জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইএমআৰএছ/ইএমডিবিএছসমূহত বন্ধ পুনৰ সূচীত কৰিবলৈ ৰাজ্য চৰকাৰক জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ পত্ৰ প্ৰেৰণ

Posted On: 26 MAR 2020 6:02PM by PIB Guwahati

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে সকলো ৰাজ্যৰ জনজাতি উন্নয়ন বিভাগৰ সৈতে একলব্য মডেল আৱাসিক বিদ্যালয়সমূহৰ বন্ধ পুনৰ সূচীত কৰিবলৈ অনুৰোধ জনাইছে৷ একলব্য মডেল আৱাসিক বিদ্যালয় (ইএমআৰএছ) আৰু একলব্য মডেল ডে’ ব’ৰ্ডিং বিদ্যালয়সমূহ (ইএমডিবিএছ) জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা বিত্তপোষিত হয়৷ এই ৰাজ্যসমূহৰ জনজাতি উন্নয়ন বিভাগক মুখ্য সচিব/ভাৰপ্ৰাপ্ত সচিবলৈ লিখা পত্ৰখনত মন্ত্ৰালয়ে ক’ভিড-১৯য়ে আক্ৰান্ত কৰিব পৰা সামাজিক স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন স্থানৰ স্থানীয় প্ৰশাসনক ছুটিৰ ঘোষণা কৰিবলৈ অনুৰোধ জনোৱা হৈছে৷ কিছুমান ক্ষেত্ৰত নিৰ্ধাৰিত বাৰ্ষিক পৰীক্ষা সমাপন কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে৷

বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে নিম্নোক্ত নিৰ্দেশাৱলীসমূহ প্ৰদান কৰিছেঃ

  • বিদ্যালয়সমূহৰ গৰমৰ বন্ধ ২১.০৩.২০২০ তাৰিখৰ পৰা ২৫.০৫.২০২০ তাৰিখলৈ (৬৫ দিন)অথবা পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত আগুৱাই দিয়া হৈছে
  • সেই সময়লৈ প্ৰাংগনলৈ বাহিৰৰ মানুহ প্ৰৱেশ কৰাটো সম্পূৰ্ণৰূপে নিষেধ কৰা হৈছে৷
  • ব’ৰ্ডৰ পৰীক্ষা আৰু বিশেষ অধ্যয়ন কৰি থকাসকলৰ বাবে প্ৰাংগনত বিশেষ সেৱাৰ ব্যৱস্থা কৰা হ’ব পাৰে৷ তেনে শিক্ষাৰ্থীক পৰীক্ষা শেষ হোৱাৰ পিছতে ঘৰলৈ পঠিয়াই দিব হ’ব৷
  • বিদ্যালয় প্ৰাংগন, শিক্ষণ ব্ল’ক, হোষ্টেল আৰু অন্যান্য ঠাইসমূহ ছেনিটাইজ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে৷

উপৰোক্তসমূহৰ উপৰিও নিম্নোক্তসমূহৰো নিশ্চিতি প্ৰদান কৰা হ’বঃ

১. স্থানীয় প্ৰশাসনৰ নিৰ্দেশাৱলী কঠোৰভাৱে অনুসৰণ কৰা হ’ব৷

২. ফলাফল ঘোষণা কৰাৰ পিছত শিক্ষকসকলে ছুটি লাভ কৰিব পাৰে৷ ফলাফলসমূহ ডাক বা এছএমএছযোগে শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব৷

৩. নতুন শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ নিশ্চিতিৰ বাবে ছুটিৰ সময়ছোৱাত অন্যান্য কাৰ্যাৱলী পৰিকল্পনা কৰা হ’ব পাৰে৷

৪. বিদ্যালয় পুনৰ খোলাৰ পূৰ্বে ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিকৰণ আৰু নৱম তথা একাদশ শ্ৰেণীৰ পাৰ্শ্ব প্ৰৱেশ সম্পূৰ্ণ কৰা হ’ব৷

*****

 

NB/SK/MoTA/MANN



(Release ID: 1608398) Visitor Counter : 120