প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অসমৰ কোকৰাঝাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 07 FEB 2020 6:30PM by PIB Guwahati

 ভাৰত মাতাৰ জয়…

ভাৰত মাতাৰ জয়…

ভাৰত মাতাৰ জয়…

মঞ্চত বিৰাজমান অসমৰ ৰাজ্যপাল, সংসদৰ মোৰ সহযোগী, বিভিন্ন পৰিষদ আৰু সংগঠনৰ সৈতে জড়িত নেতাগণ৷ ইয়াত উপস্থিত এনডিএফবিৰ বিভিন্ন গোটৰ সদস্যগণ, ইয়ালৈ অহা সন্মানীয় মহানুভৱ আৰু বিশাল সংখ্যাত উপস্থিত তথা আমাক আশীৰ্বাদ দিবলৈ অহা মোৰ মৰমৰ ভাই আৰু ভনীসকল৷

মই অসমলৈ বহুবাৰ আহিছো৷ ইয়ালৈও আহিছো৷ এই সমগ্ৰ অঞ্চললৈ মই বহু বৰ্ষজুৰি অহা-যোৱা কৰিছো৷ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো বহুবাৰ আপোনালোকৰ দৰ্শনলৈ আহিছো৷ কিন্তু আজি যি উৎসাহ, যি উদ্দীপনা আপোনালোকৰ মুখমণ্ডলত দেখা পাইছো, সেয়া ইয়াৰ ‘আৰনাই’ আৰু ‘দখনা’ৰ ৰঙীণ পৰিবেশতকৈও অধিক সন্তোষ প্ৰদান কৰিছে৷

ৰাজহুৱা জীৱনত, ৰাজনৈতিক জীৱনত মই বহু সমদল দেখা পাইছো, বহু সমদলত ভাষণ প্ৰদান কৰিছো কিন্তু জীৱনত কেতিয়াও ইমান বিশাল জনসাগৰ প্ৰত্যক্ষ কৰাৰ সৌভাগ্য লাভ কৰা নাই৷ যিসকল লোক ৰাজনৈতিক পণ্ডিত তেওঁলোকে নিশ্চয় ইয়াৰ বিষয়ে কেতিয়াবা নহ’লেও কেতিয়াবা ক’বই যে স্বাধীনতাৰ পিছত হিন্দুস্তানৰ সকলোতকৈ বৃহৎ কোনো ৰাজনৈতিক সমদল হৈছে যদি আজি এই বিক্ৰম আপোনালোকে সিদ্ধ কৰি তুলিছে৷ এয়া আপোনালোকৰ ফলত হৈছে৷ মই হেলিকপ্টাৰৰ পৰা প্ৰত্যক্ষ কৰিছিলো, য’লৈ চকু যায়, ত’তেই মানুহ৷ মই প্ৰত্যক্ষ কৰিছিলো যে সেই দলংখনত যিমান মানুহ থিয় দি আছে, কোনোবা যদি পৰি যায়, বৰ দুখ পাম মই৷

ভাতৃ আৰু ভগ্নীসকল, আপোনালোকে ইমান বৃহৎ সংখ্যাত যেতিয়া আশীৰ্বাদ দিবলৈ আহছে, ইমান বৃহৎ সংখ্যাত মাতৃ-ভগ্নীসকলে আশীৰ্বাদ দিবলৈ আহিছে৷ মোৰ বিশ্বাস আগতকৈও অধিক বৃদ্ধি হৈছে৷ কেতিয়াবা কেতিয়াবা মানুহে লাঠিৰে মৰাৰ কথা কয়৷ কিন্তু যিজন মোদীয়ে ইমান বৃহৎ সংখ্যাত মাতৃ-ভগ্নীসকলৰ সুৰক্ষা কৱচ লাভ কৰিছে তেওঁৰ কিহৰ ভয়৷ মই আপোনালোক সকলোকে সেৱা জনাইছো৷ মাতৃ-ভগ্নীসকল, মোৰ ভাই-ভনীসকল, মোৰ যুৱবন্ধুসকল, আজি মই আপোলোকৰ সৈতে হৃদয়েৰে আলিংগন কৰিবলৈ আহিছো, অসমৰ মোৰ মৰমৰ ভাই-ভনীসকলক এক নতুন বিশ্বাস প্ৰদান কৰাৰ বাবে আহিছো৷ কালি সমগ্ৰ দেশে প্ৰত্যক্ষ কৰিলে যে কিদৰে গাঁৱে-গাঁৱে আপোনালোকে মটৰ চাইকেলৰ সমদল উলিয়ালে, সমগ্ৰ অঞ্চলতে চাকি জ্বলাই দিপাৱলী উদযাপন কৰিলে৷ বোধহয়, দিপাৱলীৰ সময়তে ইমান চাকি জ্বলোৱা নহয়, মই আচৰিত হৈছো৷ মই কালি দেখিছিলো যে ছ’চিয়েল মিডিয়াতো আপোনালোকৰ চাকি জ্বলোৱা আলোকচিত্ৰ দেখা পোৱা গৈছিল৷ টিভিতো দেখা পাইছিলো৷ সমগ্ৰ হিন্দুস্তানে আপোনালোকৰেই চৰ্চা কৰি আছিল৷ ভাতৃ আৰু ভগ্নীসকল, এয়া কোনো হাজাৰ, লাখ চাকি জ্বলোৱাৰ পৰিঘটনা নহয়, বৰঞ্চ এয়া হ’ল দেশৰ এই গুৰুত্বপূৰ্ণ ভূ-ভাগত এক নতুন পোহৰ, নতুন প্ৰভাতৰ সূচনা হোৱাৰ পৰিঘটনা৷

ভাতৃ আৰু ভগ্নীসকল, আজিৰ দিনটো সেই হাজাৰজন শ্বহীদক স্মৰণ কৰাৰ দিন যিসকলে দেশৰ বাবে নিজৰ কৰ্তব্যৰ সময়ত প্ৰাণ আহুতি দিছিল৷ আজিৰ দিনটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম, ৰূপনাথ ব্ৰহ্মৰ দৰে সক্ষম নেতৃত্বক স্মৰণ কৰা দিন, তেওঁলোকক সেৱা জনোৱাৰ দিন৷ আজি দিনটো এই চুক্তিৰ বাবে ধনাত্মক ভূমিকা গ্ৰহণ কৰা আবছু, এনডিএফবি, বিটিচি চীফ শ্ৰী হ্ৰাগামা মহিলাৰী আৰু অসমৰ চৰকাৰৰ দায়ৱদ্ধতাক প্ৰশংসা কৰাৰ দিন৷ সমগ্ৰ দেশে আপোনালোকক অভিনন্দন জনাইছে৷ আজি ১৩০ কোটি ভাৰতীয়ই আপোনালোকক অভিনন্দন জনাইছে৷ আপোনালোকক ধন্যবাদ জনাইছে৷

বন্ধুসকল, আজিৰ দিনটো, আপোনালোক সকলো বড়ো বন্ধুৰ এই সমগ্ৰ এলেকা, প্ৰতিটো সমাজ আৰু ইয়াৰ গুৰুজন, বৌদ্ধিকজন, কলা, সাহিত্যিকসকলক প্ৰয়াসক উদযাপিত কৰাৰ দিন, গৌৰৱগান কৰাৰ দিন৷ আপোনালোক সকলোৰে সহযোগিতাৰ দ্বাৰাই স্থায়ী শান্তিৰ পথ বাহিৰ হৈছে৷ আজিৰ দিনটো অসমসহিতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে একবিংশ শতিকাৰ নতুন আৰম্ভণি, এক নতুন প্ৰভাতৰ, এক নতুন প্ৰেৰণাক স্বাগতম জনোৱাৰ অৱকাশ হিচাপে বিবেচিত হৈছে৷ আজিৰ দিনটো এয়া সংকল্প লোৱাৰ দিন যে বিকাশ আৰু বিশ্বাসৰ মুখ্যধাৰাক শক্তিশালী কৰিব লাগিব৷ এতিয়া হিংসাৰ অন্ধকাৰক এই ভূমিলৈ ঘূৰি আহিবলৈ দিব নালাগিব৷ এতিয়া এই ভূমিৰ যিকোনো মাতৃৰ পুত্ৰৰ, যিকোনো ভগ্নীৰ ভাতৃৰ ৰক্তক্ষৰণ নহ’ব, হিংসা নহ’ব৷ আজি সেই মাতৃসকলেও মোক আশীৰ্বাদ প্ৰদান কৰিছে যিসকলৰ পুত্ৰসকলে কান্ধত বন্দুক লৈ হাবিয়ে-বননিয়ে ঘূৰি ফুৰিছিল৷ সদায়েই মৃত্যুক সাঁৱটি ঘূৰি ফুৰিছিল৷ আজি তেওঁলোকে নিজৰ মাকৰ কোলাত মুৰ থৈ শান্তিৰে টোপনি যাব পাৰিছে৷ মই সেই মাতৃৰ পৰা আশীৰ্বাদ লাভ কৰিছো, সেই ভগ্নীৰ পৰা আশীৰ্বাদ লাভ কৰিছো৷ কল্পনা কৰক, ইমান দশকজুৰি ইয়াত দিনে-ৰাতিয়ে গুলী চলি আছিল৷ আজি সেই জীৱনৰ পৰা মুক্তি পোৱাৰ পথ মুকলি হৈছে৷ মই নতুন ভাৰতৰ নতুন সংকল্পত আপোনালোক সকলোকে, শান্তিপ্ৰিয় অসমৰ, শান্তি আৰু বিকাশপ্ৰিয় উত্তৰ-পূৰ্বাঞ্চলক হৃদয়ৰ পৰা স্বাগতম জনাইছো, অভিনন্দন জনাইছো৷

বন্ধুসকল, উত্তৰ-পূৰ্বাঞ্চলত শান্তি আৰু বিকাশৰ নতুন অধ্যায় সংযোজিত হোৱাটো এক ঐতিহাসিক বিষয়৷ এনে সময়তে এয়া অতিশয় সুখৰ কথা যে দেশে মহাত্মা গান্ধীৰ ১৫০তম জয়ন্তী পালন কৰাৰ সময়তে এই চুক্তিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে৷ আৰু এয়া কেৱল ভাৰতৰ বাবেই নহয় বৰঞ্চ সমগ্ৰ বিশ্বৰ বাবে হিংসাৰ পথ ত্যাগ কৰি অহিংসাৰ পথ বাচি লোৱাৰ এক প্ৰেৰণাৰ স্থল হিচাপে বিবেচিত হৈছে৷ মহাত্মা গান্ধীয়ে কৈছিল যে অহিংসাৰ পথত অগ্ৰসৰ হৈ আমি যি ফলাফল লাভ কৰো সেয়া সকলোৰে স্বীকাৰ্য হয়৷ এতিয়া অসমত অনেক বন্ধুৱে শান্তি আৰু অহিংসাৰ পথ স্বীকাৰ কৰাৰ লগতে গণতন্ত্ৰকো স্বীকাৰ কৰি লৈছে, ভাৰতৰ সংবিধানকো স্বীকাৰ কৰি লৈছে৷

বন্ধুসকল, মোক কোৱা হৈছে যে আজি যেতিয়া কোকৰাঝাৰত এই ঐতিহাসিক শান্তি চুক্তি উদযাপিত কৰিবলৈ আমি একত্ৰিত হৈছো, সেই সময়তে গোলাঘাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক সন্মিলনো উদযাপন কৰা হৈছে৷

মই মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱলৈ গভীৰ প্ৰণিপাত জনাইছো৷ মই লগতে অধিৱেশনখনৰো সফলতা কামনা কৰিলো!!

ভাতৃ আৰু ভগ্নীসকল, শ্ৰীমন্ত শংকৰদেৱে অসমৰ ভাষা আৰু সাহিত্য সমৃদ্ধ কৰাৰ লগতে সমগ্ৰ ভাৰতক, সমগ্ৰ বিশ্বকে আদৰ্শ জীৱন অতিবাহিত কৰাৰ পথ প্ৰদৰ্শিত কৰিছে৷

শংকৰদেৱে অসমসহিতে সমগ্ৰ বিশ্বক এইবুলি কৈছিল যে-

সত্য শৌচ অহিংসা শিখিবে সমদম

সুখ দুখ শীত উষ্ণ অতঃ হৈব সম৷৷

অৰ্থাৎ সত্য, শৌচ, অহিংসা আদি শিক্ষা প্ৰাপ্ত কৰক৷ সুখ, দুখ, গৰম, শীত আদি সহন কৰাৰ বাবে নিজকে প্ৰস্তুত কৰক৷ তেওঁৰ সেই চিন্তাধাৰাত ব্যক্তিৰ নিজৰ বিকাশৰ সৈতে সমাজৰ বিকাশৰ ভাৱধাৰাও অন্তৰ্নিহিত হৈ আছে৷ আজি ইমান দশকৰ পিছতো এই সমগ্ৰ ক্ষেত্ৰত ব্যক্তিৰ বিকাশৰ, সমাজৰ বিকাশৰ এই পথেই সৱলীকৃত হৈ আছে৷

ভাতৃ আৰু ভগ্নীসকল, মই বড়োলেণ্ড আন্দোলনৰ অংশীদাৰ সকলোকে ৰাষ্ট্ৰৰ মুখ্যধাৰাৰ সৈতে অন্তৰ্ভুক্ত হোৱাৰ বাবে স্বাগতম জনাইছো৷ পাঁচটা দশকৰ পিছত সম্পূৰ্ণ সৌহাৰ্দ্যৰ সৈতে বড়োলেণ্ড আন্দোলনৰ সৈতে জড়িত সকলো লোকৰ আশা আৰু আকাংক্ষাই সন্মান লাভ কৰিছে৷ প্ৰতিটো পক্ষই একত্ৰিতভাৱে স্থায়ী শান্তিৰ বাবে, সমৃদ্ধি আৰু বিকাশৰ বাবে হিংসাত পূৰ্ণ বিৰাম লগাইছে৷ মই দেশক এয়াও জনাব বিচাৰো, কিয়নো মোৰ মৰমৰ ভাই-ভনীসকল, সমগ্ৰ ভাৰতে এয়া প্ৰত্যক্ষ কৰি আছে৷ সকলো টিভি চেনেলে আজি ইয়াত নিজৰ কেমেৰা লগাই বহি আছে৷ কাৰণ আপোনালোকে এক নতুন ইতিহাস ৰচনা কৰিছে৷ ভাৰতত এক নতুন বিশ্বাসৰ সৃষ্টি কৰিছে৷ শান্তিৰ পথ আপোনালোকে সৱলীকৰণ কৰিছে৷

ভাতৃ আৰু ভগ্নীসকল, মই আপোনালোক সকলোকে অভিনন্দন জনাব বিচাৰিচো কিয়নো এই আন্দোলনৰ সৈতে জড়িত প্ৰতিটো দাবী পূৰণ কৰা হৈছে৷ ১৯৯৩ চনত যি চুক্তি সম্পন্ন হৈছিল, ২০০৩ চনত যি চুক্তি সম্পন্ন হৈছিল, তাৰ পিছতো সম্পূৰ্ণ ৰূপে স্থায়ী শান্তি স্থাপন হোৱা নাছিল৷ এতিয়া কেন্দ্ৰ চৰকাৰ, অসম চৰকাৰ আৰু বড়ো আন্দোলনৰ সৈতে জড়িত সংগঠনসকলে যি ঐতিহাসিক চুক্তিত সন্মতি প্ৰদান কৰিছে, য’ত স্বাক্ষৰিত কৰিছে, ইয়াৰ পিছত আৰু একো দাবী বাদ পৰি ৰোৱা নাই আৰু এতিয়া বিকাশেই হ’ল প্ৰথম আৰু অন্তিম অগ্ৰাধিকাৰ৷

বন্ধুসকল, মোক বিশ্বাস কৰক, মই আপোনালোকৰ সুখ-দুখ, আপোনালোকৰ আশা-আকাংক্ষা, আপোনালোকৰ সন্তানৰ উজ্বল ভৱিষ্যতৰ বাবে যি কৰিব পাৰো তাকেই কৰিম৷ কিয়নো মই জানো যে বন্দুক, পিস্তল পৰিত্যাগ কৰি আপোনালোক যেতিয়া উভতি আহিছে, কি পৰিস্থিতিত আপোনালোক উভতি আহিছে মই জানো৷ আৰু সেইবাবে এই শান্তিৰ পথত যাতে কোনো বাধা নাথাকে তাৰ চিন্তা মই কৰিম৷ কাৰণ এই শান্তিৰ পথ প্ৰেম আৰু আদৰৰ পথ, এই অহিংসাৰ পথে আপোনালোকৰ হৃদয় জয় কৰিব৷ সমগ্ৰ ভাৰতে আপোনালোকৰ হৃদয় জয় কৰিব৷ কাৰণ আপোনালোক শুদ্ধ পথ বাচনি কৰিছে৷

বন্ধুসকল, এই চুক্তিৰ লাভ বড়ো জনজাতিৰ বন্ধুসকলৰ সৈতে সমাজৰ আন অংশইও লাভ কৰিব৷ কাৰণ এই চুক্তিৰ অধীনত বিটিচিৰ পৰিসৰ বৃদ্ধি হ’ব, সৱলীকৃত হ’ব৷ এই চুক্তিৰ দ্বাৰা সকলোৰে বিজয় হৈছে৷ আৰু তাতোকৈ ডাঙৰ কথা হ’ল শান্তিৰ জয় হৈছে, মানৱতাৰ জয় হৈছে৷ এতিয়া আপোনালোকে থিয় হৈ, হাত-চাপৰি বজাই মোৰ সন্মান কৰিলে, মই বিচাৰিছো যে আপোনালোকে থিয় হৈ পুনৰ হাত-তালি বজাওক, মোৰ বাবে নহয়, শান্তিৰ বাবে৷ মই আপোনালোকৰ ওচৰত বিশেষভাৱে কৃতজ্ঞ৷

চুক্তি অনুসৰি BTAD ত ভিতৰত থাকিবলগীয়া এলেকাৰ সীমা নিৰ্ধাৰণৰ বাবে এক আয়োগো গঠন কৰা হ’ব। এই অঞ্চলৰ উন্নয়ণৰ বাবে ১৫০০ কোটি টকাৰ এক বিশেষ পেকেজো আগবঢ়োৱা হ’ব। এই পেকেজৰ দ্বাৰা লাভৱান্বিত হ’ব কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিৰ দৰে জিলা। ইয়াৰ অৰ্থ হৈছে বড়ো জনজাতিৰ প্ৰতিটো অধিকাৰৰ লগতে বড়ো সংস্কৃতিৰ বিকাশ সুনিশ্চিত হ’ব, সংৰক্ষিত হ’ব। এই চুক্তিৰ পিছতে এই অঞ্চলত ৰাজনৈতিক, আৰ্থিক, শৈক্ষিক সকলো দিশতে প্ৰগতি আহিব।

মোৰ আদৰৰ ভাই-ভনীহঁত, এতিয়া চৰকাৰৰ এটাই মাথো প্ৰয়াস যে যথাসম্ভৱ তৎকালীনভাৱে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন কৰা। মই অসমবাসীক আশ্বস্ত কৰিবলৈ বিচাৰিছো যে এই সম্বন্ধীয় কমিটিৰ প্ৰতিবেদন অহাৰ পিছত কেন্দ্ৰ চৰকাৰে আৰু ক্ষীপ্ৰতাৰে কাম কৰিব। আমি কাম পেলাই থোৱা মানুহ নহয়। দায়িত্বশীলতাৰে কাম কৰা স্বভাৱৰ মানুহ আমি। এইবাবেই বহু বছৰ ধৰি অসমৰ যিবোৰ কথা নিস্পত্তি নোহোৱাকৈ পৰি আছিল সেইবোৰ আমি পূৰণ কৰিহে এৰিম।

বন্ধুসকল, আজি বড়ো ভূমিত নতুন আশাৰ সঞ্চাৰ হৈছে, নতুন সপোনৰ জন্ম হৈছে, গতিকে তাৰ সমান্তৰালকৈ আপোনালোক সকলোৰে দায়িত্বও বৃদ্ধি পালে। মোৰ বিশ্বাস যে Bodo Territorial Council এ এতিয়াৰে পৰা ইয়াৰ সকলো সমুদায়কে লগত লৈ, কোনো বিভেদ নৰখাকৈ, সকলোকে লগত লৈ বিকাশৰ এক ন অধ্যায়ৰ সূচনা কৰিব। মই এই কথা জানি নথৈ আনন্দিত হৈছো যে অসম চৰকাৰে বড়ো ভাষা আৰু সংস্কৃতিক লৈ এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বৃহৎ আঁচনি হাতত লৈছে। এই বাবে মই ৰাজ্য চৰকাৰক আন্তৰিকতাৰে ধন্যাবাদ জ্ঞাপন কৰিছো। বড়ো টেৰিটৰিয়েল কাউন্সিল, অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ, এই তিনিও এতিয়া একত্ৰিত হৈ ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’ৰ মূলমন্ত্ৰক বাস্তৱিক ৰূপ প্ৰদান কৰিব। মোৰ আদৰৰ ভাই-ভনীসকল, ইয়াৰ দ্বাৰা অসমো সবলীকৃত হ’ব আৰু এক ভাৰত – শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাও আৰু অধিক শক্তিশালী হ’ব।

বন্ধুসকল, ২১ শতিকাৰ ভাৰতে এতিয়া দৃঢ় নিৰ্ণয় কৰি লৈছে যে এতিয়া আৰু আমি অতীতৰ সমস্যাক লৈ চিন্তান্বিত হৈ নাথাকো। আজি দেশে জটিলৰ পৰা জটিলতৰ সমস্যা সাহসেৰে সমাধান কৰাৰ প্ৰয়াস কৰিছে। দেশৰ সমূখত যিমানেই সমস্যা বা প্ৰত্যাহ্বান নাথাকক কিয়, তাক ৰাজনৈতিক কাৰণৰ বাবে বা কেতিয়াবা সামাজিক কাৰণৰ বাবেও অগ্ৰাহ্য কৰা নহয়। এই প্ৰত্যাহ্বানবোৰে দেশৰ ভিতৰচোৱাত বিভিন্ন ক্ষেত্ৰত হিংসা, অস্থিৰতা আৰু অবিশ্বাসক উদগনি যোগাইছে।

দশক দশক ধৰি দেশ এনেদৰেই চলি আহিছে। উত্তৰ-পূৱৰ বিষয়বোৰ এনেধৰণে ধৰা হৈছিল যে, এইবোৰ বিষয়ত কোনেও হাতো লগাবলৈ বিচৰা নাছিল। আন্দোলন হৈছে, হৈ থাকক, পথ অৱৰোধ হৈছে, হৈ থাকক, হিংসা হৈছে, কোনোপধ্যে ইয়াক দমন কৰা হওঁক, এনেধৰণৰ মনোভাৱ আছিল উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ প্ৰতি। মই স্বীকাৰ কৰো যে এনে মনোভাৱে উত্তৰ-পূৱৰ আমাৰ কিছু ভাই-ভনীক ইমানেই আঁতৰলৈ ঠেলি পঠিয়ালে যে ভাৰতৰ সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাইকিয়া হ’বলৈ ল’লে। বিগত কেইটামান দশকত উত্তৰ-পূৱত হেজাৰ হেজাৰ নিৰীহ নিৰ্দোষ লোকৰ মৃত্যু হ’ল, হেজাৰ হেজাৰ সুৰক্ষা কৰ্মী নিৰাপত্তাৰক্ষীৰ মৃত্যু হ’ল, বহু লোক গৃহহাৰা হ’ল, লক্ষ লক্ষ লোকে বিকাশ কাক কয়, সেয়া নুবুজাকৈয়েই ৰৈ গ’ল। এয়া সঁচা কথা যে পূৰ্বৰ চৰকাৰসমূহেও জানিছিল, বুজিছিল, স্বীকাৰো কৰিছিল, কিন্তু এনে পৰিস্থিতিলৈ কেনেদৰে পৰিৱৰ্তন আনিব লাগিব, তাৰ বাবে কেতিয়াও কষ্ট কৰা নাছিল। ইমান ডাঙৰ সমস্যাত কোনে হাত লগাব, এনেদৰেই চ্লি থাকিবলৈ দিয়ক, এনেদৰেই ভাবিছিল লোকে।

মোৰ আদৰৰ ভাই-ভনীসকল, ৰাষ্ট্ৰহিত যেতিয়া সৰ্বোপৰি হৈ পৰে, তেতিয়া এনে পৰিস্থিতিবোৰক এনেদৰেই থাকিবলৈ দিব নোৱাৰি। উত্তৰ-পূৱৰ সমগ্ৰ বিষয়ৰাজি অতি স্পৰ্শকাতৰ আছিল, সংবেদনশীল আছিল, সেইবাবেই আমি নতুন চিন্তাধাৰাৰে কাম কৰিবলৈ ললো। আমি উত্তৰ-পূৱৰ বিভিন্ন এলেকাৰ ভাৱনাত্মক দিশবোৰৰ সূক্ষ্ম অধ্যয়ন কৰিলো, তেওঁলোকৰ আশা-আকাঙ্ঘাবোৰৰ বিষয়ে বুজিলো। ইয়াত বসবাস কৰা লোকসকলৰ সৈতে আত্মিকতাৰে কাম কৰাৰ প্ৰয়াস কৰিবলৈ ললো। তেওঁলোকৰ মনত বিশ্বাস আনি দিয়াৰ প্ৰয়াস কৰা হ’ল। তেওঁলোকক আপোন মানি ললো, তেওঁলোকেও আপোন বুলি আদৰি ল’লে। আজি এই পদক্ষেপৰেই ফলাফল যে পূৰ্বে প্ৰতিবছৰে উত্তৰ-পূৱত গড়ে এহেজাৰ লোকে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতি সলনি হৈ ইয়াত উগ্ৰবাদৰ সমস্যা সমাধান হ’ল আৰু শান্তি উভতি আহিল।

যি উত্তৰ-পূৱত প্ৰায় প্ৰতিটো অঞ্চলতেই Armed Forces Special Power Act প্ৰযোজ্য হৈ আছিল, এতিয়া আমি শাসনলৈ অহাৰ পিছতত্ৰিপুৰা, মিজোৰাম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ অধিকাংশ ঠাই AFSPA ৰ পৰা মুক্ত হৈ পৰিছে। যি উত্তৰ-পূৱত উদ্যোগীসকল বিনিয়োগৰ বাবে প্ৰস্তুত নাছিল, সেই উত্তৰ-পূৱতেই এতিয়া বিনিয়োগ আৰম্ভ হৈছে, ন উদ্যমেৰে মানুহে কাম কৰিবলৈ লৈছে।

যি উত্তৰ-পূৱত নিজ নিজ গৃহভূমিৰ বাবে মানুহৰ মাজত যুদ্ধ হৈছিল, সেই উত্তৰ-পূৱতেই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনা শক্তিশালী হৈ পৰিছে। যি উত্তৰ-পূৱত হিংসাৰ বাবে নিজ দেশতে শৰণাৰ্থী হৈ পৰিছিল মানুহ, এতিয়া ইয়াত মানুহে সসন্মানে আৰু মৰ্যাদাৰে সুবিধা লাভ কৰিবলৈ লৈছে। যি উত্তৰ-পূৱলৈ দেশৰ আন আন প্ৰান্তৰ লোক যাবলৈ ভয় কৰিছিল, সেই উত্তৰ-পূৱক এতিয়া Next Tourist Destination হিচাপে গঢ়ি তোলাৰ কাম হাতত লোৱা হৈছে।

বন্ধুসকল, এই পৰিৱৰ্তন কেনেদৰে আহিল? এদিনতে আহিছে নেকি? নিশ্চয় নহয়। পাচ বছৰৰ ধাৰাবাহিক পৰিশ্ৰমৰ ফলতে এয়া সম্ভৱ হৈছে। পূৰ্বে উত্তৰ-পূৱৰ ৰাজ্যসমূহক কেৱল গ্ৰহণকাৰী ৰাজ্য হিচাপে গণ্য কৰা হৈছিল, আৰু তাৰ পৰিৱৰ্তে আজি উত্তৰ-পূৱক বিকাশৰ স্ৰোত হিচাপে গণ্য কৰা হয়। পূৰ্বে উত্তৰ পূৱৰ ৰাজ্যসমূহক দিল্লীৰ পৰা বহু দূৰৈৰ ৰাজ্য বুলি গণ্য কৰা হৈছিল। আৰু আজি দিল্লী আপোনাৰ দুৱাৰদলিলৈ আহি নিজেই কাম কৰিছে, আপোনালোকৰ সুখ-দুখৰ সমভাগী হৈছে। 

মোলৈকে চাওঁক…বড়ো ভাইসকলৰ সৈতে, অসমবাসীৰ সৈতে মোৰ কথা পাতিবলগীয়া আছিল, আৰু সেইবাবে মই আজি আপোনালোকৰ কাষলৈ নিজেই আহিছো, দিল্লীৰ পৰা বাৰ্তা প্ৰেৰণ কৰা নাই। তাৰ পৰিৱৰ্তে আপোনালোকৰ চকুত চকু থৈ, আপোনালোকৰ আশীৰ্বাদ লৈ আপোনালোকৰ সৈতে জড়িত হৈছো। নিজৰ চৰকাৰৰ মন্ত্ৰীসকলৰ বাবে সময়সূচী প্ৰস্তুত কৰি আমি এইটো সুনিশ্চিত কৰিছো যে প্ৰতি ১০-১৫ দিনত কেকন্দ্ৰ চৰকাৰৰ কোনোবা নহয় কোনোবা মন্ত্ৰী উত্তৰ-পূৱলৈ অৱশ্যেই আহিব। ৰাতি ইয়াতেই থাকিব, ইয়াৰ জনসাধাৰণৰ সৈতে কথা-বতৰা পাতিব, সমস্যাৰ সমাধান আনিব। ইয়ালৈ আহি কাম কৰিব, সেয়া আমি কৰি দেখুৱাইছো। আমাৰ সতীৰ্থসকলে প্ৰয়াস কৰিছে যে তেওঁলোকে যথাসম্ভৱ ইয়াত সময় কটাব, যথাসম্ভৱ মানুহৰ সৈতে মত-বিনিময় কৰিব, তেওঁলোকৰ সমস্যা বুজিবলৈ যত্ন কৰিব, সমাধান কৰাৰ প্ৰয়াস কৰিব। মই আৰু মোৰ চৰকাৰে ধাৰাবাহিকভাৱে আপোনালোকৰ মাজলৈ আহি আপোনালোকৰ সমস্যাবোৰ বুজিবলৈ যত্ন কৰিছো, আপোনালোকৰ মতামত লৈ কেন্দ্ৰ চৰকাৰে গুৰুত্বপূৰ্ণ নীতি নিৰ্ধাৰণ কৰি আছে।

বন্ধুসকল, ত্ৰয়োদশ বিত্ত আয়োগৰ সময়ছোৱাত উত্তৰ-পূৱৰ ৮ খন ৰাজ্য মিলাই লৈ ৯০ হাজাৰ কোটি টকাতকৈও কম ধনৰাশি লাভ কৰিছিল। চতুৰ্দশ আয়োগত আমি কেন্দ্ৰলৈ অহাৰ পিছত এই ধনৰাশি বৃদ্ধি হৈ ৩ লাখ কোটি টকা হ’লগৈ। আপোনালোকেই মন কৰক, ক’ত ৯০ হাজাৰ কোটি আৰু ক’ত ৩ লাখ কোটি টকা।

বিগত তিনি-চাৰি বছৰত উত্তৰ-পূৱত ৩০০০ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হৈছে। নতুন ৰাষ্ট্ৰীয় ঘাইপথলৈ অনুমোদন প্ৰদান কৰা হৈছে। উত্তৰ-পূৱৰ সমগ্ৰ ৰে’ল নেটৱৰ্কক ব্ৰডগজলৈ পৰ্যবসিত কৰা হৈছে। পূৰ্বোত্তৰত নতুন বিমানবন্দৰ নিৰ্মাণ আৰু পুৰণি বিমানবন্দৰবোৰৰ আধুনিকীকৰণৰ কাম ক্ষীপ্ৰতাৰে কৰা হৈছে।

উত্তৰ-পূৱত ইমান নদী আছে, ইমানবোৰ জল সম্পদ আছে, কিন্তু ২০১৪ চনলৈ ইয়াত কেৱল এটাহে জল পথ আছিল। বছৰৰ ৩৬৫ টা দিনেই জলমগ্ন হৈ থকা নদীবোৰ চাওতা কোনো নাছিল। আজি ইয়াত ১২ টাতকৈও অধিক জল পথৰ ওপৰত কাম চলি আছে। পূৰ্বোত্তৰৰ শিক্ষা, দক্ষতা আৰু ক্ৰীড়া ক্ষেত্ৰত ন ন প্ৰতিষ্ঠানৰ সংযোজনেৰে ইয়াক শক্তিশালী কৰি তোলাৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। ইয়াৰ উপৰিও, উত্তৰ-পূৱৰ শিক্ষাৰ্থীসকলৰ বাবে দিল্লী আৰু বেংগালুৰুত নতুন ছাত্ৰনিবাস নিৰ্মাণৰো কাম হাতত লোৱা হৈছে।

বন্ধুসকল, ৰেলৱে ষ্টেশ্যনেই হওঁক, নতুন ৰে’লপথেই হওঁক, নতুন বিমানবন্দৰ হওঁক, নতুন জলপথ হওঁক অথবা Internet connectivity হওঁক, আজি যিটো হাৰত উত্তৰ-পূৱত কাম সম্পন্ন হৈছে, এনেদৰে ইয়াৰ পূৰ্বে কেতিয়াও কাম সম্পন্ন হোৱা নাছিল। দশক দশক ধৰি পৰিত্যক্ত হৈ থকা বিভিন্ন প্ৰকল্প সম্পূৰ্ণ কৰাৰ উপৰিও ন ন প্ৰকল্পৰ কামো তৎপৰতাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিছো। ক্ষীপ্ৰতাৰে সম্পূৰ্ণ হৈ থকা এইবোৰ প্ৰকল্পই উত্তৰ-পূৱত যোগাযোগ ব্যৱস্থাক এক অনন্য ৰূপ প্ৰদান কৰিব, পৰ্যটন ক্ষেত্ৰক টনকিয়াল কৰিব আৰু লক্ষ লক্ষ নিয়োগৰ সুবিধা সৃষ্টি কৰিব। বিগত মাহত, উত্তৰ-পূৱৰ আঠখন ৰাজ্যত চলিবলগীয়া গেছ গ্ৰিড প্ৰকল্পৰ বাবে প্ৰায় ৯ হাজাৰ কোটি টকা আবণ্টন দিয়া হৈছে।

বন্ধুসকল, আন্তঃগাঁথনি কেৱল চিমেণ্ট আৰু কংক্ৰিটৰ অৰণ্য নহয়। ইয়াৰ মানৱীয় প্ৰভাৱ আছে আৰু ইয়াৰ যোগেদি মানুহৰ এনে অনুভৱ হয় যে কোনোবাই তেওঁলোকৰ যতন লৈছে, তেওঁলোকৰ খবৰ ৰাখিছে। যেতিয়া বগীবিল দলংৰ লেখীয়া প্ৰকল্প দশক দশক ধৰি অসম্পূৰ্ণ হৈ পৰি থকা প্ৰকল্প সম্পূৰ্ণ হৈ উঠে তেতিয়াই লক্ষ লক্ষ লোকে লাভ কৰে যোগাযোগৰ অনন্য ব্যৱস্থা, আৰু তেতিয়াই চৰকাৰৰ ওপৰত তেওঁলোকৰ আস্থা জন্মে। বিশ্বাস জন্ম, ইয়াৰ বাবেই বিকাশৰ অনবদ্য ক্ষীপ্ৰতাসম্পন্ন কামবোৰে মানুহৰ বিচ্ছিন্নতাবাদী মনোভাৱক ইচ্ছাৰ প্ৰতি ধাবিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছে। এতিয়া বিচ্ছিন্নতাবাদ নহয়, ইচ্ছা জাগে। আৰু যেতিয়াই ইচ্ছা জাগে, ধাউতি বাঢ়ে, যেতিয়াই প্ৰগতি সকলোৰে বাবে সমানে অগ্ৰসৰ হয়, তেতিয়াই মানুহে একেলগে কাম কৰাৰ বাবে প্ৰস্তুত হৈ পৰে। আৰু যেতিয়াই মানুহে একেলগে কাম কৰাৰ বাবে প্ৰস্তুত হৈ পৰে, তেতিয়াই বৃহৎ কামৰ সমাধানৰ উপায় ওলাই পৰে।

উত্তৰ-পূৰ্বাঞ্চলত ইমানবোৰ নদ-নদী আছে, ৩৬৫দিন পানীৰে ভৰি থকা জল-ভাণ্ডাৰ আছে, অথচ ২০১৪চন পৰ্যন্ত এইটো অঞ্চলত ‘ৱাটাৰ-ৱে আছিল মাত্ৰ এটা। আচলতে এই দিশত কোনেও বিশেষ গুৰুত্বই দিয়া নাছিল। কিন্তু আজিৰ তাৰিখত অঞ্চলটোত এক ডৰ্জনৰো ওপৰ’‘ৱ্টাৰ ৱে’-ৰ কাম চলি আছে। উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ শিক্ষা, দক্ষতা বিকাশ আৰু ক্ৰীড়া ক্ষেত্ৰত সংস্থান দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দিল্লী আৰু বাংগালোৰত আচুতীয়াকৈ ছাত্ৰাবাস নিৰ্মাণৰ কাম অব্যাহত আছে।

বন্ধুসকল, ৰে’ল পথেই হওক, বিমান বন্দৰ অথবা নতুন ৱাটাৰ ৱে কিম্বা ইণ্টাৰনেট সংযোগৰ ব্যস্থাই হওক আজিৰ তাৰিখত অঞ্চলটোত যিমান কাম চলি আছে ইয়াৰ আগতে কেতিয়াও হোৱা নাছিল। দ্ৰুত গতিত সম্পাদিত হৈ থকা এইবোৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলেই উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা আৰু অধিক উন্নত হোৱাৰ লগতে পৰ্যটন খণ্ডৰোবিশেষ উত্তৰণ সম্ভৱ হৈ উঠিব। কেৱল এয়াই নহয় অঞ্চলটোৰ যুৱ-প্ৰজন্মৰ বাবে লাখৰ ঘৰত কৰ্ম-সংস্থানৰ সুযোগ ওলাব। শেহতীয়া ভাবে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যকে সামৰি ৰূপায়ণ হ’ব লগা গেছ-গ্ৰীড প্ৰকল্পৰ বাবে প্ৰায় ৯হাজাৰ কোটি টকাৰ পুঁজি আৱণ্টিত কৰা হৈছে।

বন্ধুসকল, আন্তঃগাঁথনি নিৰ্মাণ কেৱল চিমেণ্ট আৰু কংক্ৰিটৰ এসোপা জংঘলেই নহয়। ইয়াৰ এক মানৱীয় প্ৰভাৱো থাকে আৰু ইয়াৰ বাবেই মানুহে তেওঁলোকৰ বাবেও যে কোনোবাই ভাবে সেয়া উপলব্ধি কৰিব পাৰে। যেতিয়া বগীবিল দলঙৰ দৰে দীৰ্ঘ দিনে আধৰুৱা হৈ ৰোৱা প্ৰকল্পবোৰৰ কাম দ্ৰুতগতিত সম্পন্ন হ’বলৈ ধৰে তেতিয়া চৰকাৰৰ ওপৰত জন-সাধাৰণে বিশ্বাস কৰিবলৈ ধৰে। এই বিশ্বাসে ভৰষা বঢ়াই আৰু সৰ্বসাধাৰণ জনতাইও প্ৰগতিৰ বাবে চৰকাৰে লোৱা উদ্যোগত হাত উজান দিবলৈ আগবাঢ়ি আহে। আৰু যেতিয়া ৰাইজে বল দিয়ে তেতিয়া অসম্ভৱো সম্ভৱ হৈ উঠে।

বন্ধুসকল, ব্ৰু আৰু ৰিয়াং জনজাতিৰ পুনৰ-সংস্থাপনৰ কথাটোও এনেকুৱা এটা প্ৰসংগই আছিল। মিজোৰাম আৰু ত্ৰিপুৰাৰ সীমান্তবৰ্তী এলেকাত নিতান্ত অঘৰী জীৱন কটাবলৈ বাধ্য হোৱা এইসকল লোকৰ পুনৰ সংস্থাপনৰ বাবে শেহতীয়া ভাবেএক ঐতিহাসিক চুক্তি সম্পাদিত কৰা হ’ল। ইয়াৰ দ্বাৰা ব্ৰু আৰু ৰিয়াং জনজাতিৰ বন্ধুসকলৰ এক স্থায়ী ঠিকনা নিশ্চিত হ’ল। এইসকল বন্ধুৰ বাবে চৰকাৰে অচিৰেই এক বিশেষ পেকেজ প্ৰদান কৰিব।

বন্ধুসকল, আমাৰ চৰকাৰৰ আন্তৰিক প্ৰয়াসৰ সুবাদতে অলপতে গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠান ৮টা সংগঠনৰ ৬শৰো অধিক সদস্যই উগ্ৰবাদ পৰিত্যাগ কৰি শান্তিৰ পথলৈ উভতি আহিছে। তেওঁলোকে আধুনিক মাৰণাস্ত্ৰৰ বিশাল ভাণ্ডাৰৰ সৈতে আত্ম-সমৰ্পণ কৰিছে। তেওঁলোকে অহিংসাৰ পথ গ্ৰহণ কৰাৰ পণ লৈছে। এতিয়া তেওঁলোকক ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যুগুতোৱা আঁচনিৰ আধাৰত পুনৰ সংস্থাপিত কৰা হ’ব।

বন্ধুসকল, যোৱাটো বৰ্ষটো ‘নেশ্যনেল ফ্ৰণ্ট অব ত্ৰিপুৰা’ আৰু ত্ৰিপুৰা চৰকাৰৰ মাজত বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল। মই ভাবোসংগঠনসমূহৰ সৈতে বাৰ্তালাপ কৰাটোও এক গুৰুত্বপূৰ্ণ পদক্ষেপেই হয়। তেওঁলোকক বিশ্বাসত লৈ আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। মাজত একাংশ মধ্যস্ততাকাৰীয়ে ইতিবাচক ভূমিকা পালন কৰিছিল। এনেদৰে চলা নিৰন্তৰ প্ৰয়াসৰ অন্তত যোৱাটো বছৰৰ ১০ আগষ্টত স্বাক্ষৰিত হোৱা চুক্তিৰ আধাৰত সংগঠনটোৰ সদস্যসকলে হিংসাৰ পথ পৰিহাৰ কৰি ভাৰতৰ সংবিধানৰ প্ৰতি সন্মান জনাই আগবঢ়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু তেওঁলোক মূলসুঁতিলৈ উভতি আহে।

ভাই-ভনীসকল, কেৱল ভোটৰ বাবে, ৰাজনৈতিক মুনাফা আদায় কৰাৰ বাবে সমস্যাসমূহৰ সমাধান নকৰি বছৰৰ পিছত বছৰ ধৰি সেই সমস্যাক সমস্যা কৰি ৰখাৰ চক্ৰান্তৰ পৰিণতি অসম তথা উত্তৰ-পূৰ্বাঞ্চলে বাৰুকৈয়ে ভূগিবলগীয়া হৈছে, দেশে ইয়াৰ অশুভ পৰিণতি ভূগিবলগীয়া হৈছে।

বন্ধুসকল, এনে চক্ৰান্তৰ বাবেই বিগত সময়চোৱাত দেশ-বিৰোধী এক প্ৰবণতাই গা-কৰি উঠিছে। পিছে ভাৰতৰ সৈতে অসমৰ সমন্ধ অন্তৰৰ, হৃদয়ৰ। এই সম্পৰ্ক আত্মাৰ সম্পৰ্ক। অসম শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত ৰাজ্য। শ্ৰীমন্ত শংকৰদেৱে কৈছিল—

কোটি কোটি জন্মান্তৰে জাহাৰ, কোটি কোটি জন্মান্তৰে জাহাৰ

আছে মহা পূণ্য ৰাশি, সি সি কদাচিত মনুষ্য হোৱয়, ভাৰত বৰিষে আসি!!

অৰ্থাত যিসকল লোকে অনেক জন্মত নিৰন্তৰ পূণ্য অৰ্জন কৰে তেওঁহে এই পূণ্যভূমি ভাৰতত জন্মগ্ৰহণ কৰেহি। এই ভাৱনা অসমৰ চুক্-কোণে, মানুহৰ অন্তৰে অন্তৰে অনুভূত হৈ আহিছে। এই ভাৱনাকে লৈ অসমৰ ৰাইজে ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰা ভাৰতৰ নৱ-নিৰ্মাণৰ সকলো পৰ্যায়তে হাড়ক মাটি কৰি, তেজক পানী কৰি ওতঃপ্ৰোত ভাবে সহযোগিতা আগবঢ়ায় আহিছে। এই ভূমি ত্যাগ আৰু তপস্যা কৰোতাসকলৰহে ভূমি। মই আজি অসমৰ সতীৰ্থসকলক এই প্ৰতিশ্ৰুতিৰে আস্বস্ত কৰিবলৈ আহিছো যে, অসম বিৰোধী, দেশ বিৰোধী সকলো প্ৰকাৰৰ মানসিকতা, ইয়াৰ সমৰ্থকসকলক দেশে কেতিয়াও সহ্যতো নকৰেই, ক্ষমাও নকৰে।

বন্ধুসকল, এই অপশক্তিয়ে, যি অপশক্তিয়ে নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত মিছা কথা, মিছা তথ্যৰে ব্যাপক অপপ্ৰচাৰত লিপ্ত হৈছে সেয়া কেতিয়াও বাস্তৱ নহয়। নাগৰিকত্ব সংশোধনী আইনৰ বাবে বাহিৰৰ কোনো লোক ইয়ালৈ আহি ইয়াত থিতাপি ল’বহি বুলি চলোৱা প্ৰচাৰ অপপ্ৰচাৰহে। মই অসমৰ ৰাইজক আস্বস্ত কৰি কওঁ যে এনে পৰিস্থিতি কেতিয়াও উদ্ভৱ নহয়।

ভাই-ভনীসকল, মই এটা সময়ত ভাজপাৰ কৰ্মকৰ্তা হিচাপে অসমত কাম কৰিবলৈ আহিছিলো। তেতিয়া মই অসমৰ গাঁৱে-ভূঞে ঘূৰি ফুৰোতে মোৰ অসমীয়া বন্ধুসকলৰ সৈতে ‘ভাৰত-ৰত্ন ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীতসমূহ শুনিছিলো। কেতিয়াবা তাৰে বহু পংক্তি আওৰাইছিলোও। ভূপেন হাজৰিকাৰ সৈতে মোৰ আৰু এটা বিশেষ সম্পৰ্কও আছে। মই জন্ম সূত্ৰে গুজৰাটী। আৰু ভাৰত-ৰত্ন ভূপেন হাজৰিকা হ’ল আমাৰ গুজাৰটৰ জোঁৱাই। এই কথাই মোক গৰ্বিত কৰে। তেওঁৰ পুত্ৰই আজিও গুজৰাটী ভাষাত কথা পাতে আৰু সেয়ে গৰ্ব অনুভৱ কৰো। আৰু যেতিয়া মই শুনিছিলো—

গোটেই জীৱন বিচাৰিলেও, অলেখ দিৱস ৰাত্ৰি.

অসম দেশৰ দৰে নাপাও ইমান ৰসাল মাটি।।

অসমৰ দৰে প্ৰদেশ, অসমৰ দৰে মাটি, ইয়াৰ মানুহক যিমান আপোন আপোন লাগে, সেয়া নিতান্তই ভাগ্যৰ কথা। মই জানো এই অঞ্চল ভিন্ন সমাজ-ব্যৱস্থা, ভিন্ন সংস্কৃতি, ভাষা, খাদ্যাভাসৰে সমৃদ্ধ। আপোনালোকৰ আশা-আকাংক্ষা, আপোনালোকৰ সকলো সুখ-দুখ, সকলো কথাই মোৰ অৱগত। যেনেকৈ নিজৰ সকলো ক্ষোভ, সকলো দাবী পৰিহাৰ কৰি বড়ো সমাজৰ বন্ধুসকলে সতীৰ্থ হোৱাৰ বাবে আগবাঢ়ি আহিছে, মই বিশ্বাস কৰো আন সকলেও সকলো ক্ষোভ সোনকালেই ত্যাগ কৰিব।

মই উত্তৰ-পূবৰ, নক্সাল পীড়িত অঞ্চল, কাশ্মীৰৰ এতিয়াও বন্দুকৰ ওপৰত ভৰষা ৰখা সকলো সংগঠনকে বড়ো ভাইসকলৰ পৰা কিবা শিকিবলৈ আহ্বান জনাব খুজিছো। দেশৰ মুখ্য ধাৰালৈ উভতি আহক। দেশৰ বাবে উতসৰ্গিত হৈ দেশৰ বিকাশ যজ্ঞত অৰিহণা আগবঢ়াই জীৱনৰ উতসৱ উদযাপন কৰকহি।

শেষত আই ধৰিত্ৰীক প্ৰণাম জনাই, এই ধৰিত্ৰীক মনে প্ৰাণে ভাল পোৱা মহাপুৰুষসকলক প্ৰণাম জনাই, আপোনালোক আটাইকে প্ৰণিপাত জনাই মোৰ ভাষণৰ সামৰণি মাৰিলো। আপোনালোকক বহুত বহুত ধন্যবাদ।

ভাৰত মাতা কী জয়

১৩০ কোটি ভাৰতীয়ই শুনাকৈ অন্তৰৰ পৰা চিঞৰক

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

মহাত্মা গান্ধী অমৰ হওক, অমৰ হওক

মহাত্মা গান্ধী অমৰ হওক, অমৰ হওক

মহাত্মা গান্ধী অমৰ হওক, অমৰ হওক

মহাত্মা গান্ধী অমৰ হওক, অমৰ হওক

*****

वीआरआरके/वीजे/बीएम/एसएस/एमएस/MANN/RD/KB  



(Release ID: 1602532) Visitor Counter : 290