কেবিনেট
ভাৰত আৰু বেলজিয়ামৰ মাজত প্ৰত্যৰ্পন চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন
Posted On:
21 MAR 2020 4:17PM by PIB Guwahati
প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰত আৰু বেলজিয়ামৰ মাজত প্ৰত্যর্পণ চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনায়৷
মুল বৈশিষ্ট্যঃ
দুয়োখন দেশে ইয়াৰ ভূখণ্ডৰ মাজত প্ৰত্যার্পিত হোৱাৰ দৰে অপৰাধত অভিযুক্ত বা দোষী ব্যক্তিক প্ৰত্যর্পণ কৰিবলৈ সম্মত হৈছে।
- প্ৰত্যৰ্পনৰ ক্ষেত্ৰত বাধ্যবাধকতাঃ
এই চুক্তিৰ অধীনত প্ৰত্যর্পণ কৰিব নোৱাৰা কেতবোৰ অপৰাধ যেনে-ৰাজনৈতিক অপৰাধ, জাতি, ধর্ম, লিংগ, ৰাষ্ট্ৰীয়তা, ৰাজনৈতিক মতামত সংক্রান্তীয় অপৰাধ অথবা যিবোৰ অপৰাধত শাস্তি কার্যকৰী কৰাৰ সময় নির্ধাৰিত কৰা হৈছে, তেনে ক্ষেত্ৰত বাধ্যবাধকতা আৰোপ কৰা হৈছে৷
- শাস্তিযোগ্য অপৰাধঃ
শাস্তিযোগ্য অপৰাধ মানে হৈছে এনে এক অপৰাধ য’ত আইনৰ অধীনত দুয়ো পক্ষই এবছৰ বা তাতকৈ অধিক শাস্তি বিহিব পাৰে৷ ইফালে, অপৰাধীৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ কাৰাবাসৰ ৬মাহৰ পিছত প্ৰত্যৰ্পনৰ সময়ত বাবে অনুৰোধ জনাব পাৰিব৷ কৰ বা ৰাজহ বা অন্যান্য বিত্তীয় অপৰাধী ইয়াৰ আওতাত পৰে৷
- প্ৰত্যৰ্পন অস্বীকাৰ কৰাৰ কেতবোৰ দিশ
এই চুক্তিৰ অধীনত প্ৰত্যৰ্পন অস্বীকাৰৰ কৰিব পাৰে, যদিহেঃ
- ব্যক্তিজন ৰাজনৈতিক অপৰাধত অভিযুক্ত৷
- অপৰাধ সংঘটিত কৰা ব্যক্তিজনে সামৰিক ক্ষেত্ৰত অপৰাধ কৰিছে৷
- যদিহে জাতি, বৰ্ণ, ধৰ্ম, ৰাষ্ট্ৰীয়তা অথবা ৰাজনৈতিক যুক্তিৰ ভিত্তিত কোনো অভিযুক্ত ব্যক্তিক প্ৰত্যৰ্পনৰ অনুৰোধ জনোৱা হয়৷
- যদিহে অভিযুক্তক কাৰাবাসৰ সময় নিৰ্দিষ্ট কৰা থাকে৷
- ৰাষ্ট্ৰীয়তাৰ প্ৰত্যৰ্পন
অপৰাধ সংঘটিত কৰাৰ সময়ত অপৰাধীৰ ৰাষ্ট্ৰীয়তা নির্ধাৰণ কৰাটো বৈষম্যমুলক
গুৰুত্বপূৰ্ণ বৈশিষ্ট্যঃ
চুক্তিখনে নিম্নোলিখিত দিশবোৰ সামৰি ল’বঃ
ক৷ বিষয়তো যদি গুৰু শাস্তিযোগ্য হয়(ধাৰা ৩(৭))
খ৷ কেন্দ্ৰীয় কৰ্তৃপক্ষ (ধাৰা ৬)
গ৷ আত্মসমৰ্পন (ধাৰা ১১)
ঘ৷ সম্পত্তিৰ হস্তান্তৰ(ধাৰা ১৮)
ঙ৷ সৰবৰাহ (ধাৰা ১৯)
চ৷ ব্যক্তিগত তথ্য সুৰক্ষা (ধাৰা ২১)
ছ৷ প্ৰত্যৰ্পনৰ সময়ত হোৱা ব্যয় (ধাৰা ২২)
জ৷ পৰামৰ্শৱলী (ধাৰা ২৪)
ঝ৷ পৰস্পৰৰ মাজত প্ৰত্যৰ্পনৰ সৈতে জড়িত আইনী সাহায্য (ধাৰা ২৫)
ঞ৷ চুক্তিৰ কাৰ্যকৰী কৰাৰ পাছত সংশোধন আৰু প্ৰত্যাহাৰৰ প্ৰৱেশ (ধাৰা ২৬)
লাভালাভঃ
এই চুক্তিখনে সন্ত্রাসবাদী, অর্থনৈতিক অপৰাধী বা অন্যান্য অপৰাধীৰ প্ৰত্যর্পণ কৰাৰ ক্ষেত্ৰত আইনী কাঠামোৰ সুবিধা প্ৰদান কৰিব৷ কেবিনেটৰ অনুমোদনৰ পাছত এই চুক্তি ভাৰত আৰু বেলজিয়ামৰ মাজত প্ৰয়োজনীয় কেতবোৰ দিশত আদান প্ৰদানৰ বাবে কার্যকৰী হ’ব৷
***
VRRK/AK/DB
(Release ID: 1608103)
Visitor Counter : 154
Read this release in:
English
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam