শক্তি মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        ৰাজস্থানত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত পিএফচিৰ সহযোগ
                    
                    
                        
                    
                
                
                    Posted On:
                25 MAR 2020 7:25PM by PIB Guwahati
                
                
                
                
                
                
                কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ অধীনষ্ঠ কেন্দ্ৰীয় পিএছইউ আৰু শক্তি খণ্ডৰ আগশাৰীৰ এনবিএফচি পাৱাৰ ফাইনেন্স ক’ৰ্পোৰেচন লিমিটেড(পিএফচি)-এ ভাৰতীয় ৰেড ক্ৰ’ছ ছ’চাইটীলৈ ৫০,০০,০০০(পঞ্চাশ লাখ মাত্ৰ)টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে৷   
চিএছআৰ কাৰ্যসূচীৰ অধীনত পিএফচিয়ে আগবঢ়োৱা বিত্তীয় সাহায্যৰ ধন ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থাৰ অংশ হিচাপে ৰাজস্থানত ৰেড ক্ৰ’ছ ছ’চাইটীৰ জৰিয়তে স্বাস্থ্যসন্মত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণত ব্যৱহাৰ কৰা হ’ব৷ পিএফচিৰ এই পদক্ষেপ উল্লেখনীয় হিচাপে চিহ্নিত হৈছে, কিয়নো ৰাজস্থানৰ জয়পুৰ ভাৰতত ক’ৰোনা ভাইৰাছৰ অন্যতম অভিকেন্দ্ৰ হিচাপে পৰিগণিত হৈছে৷ 
***
RCJ/M/MS
                
                
                
                
                
                (Release ID: 1608197)
                Visitor Counter : 106