প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কোকৰাঝাৰত বড়োশান্তি চুক্তি স্বাক্ষৰৰ বিজয় উৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
বড়ো চুক্তি অসমৰ বাবে নতুন প্ৰভাত সদৃশঃ প্ৰধানমন্ত্ৰী
উগ্ৰবাদীসকলক হিংসাৰ পথ পৰিহাৰ কৰি মুলসূঁতিত যোগদান কৰিবলৈ আহ্বান
প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে অঞ্চলটোৰ বাবে উন্নয়নমূলক পেকেজ
प्रविष्टि तिथि:
07 FEB 2020 5:53PM by PIB Guwahati
পিআইবিদিল্লী, ৭ফেব্ৰুৱাৰী
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ কোকৰাঝাৰত বড়োশান্তি চুক্তি স্বাক্ষৰৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰি উগ্ৰবাদীসকলক অস্ত্ৰ-শস্ত্ৰ সম্বৰণৰ জৰিয়তে হিংসাৰ পথ পৰিহাৰ কৰি বড়ো কেডাৰসকলৰ দৰে মুলসূঁতিলৈ উভতি আহিবলৈ আহ্বান জনায়৷ ২৭ জানুৱাৰী ২০২০ তাৰিখে এই ঐতিহাসিক চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এয়া প্ৰধানমন্ত্ৰীৰ প্ৰথমটো উত্তৰ-পূব ভ্ৰমণ৷
‘‘উত্তৰ পূৰ্বাঞ্চল অথবা নক্সাল এলেকা অথবা জম্মু-কাশ্মীৰত এতিয়াও যিসকলে হিংসাৰ পথক বিশ্বাস কৰে তেওঁলোকক মই বড়ো যুৱক-যুৱতীসকলৰ পৰা অনুপ্ৰেৰিত হৈ মুলসূঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছো৷ আপোনালোক ঘূৰি আহক আৰু জীৱন উদযাপিত কৰক’’, তেওঁ এইদৰে কয়৷
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম, ৰূপনাথ বহ্মৰঅৱদানক সোঁৱৰণ কৰে৷
বড়ো চুক্তি- সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাসৰ প্ৰতিফলন
প্ৰধানমন্ত্ৰীয়ে আবছু, এনডিএফবি, বিটিচি প্ৰধান শ্ৰী হাগ্ৰামা মহিলাৰী আৰু অসম চৰকাৰক বড়ো চুক্তিৰ সফল ৰূপায়ণত গ্ৰহণ কৰা ধনাত্মক ভূমিকাৰ বাবে প্ৰশংসা কৰে৷
‘‘আজি অসমৰ সৈতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে একবিংশ শতিকাৰ নতুন প্ৰভাতক আদৰণি জনাইছে৷ আজিৰ দিনটো বিকাশ আৰু বিশ্বাস আমাৰ মুখ্য আধাৰ হৈ থাকিব বুলি শপত গ্ৰহণ কৰা দিন৷ আহক, আমি যাতে পুনৰ হিংসাৰ অন্ধকাৰলৈ উভটি নাযাও৷ আহক, এখন শান্তিপূৰ্ণ অসম, দৃঢ়সংকল্পৰ ভাৰতক আদৰণি জনাও’’, তেওঁ এইদৰে কয়৷
এই বৰ্ষতেই ভাৰতে মহাত্মা গান্ধীৰ ১৫০তম জন্মবাৰ্ষিকী উদযাপন কৰাৰ মুহূৰ্তত স্বাক্ষৰিত বড়ো চুক্তিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে বুলি তেওঁ মন্তব্য কৰে৷ ‘‘গান্ধীজীয়ে অহিংসাৰ পথেৰে যি ফলাফল আমি পাও সেয়া গ্ৰহণ কৰা আৱশ্যক বুলি কৈছিল’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
বড়ো চুক্তিৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই অঞ্চলটোৰ সমগ্ৰ ৰাইজকে উপকৃত কৰিব৷ তেওঁ কয় যে ইয়াৰ জৰিয়তে বিটিচি অধিক সবল তথা সম্প্ৰসাৰিত হ’ব৷
‘‘এই চুক্তিৰ জৰিয়তে সকলোৰে বিজয় হৈছে, শান্তি স্থাপিত হৈছে আৰু মানৱতাৰ জয় হৈছে’’, তেওঁ এইদৰে কয়৷
বিটিএডি এলেকাৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে এক আয়োগ গঠন কৰা হ’ব৷ প্ৰধানমন্ত্ৰীয়ে বিটিএডি এলেকাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওডালগুৰিৰ বাবে ১৫০০ কোটি টকাৰ পেকেজৰ কথা ঘোষণা কৰে৷
‘‘এই পেকেজ বড়ো সংস্কৃতি, অঞ্চলটো তথা শিক্ষাৰ সৰ্বাংগীন বিকাশত সহায়ক হ’ব’’, তেওঁ এইদৰে কয়৷ বিটিচি আৰু অসম চৰকাৰৰ বৰ্ধিত দায়িত্ব সম্পৰ্কে মন্তব্য প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বিকাশ কেৱল সকলোৰে সৈতে, সকলোৰে বিকাশ আৰু সকলোৰে বিশ্বাস মূলমন্ত্ৰৰ জৰিয়তেহে সম্পন্ন হ’ব৷
‘‘আজি বড়ো এলেকাত নতুন আশা, নতুন সপোন, নতুন সত্বা উদ্ভাসিত হৈছে, আৰু আপোনালোক সকলোৰে দায়িত্বও বৃদ্ধি পাইছে৷ মই নিশ্চিত যে বিটিচি এক নতুন মডেলৰ জৰিয়তে বিকশিত হ’ব৷ ই অসম আৰু ভাৰতৰ সত্বাক শক্তিশালী কৰিব’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে অসম চুক্তিৰ দফা ৬ প্ৰণয়ন কৰিব বিচাৰিছে আৰু এতিয়া সমিতিৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি থকা হৈছে৷
উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যাশা স্পৰ্শৰ নতুন পদক্ষেপ
প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যা সমাধান কৰিবলৈ নতুন পদক্ষেপ গ্ৰহণ কৰিছে৷ তেওঁ কয় যে প্ৰত্যাশা তথা আৱেগসমূহৰ গভীৰ অনুধাৱনৰ জৰিয়তেহে ইয়াৰ সমাধান সম্ভৱ৷
‘‘বিভিন্ন বৰ্গৰ সৈতে আলোচনাৰ অন্তত ইয়াৰ সমাধান লাভ কৰা হৈছে৷ তেওঁলোকৰ আমি আপোন বুলি পতিয়ন নিয়াবলৈ সক্ষম হৈছো৷ তেওঁলোকে সন্ত্ৰাসবাদ হ্ৰাসত সহায় কৰিছে৷ পূৰ্বতে উত্তৰ-পূৰ্বাঞ্চলত সন্ত্ৰাসবাদীৰ আক্ৰমণত সহস্ৰাধিকৰ মৃত্যু হৈছিল কিন্তু এতিয়া পৰিস্থিতি শান্ত আৰু সাধাৰণ হৈ পৰিছে’’, তেওঁ এইদৰে কয়৷
উত্তৰ-পূৰ্বাঞ্চল দেশৰ বিকাশৰ নতুন ইঞ্জিন
‘‘যোৱা তিনি-চাৰি বছৰত উত্তৰ-পূৰ্বাঞ্চলত ৩ হাজাৰ কিলোমিটাৰতকৈও অধিক পথ নিৰ্মাণ কৰা হৈছে৷ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ অনুমোদন জনোৱা হৈছে৷ সমগ্ৰ উত্তৰ-পূবৰ ৰে’ল নেটৱৰ্কক ব্ৰ’ডগ’জলৈ পৰিৱৰ্তিত কৰা হৈছে৷ অঞ্চলটোত শিক্ষা, দক্ষতা আৰু ক্ৰীড়াৰ নতুন প্ৰতিষ্ঠান স্থাপনৰ জৰিয়তে যুৱচামৰ বিকাশত গুৰুত্ব প্ৰদান কৰা হৈছে৷ ইয়াৰ উপৰিও দিল্লী আৰু বেংগালোৰত উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে নতুন হোষ্টেল নিৰ্মাণ কৰা হৈছে’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃগাঁথনি মানে কেৱল মৰ্টাৰ আৰু চিমেণ্টৰ সংমিশ্ৰণ নহয়৷ ইয়াত মানৱতাৰ দিশো সংযোজিত হৈ আছে য’ত পৰস্পৰে পৰস্পৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাটো অন্তৰ্ভুক্ত হৈ থাকে৷
‘‘দশকজুৰি অসম্পূৰ্ণহৈ থকা বগীবিল দলঙৰ প্ৰকল্পৰ বাবে লক্ষাধিক লোক যোগাযোগৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছিল৷ এই কাম সম্পন্ন হোৱাৰ দ্বাৰা তেওঁলোকৰ চৰকাৰৰ প্ৰতি আস্থা বৃদ্ধি পালে৷ এই সৰ্বাংগীণ বিকাশে প্ৰভেদক সম্পৰ্ক স্থাপন মনোভাৱলৈ ৰূপান্তৰিত কৰিলে৷ যেতিয়া জনতাই একত্ৰিতভাৱে কোনো কাম কৰাৰ বাবে প্ৰস্তুত হয় তেতিয়া বৃহৎ সমস্যাও সমাধা হৈ পৰে’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
(रिलीज़ आईडी: 1602510)
आगंतुक पटल : 212