কেবিনেট

ভাৰত আৰু বেলজিয়ামৰ মাজত প্ৰত্যৰ্পন চুক্তি স্বাক্ষৰত কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 21 MAR 2020 4:17PM by PIB Guwahati

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ভাৰত আৰু বেলজিয়ামৰ মাজত প্ৰত্যর্পণ চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনায়৷

 

মুল বৈশিষ্ট্যঃ

 

দুয়োখন দেশে ইয়াৰ ভূখণ্ডৰ মাজত প্ৰত্যার্পিত হোৱাৰ দৰে অপৰাধত অভিযুক্ত বা দোষী ব্যক্তিক প্ৰত্যর্পণ কৰিবলৈ সম্মত হৈছে।

 

  1. প্ৰত্যৰ্পনৰ ক্ষেত্ৰত বাধ্যবাধকতাঃ

এই চুক্তিৰ অধীনত প্ৰত্যর্পণ কৰিব নোৱাৰা কেতবোৰ অপৰাধ যেনে-ৰাজনৈতিক অপৰাধ, জাতি, ধর্ম, লিংগ, ৰাষ্ট্ৰীয়তা, ৰাজনৈতিক মতামত সংক্রান্তীয় অপৰাধ অথবা যিবোৰ অপৰাধত শাস্তি কার্যকৰী কৰাৰ সময় নির্ধাৰিত কৰা হৈছে, তেনে ক্ষেত্ৰত বাধ্যবাধকতা আৰোপ কৰা হৈছে৷

  1. শাস্তিযোগ্য অপৰাধঃ

শাস্তিযোগ্য অপৰাধ মানে হৈছে এনে এক অপৰাধ য’ত আইনৰ অধীনত দুয়ো পক্ষই এবছৰ বা তাতকৈ অধিক শাস্তি বিহিব পাৰে৷ ইফালে, অপৰাধীৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ কাৰাবাসৰ ৬মাহৰ পিছত প্ৰত্যৰ্পনৰ সময়ত বাবে অনুৰোধ জনাব পাৰিব৷ কৰ বা ৰাজহ বা অন্যান্য বিত্তীয় অপৰাধী ইয়াৰ আওতাত পৰে৷

  1. প্ৰত্যৰ্পন অস্বীকাৰ কৰাৰ কেতবোৰ দিশ

এই চুক্তিৰ অধীনত প্ৰত্যৰ্পন অস্বীকাৰৰ কৰিব পাৰে, যদিহেঃ

  1. ব্যক্তিজন ৰাজনৈতিক অপৰাধত অভিযুক্ত৷
  2. অপৰাধ সংঘটিত কৰা ব্যক্তিজনে সামৰিক ক্ষেত্ৰত অপৰাধ কৰিছে৷
  3. যদিহে জাতি, বৰ্ণ, ধৰ্ম, ৰাষ্ট্ৰীয়তা অথবা ৰাজনৈতিক যুক্তিৰ ভিত্তিত কোনো অভিযুক্ত ব্যক্তিক প্ৰত্যৰ্পনৰ অনুৰোধ জনোৱা হয়৷
  4. যদিহে অভিযুক্তক কাৰাবাসৰ সময় নিৰ্দিষ্ট কৰা থাকে৷
  5. ৰাষ্ট্ৰীয়তাৰ প্ৰত্যৰ্পন

অপৰাধ সংঘটিত কৰাৰ সময়ত অপৰাধীৰ ৰাষ্ট্ৰীয়তা নির্ধাৰণ কৰাটো বৈষম্যমুলক

গুৰুত্বপূৰ্ণ বৈশিষ্ট্যঃ

চুক্তিখনে নিম্নোলিখিত দিশবোৰ সামৰি ল’বঃ

ক৷ বিষয়তো যদি গুৰু শাস্তিযোগ্য হয়(ধাৰা ৩(৭))

খ৷ কেন্দ্ৰীয় কৰ্তৃপক্ষ (ধাৰা ৬)

গ৷ আত্মসমৰ্পন (ধাৰা ১১)

ঘ৷ সম্পত্তিৰ হস্তান্তৰ(ধাৰা ১৮)

ঙ৷ সৰবৰাহ (ধাৰা ১৯)

চ৷ ব্যক্তিগত তথ্য সুৰক্ষা (ধাৰা ২১)

ছ৷ প্ৰত্যৰ্পনৰ সময়ত হোৱা ব্যয় (ধাৰা ২২)

জ৷ পৰামৰ্শৱলী (ধাৰা ২৪)

ঝ৷ পৰস্পৰৰ মাজত প্ৰত্যৰ্পনৰ সৈতে জড়িত আইনী সাহায্য (ধাৰা ২৫)

ঞ৷ চুক্তিৰ কাৰ্যকৰী কৰাৰ পাছত সংশোধন আৰু প্ৰত্যাহাৰৰ প্ৰৱেশ (ধাৰা ২৬)

লাভালাভঃ

এই চুক্তিখনে সন্ত্রাসবাদী, অর্থনৈতিক অপৰাধী বা অন্যান্য অপৰাধীৰ প্ৰত্যর্পণ কৰাৰ ক্ষেত্ৰত আইনী কাঠামোৰ সুবিধা প্ৰদান কৰিব৷ কেবিনেটৰ অনুমোদনৰ পাছত এই চুক্তি ভাৰত আৰু বেলজিয়ামৰ মাজত প্ৰয়োজনীয় কেতবোৰ দিশত আদান প্ৰদানৰ বাবে কার্যকৰী হ’ব৷

***

VRRK/AK/DB


(ৰিলিজ আই ডি : 1608103) অতিথি কক্ষ : 171