কেবিনেট

ৰাষ্ট্ৰীয় আয়ুষ মিচনত আয়ুষ্মান ভাৰতৰ আয়ুষ স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰৰ অন্তৰ্ভুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 21 MAR 2020 4:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ৰাষ্ট্ৰীয় আয়ুষ মিচন(নাম) আয়ুষ্মান ভাৰতৰ আয়ুষ স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰৰ অন্তৰ্ভুক্তিত অনুমোদন জনাইছে৷

এই প্ৰস্তাৱ অনুসৰি ২০১৯-২০ৰ পৰা ২০২৩-২৪লৈকে এই পাঁচ বছৰৰ বাবে পৰিচালনা কৰিবলগীয়া আয়ুষৰ স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰৰ বাবে মুঠ ৩৩৯৯.৩৫ কোটি টকা(২২০৯.৫৬ কোটি কেন্দ্ৰীয় চৰকাৰৰ আৰু ১১৮৯.৭৭ কোটি টকা ৰাজ্য চৰকাৰৰ অংশ) ব্যয় ব৷

ৰাষ্ট্ৰীয় আয়ুষ মিচন(নাম) অধীনত চলিবলগীয়া এই আয়ুষ স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰৰ জৰিয়তে নিম্নোলিখিত উদ্দেশ্য পুৰণ বঃ

  • বৰ্তমানৰ চিকিসা পদ্ধতিৰ সৈতে সামাঞ্জস্য ৰাখি প্ৰতিৰোধমুলক, আৰোগ্যমুলক, পুনঃসংস্কাৰমুলক আৰু আৰোগ্যমুলক চিকিসা সেৱাৰ প্ৰতি লক্ষ্য ৰাখি আয়ুষে সিদ্ধান্ত আৰু অভ্যাসৰ ওপৰত আধাৰিত এক সম্পূৰ্ণ আৰোগ্য আৰ্হি প্ৰস্তুত কৰা৷
  • আয়ুষ সেৱা প্ৰদানেৰে জৰুৰীকালীন লোকসকলৰ বাবে চিকিসাৰ নতুন বিকল্প চিন্তা কৰা৷
  • আয়ুষ সেৱাত জীৱনশৈলী, যোগ, ঔষধি গছক সামূহিক জনসজাগতাত অন্তৰ্ভূক্ত কৰা আৰু আয়ুষ ব্যৱস্থাৰ সামৰ্থ্য অনুসৰি নিৰ্বাচিত স্বাস্থ্য স্থিতিৰ বাবে ঔষধৰ ব্যৱস্থা কৰা৷

আয়ুষ মন্ত্ৰালয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল, স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ তথা অন্যান্য আনুষংগিক মন্ত্ৰালয়ৰ সহযোগত দেশত ১২,৫০০ আয়ু স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰৰ পৰিচালনা কৰাৰ বাবে নিম্নোলিখিত দুটা আৰ্হি প্ৰস্তাৱ কৰিছেঃ

১৷ বৰ্তমানৰ আয়ুষ ডিছপেনচেৰীৰ উন্নীতকৰণ(প্ৰায় ১০,০০০) কৰা

২৷ বৰ্তমানৰ উপ-স্বাস্থ্য কেন্দ্ৰৰ উন্নীতকৰণ(প্ৰায় ২৫০০)কৰা

লাভালাভঃ

  • সাৰ্বজনীন স্বাস্থ্য ব্যৱস্থাৰ সহজলভ্য চিকিসা সেৱা বৃদ্ধি পাব৷
  • গৌণ আৰু সেৱা খণ্ডৰ স্বাস্থ্য সেৱাৰ বোজা হ্ৰাস পাব৷
  • স্ব-সেৱাআৰ্হিৰ ফলত নিজা ব্যয় হ্ৰাস পাব৷
  • নীতি আয়োগৰ নিৰ্দেশ অনুসৰি বহনক্ষম উন্নয়ন ৩ৰ সৈতে আয়ুষৰ একত্ৰীকৰণ
  • নিৰ্দিষ্ট এলেকাত অত্যাধূনিক আৰোগ্য আৰ্হিৰ ৰূপায়ণ৷

***

VRRK/AK/DB



(Release ID: 1607907) Visitor Counter : 140