প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ১০৭তম ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ

Posted On: 03 JAN 2020 12:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংগালুৰুৰ ইউনিভাৰ্ছিটী অব্ এগ্ৰিকালচাৰেল ছায়েন্সেত ১০৭তম ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ (আইএছচি) মুকলি কৰে৷

মুকলি ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ভাৰতৰ উত্থানৰ গাঁথা বিজ্ঞান আৰু প্ৰযুক্তিখণ্ডৰ সাফল্যৰ ওপৰত নিৰ্ভৰ কৰে৷ ভাৰতীয় বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনখণ্ডত এক ব্যাপক নৱজাগৰণৰ আৱশ্যক৷’’

‘‘এই দেশৰ যুৱ বিজ্ঞানীসকলৰ প্ৰতি মই এটা মূলমন্ত্ৰ প্ৰদান কৰিব বিচাৰিছো আৰু সেয়া হ-‘‘উদ্ভাৱন, পেটেণ্ট, উৎপাদন আৰু উন্নতি’’’’৷ তেওঁ কয় যে এই চাৰিটা পৰ্যায়ে ভাৰতৰ বিকাশ দ্ৰুত কৰি তুলিব৷‘‘জনসাধাৰণৰ দ্বাৰা আৰু জনসাধাৰণৰ বাবে উৎপাদনে আমাৰ ‘‘নতুন ভাৰত’’ক পথ প্ৰদৰ্শিত কৰিব’’, তেওঁ এইদৰে কয়৷

তেওঁ কয়, ‘‘নতুন ভাৰতক প্ৰযুক্তিও লাগে আৰু লজিকেল টেম্পাৰমেণ্টো, যাতে আমাৰ সামাজিক আৰু আৰ্থিক জীৱনৰ বিকাশক এক নতুন দিশ প্ৰদৰ্শিত কৰিব পাৰো৷’’

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘এতিয়া যিদৰে তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ বিকাশে ভাৰততেই নিৰ্মিত কম ব্যয়ৰ স্মাৰ্টফোন আৰু কম ব্যয়ৰ ডাটাই এক বৃহৎ অভাৱ পূৰণ কৰিছে৷ ইয়াৰ জৰিয়তে সাধাৰণতকৈও সাধাৰণ নাগৰিকৰো মনত এই বিশ্বাসৰ উদয় হৈছে যে তেওঁলোক পৃথক নহয়, তেওঁলোকে চৰকাৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত, তেওঁলোকে চৰকাৰৰ ওচৰত প্ৰত্যক্ষভাৱে দাবী উত্থাপন কৰিব পাৰিছে৷’’

প্ৰধানমন্ত্ৰীয়ে যুৱ বিজ্ঞানীসকলক গ্ৰামোন্নয়নৰ বিভিন্ন দিশত কাম কৰিবলৈ আহ্বান জনায়৷

১০৭তম আইএছচিৰ বিষয়বস্তু-‘‘বিজ্ঞান আৰু প্ৰযুক্তিঃ গ্ৰামীণ বিকাশ’’ৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱল বিজ্ঞান আৰু প্ৰযুক্তিৰ ফলতেই চৰকাৰী কাৰ্যসূচীসমূহ হিতাধিকাৰীসকলৰ কাষলৈ গৈ পোৱাত সফল হৈছে৷

তেওঁ কয় যে ভাৰকে এতিয়া বিশ্বজনীনভাৱে বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰকাশনত তৃতীয় স্থান লাভ কৰিছে৷ ‘‘মোক কোৱা হৈছে যে ভাৰতে বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰকাশনসমূহত বিশ্বজনীনভাৱে তৃতীয় স্থান লাভ কৰিছে৷ এয়া বিশ্বৰ ৪% গড়ৰ তুলনাত আমাৰ ১০% উত্থান হৈছে’’, তেওঁ এইদৰে কয়৷

ভাৰতে উদ্ভাৱনী সূচাংকত ৫২নং স্থান প্ৰাপ্ত কৰাৰ বিষয়ক আঙুলিয়াই দি তেওঁ কয় যে তেওঁলোকৰ কাৰ্যসূচীয়ে বিগত ৫০ বছৰৰ তুলনাত যোৱা পাঁচ বছৰত যথেষ্ট সংখ্যক প্ৰযুক্তি ব্যৱসায়ৰ সূচনা কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সুশাসন লাভৰ দিশত প্ৰযুক্তিয়ে বৃহৎ ভূমিকা পালন কৰিছে৷‘‘কালি আমাৰ চৰকাৰে দেশৰ ৬ কোটি কৃষকক পিএম কিষাণ সন্মান নিধিৰ ধন প্ৰদান কৰি এক অভিলেখৰ সৃষ্টি কৰিছে৷ এয়া সম্ভৱ কিদৰে হ? আধাৰ সমৰ্থিত প্ৰযুক্তিৰ সহায়ৰ জৰিয়তে’’, তেওঁ এইদৰে কয়৷ তেওঁ কয় যে জিঅটেগিং আৰু ডাটা ছায়েন্সৰ ফলত বহু গ্ৰামীণ আৰু নগৰীয়া প্ৰকল্প সময়মতে সম্পূৰ্ণ হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আমি নিৰৱচ্ছিন্নভাৱে ইজ অব্ ডুয়িং ছায়েন্সৰ নিশ্চিতিৰ বাবে তথা ৰঙা ফিটাৰ মেৰপাক নোহোৱা কৰিবলৈ কাৰ্যকৰীভাৱে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ দিশত অগ্ৰসৰ হৈছো৷’’

তেওঁ ভাষণ প্ৰসংগত ডিজিটেলাইজেছন, ই কমাৰ্চ, ইণ্টাৰনেট বেংকিং আৰু মবাইল বেংকিঙৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে৷

তেওঁ প্ৰতিজন যুৱ বিজ্ঞানীকে পৰালি জ্বলোৱা, ভূমিজল প্ৰতিপালন, সংক্ৰামক ৰোগ প্ৰতিৰোধ, পৰিবেশ অনুকূল পৰিবহণ ইত্যাদিৰ বাবে প্ৰযুক্তিগত সমাধান উলিয়াবলৈ আহ্বান জনায়৷ তেওঁ কয় যে বিজ্ঞান আৰু প্ৰযুক্তিয়ে ভাৰতক ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ ৰূপান্তৰ কৰাত বৃহৎ ভূমিকা পালন কৰিব লাগিব৷

প্ৰধানমন্ত্ৰীয়ে মোদীয়ে অনুষ্ঠানটোত আই-ষ্টেম পৰ্টেলো মুকলি কৰে৷

****

VRRK/KP/MANN


(Release ID: 1601083) Visitor Counter : 106