প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৫ ফেব্ৰুৱাৰী, ২০২০ত লক্ষ্ণৌত ডেফএক্সপ’-২০২০ৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 03 FEB 2020 1:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফেব্ৰুৱাৰী, ২০২০ত উত্তৰপ্ৰদেশৰ লক্ষ্ণৌত ডেফএক্সপ’-২০২০ (প্ৰতিৰক্ষা মেলা) উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰিব৷

প্ৰতি দুবছৰৰ মুৰে মুৰে অনুষ্ঠিত প্ৰতিৰক্ষা বিভাগৰ বিশাল প্ৰদৰ্শনীডেফএক্সপ’-২০২০ৰ এয়া একাদশ সংখ্যক মেলা৷ ,০০০তকৈ অধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীয়ে অংশগ্ৰহণ কৰিবলগীয়া এইখনেই হৈছে বৰ্তমানলৈকে অনুষ্ঠিত ভাৰতৰ সৰ্ববৃহ ডেফএক্সপ

এই মেলাৰ বিষয়বস্তু হৈছে-‘ভাৰতঃ প্ৰতিৰক্ষা সামগ্ৰীৰ নিৰ্মাণৰ উদিত হাব৷ইয়াৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা খণ্ডৰ অত্যাধুনিক প্ৰযুক্তিসমূহ এখন চাঁদৰ তললৈ অনা আৰু চৰকাৰ, ব্যক্তিগত নিৰ্মাণ প্ৰতিষ্ঠান আৰু ষ্টাৰ্ট-আপৰ বাবে অসংখ্য সুযোগ সৃষ্টি কৰা৷ এই কাৰ্যসূচীয়ে দেশৰ মহাকাশ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা সুৰক্ষাকে ধৰি সামগ্ৰিক দিশ সামৰি ব৷

এই মেলাৰ প্ৰাসংগিক বিষয়বস্ত হৈছে প্ৰতিৰক্ষা খণ্ডৰ ডিজিটেল পৰিৱৰ্তন সাধন কৰাযিটোত নতুন প্ৰযুক্তিৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদানৰ জৰিয়তে আমাৰ ভৱিষ্যতৰ যুদ্ধক্ষেত্ৰৰ ধাৰণাৰ সৈতেও প্ৰাসংগিক ব৷

শুভাৰম্ভণি অনুষ্ঠানৰ পাছত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু উত্তৰপ্ৰদেশৰ পেভিলিয়নো পৰিদৰ্শন কৰিব৷

ভাৰত পেভিলিয়নত সৰু আৰু মজলীয়া উদ্যোগ (এছএমই)/ ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগ(এমএছএমই) লগতে অভিনৱ পৰিৱেশতন্ত্ৰকে ধৰি ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ এক্সক্লুছিভ প্ৰদৰ্শনী প্ৰদৰ্শন কৰিব, যিবোৰ অগ্ৰগতিৰ মুল চাবিকাঠি৷

উত্তৰপ্ৰদেশৰ পেভিলিয়নত ৰাজ্যখনত চিহ্নিত প্ৰতিৰক্ষা কৰিডৰত বিনিয়োগকাৰীৰ বাবে বৃহ ঔদ্যোগিক কৌশল আৰু সম্ভাৱনীয়তাক প্ৰদৰ্শন কৰা ব৷ উত্তৰপ্ৰদেশ চৰকাৰে লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰদৰ্শিত কৰিবলৈ একাধিক সাংস্কৃতিক কাৰ্যসূচীও আয়োজন কৰিছে৷ মেলাস্থলীত টেণ্ট চিটীত দৰ্শকক এক ব্যতিক্ৰমী অভিজ্ঞতা প্ৰদানৰো পৰিকল্পনা কৰিছে৷

দুয়োটা পেভিলিয়ন পৰিদৰ্শন কৰা পাছত প্ৰধানমন্ত্ৰীয়ে স্থল বাহিনীৰ সম্পূৰ্ণ জীৱন্ত প্ৰদৰ্শন, বায়ু সেনাৰ উৰণ প্ৰদৰ্শন আৰু নৌ সেনাৰ কাম-কাজ ব্যৱস্থা প্ৰদৰ্শনীত সভাপতিত্ব কৰিব৷

ডেফএক্সপ২০২০ত ৭০খনতকৈ অধিক দেশে অংশগ্ৰহণ কৰাৰ লগতে এইখনেই সৰ্বৃহ আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মেলা হিচাপে পৰিগণিত হোৱা আশা আছে৷

মেলাৰ সময়ত কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰ হোৱাৰ আশা কৰা হৈছে, যাৰফলত নতুন ব্যৱসায়িক সহযোগিতা বৃদ্ধি পাব৷

                                                                           ***

VRRK/VJ/DB


(Release ID: 1601969) Visitor Counter : 119