলপিজি আৰু অন্যান্য গেছৰ সংৰক্ষণৰ বাবে ব্যৱহৃত প্ৰেছাৰ ভেছেলৰ অহা ১৫-০৩-২০২০ৰ পৰা ৩০-০৬-২০২০ৰ ভিতৰত বিধিগত ভাবে সম্পন্ন কৰিব লগা ‘ছেফ্টী ৰিলিফ ভাল্ভ’ আৰু ‘হাইড্ৰো পৰীক্ষণ’ৰ দিন এতিয়া অহা ৩০-০৬-২০২০ বুলিহে ধৰা হ’ব।

 

***************

YB/AP/KB



(Release ID: 1608533) Visitor Counter : 169