স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

চীনৰ পৰা উভতি অহা ভ্ৰমণকাৰীলৈ পৰামৰ্শ

Posted On: 30 JAN 2020 12:47PM by PIB Guwahati

আপোনাৰ আৰু আপোনাৰ পৰিয়ালটোক সুৰক্ষিত কৰি ৰাখিব জানিব লাগিব

চীনত সম্প্ৰতি ভেল ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে আৰু আন দেশলৈকে বিয়পি পৰাৰ বাতৰি পোৱা গৈছে৷ ৰোনা ভাইৰাছৰ ফলত সাধাৰণ জ্বৰ-কাহৰ পৰা আৰম্ভ কৰি শ্বাস-নিশ্বাসত কষ্ট পোৱাৰ দৰে লক্ষণ দেখা যায়৷    

লক্ষণসমূহ কি কি?

জ্বৰ, কাঁহ, শ্বাস-নিশ্বাসত সমস্যা আদিবোৰ ইয়াৰ সাধাৰণ লক্ষণ৷

অসুস্থ হোৱাৰ পৰা কিদৰে নিজক আৰু আনক ৰক্ষা কৰিব পাৰি?

আপুনি যদি শেহতীয়াকৈ(বিগত ১৪দিনৰ ভিতৰত) চীন ভ্ৰমণ কৰিছে অথবা ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সম্ভাব্য সংস্পৰ্শলৈ আহিছে, তেন্তে আপোনাৰ বাবে এই পৰামৰ্শঃ

  • ১৪দিনৰ বাবে গৃহবন্দী হৈ থাকক৷
    • পৃথক কোঠাত শুৱক৷
    • পৰিয়ালৰ আন সদস্যৰ সৈতে সংস্পৰ্শ সীমিত কৰক আৰু অথিথিৰ পৰা দূৰত থাকক৷
  • কাঁহ আৰু হাঁচিৰ সময়ত নাক আৰু মুখ ঢাকি লওক৷
  • জ্বৰ-কাঁহ-ছৰ্দিৰ দৰে লক্ষণত আক্ৰান্ত যিকোনো ব্যক্তিৰ ঘনিষ্ঠ সংস্পৰ্শৰ পৰা দূৰত থাকক(যিকোনো ব্যক্তিৰ পৰা অতি কমেও মিটাৰ দূৰত্ব বজাই ৰাখক)
  • ঘৰত সকলোৱে হাত পৰিস্কাৰকৈ ৰখা উচিত আৰু সঘনাই হাত ধুৱক
    • হাঁচি অথবা কাঁহৰ পিছত৷
    • ৰোগীৰ পৰিচৰ্চা কৰাৰ সময়ত৷
    • খাদ্য প্ৰস্তুত কৰাৰ পূৰ্বে, কৰি থকা সময়ত আৰু কৰাৰ পিছত৷
    • খোৱাৰ পূৰ্বে
    • শৌচালয় ব্যৱহাৰৰ পিছত৷
    • হাত লেতেৰা হৈ থকা সময়ত৷
    • জীৱ-জন্তুৰ সংস্পৰ্শলৈ অহাৰ পিছত৷
  • চীনৰ পৰা উভতি অহাৰ ২৮ দিনৰ ভিতৰত আপুনি জ্বৰ, কাঁহ অথবা উশাহ-নিশাহত সমস্যাৰ সন্মুখীন লে
    • ভাৰত চৰকাৰৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষ নম্বৰ +91-11-2397 8046 অধিক তথ্যৰ বাবে যোগাযোগ কৰক৷
    • লগে লগে মাস্ক পৰিধান কৰক আৰু নিকটৱৰ্তী চিকিৎসা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক৷
    • আতংকিত নহব৷


(Release ID: 1607029) Visitor Counter : 76