প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৫টা ডিআৰডিঅ’ তৰুণ বিজ্ঞান গৱেষণাগাৰ দেশবাসীৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 02 JAN 2020 7:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(ডিআৰডিঅ’) ৫টা ডিআৰডিঅতৰুণ বিজ্ঞান গৱেষণাগাৰ দেশবাসীৰ নামত উচৰ্গা কৰে৷

ডিআৰডিঅ তৰুণ বিজ্ঞান গৱেষণাগাৰ স্থাপন কৰা পাঁচখন চহৰ ক্ৰমে-বাংগালুৰু, মুম্বাই, চেন্নাই, কলকাতা আৰু হায়দৰাবাদ৷ প্ৰতিটো গৱেষণাগাৰে ভৱিষ্যতৰ প্ৰতিৰক্ষা পদ্ধতিৰ উন্নত প্ৰযুক্তি যেনে-কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি, জ্ঞানভিত্তিক প্ৰযুক্তি, সামাঞ্জস্যহীন প্ৰযুক্তি আৰু স্মাৰ্ট সামগ্ৰীৰ ওপৰত কাম কৰিব৷

২০১৪ চনৰ ২৪ আগষ্টত ডিআৰডিঅৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰেৰণা হিচাপে লৈ এই গৱেষণাগাৰসমূহ স্থাপন কাম আৰম্ভ হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই সময়ত ডিআৰডিঅক যুৱ প্ৰজন্মৰ মাজত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু গৱেষণাৰ সূযোগ প্ৰদানেৰে তেওঁলোকক সবলীকৰণ কৰিবলৈ আহ্বান জনাইছিল৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই গৱেষণাগাৰসমূহে দেশৰ প্ৰযুক্তিগত দিশত গৱেষণা আৰু উন্নয়নত সহায় কৰিব৷

প্ৰধানমন্ত্ৰীয়ে বিজ্ঞানীসকলক নতুন দশকৰ বাবে এনে এক ৰোডমেপ সাজু কৰিবলৈ কয়, ত ডিআৰডিঅই ভাৰতত বিভিন্ন ক্ষেত্ৰত বিজ্ঞানভিত্তিক গৱেষণাৰ গতি বৃদ্ধি কৰিবলৈ সক্ষম হয়৷

বিজ্ঞানীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ মিছাইল কাৰ্যসূচী হৈছে বিশ্বৰ এক অন্যতম কাৰ্যসূচী৷ তেওঁ ভাৰতীয় মহাকাশ কাৰ্যসূচী আৰু বায়ু ৰক্ষা প্ৰণালীৰো শলাগ লয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিজ্ঞানভিত্তিক গৱেষণাৰ ক্ষেত্ৰত ভাৰত কেতিয়াও পিছপৰি নাথাকে৷ তেওঁ কয় যে চৰকাৰে বিজ্ঞানী সমূদায়ৰ সৈতে খোজত খোজ মিলাই যাবলৈ আগ্ৰহী, যাতে ই দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ উত্থান আৰু অভিনৱ উদ্ভাৱনত অধিক সময়ত বিনিয়োগ কৰিব পাৰে৷

তেওঁ কয় ডিআৰডিঅৰ উদ্ভাৱনে মেক ইন ইণ্ডিয়াৰ দৰে শক্তিশালী কাৰ্যসূচী আৰু দেশৰ বিশাল প্ৰতিৰক্ষা ক্ষেত্ৰৰ উন্নয়নত বৃহ ভূমিকা পালন কৰিব পাৰে৷

ডিআৰডিঅ পাঁচটা তৰুণ বিজ্ঞান গৱেষণাগাৰ স্থাপনে ভৱিষ্যতৰ প্ৰযুক্তিৰ গৱেষণা আৰু উন্নয়নৰ আধাৰ গঢ় দিলে৷ ইয়াৰ দ্বাৰা ডিআৰডিঅ ভাৰতক প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত ভৱিষ্যতে আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যত বৃহ অগ্ৰগতি প্ৰদান কৰিলে৷

বাংগালুৰুত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে জড়িতকৰণৰ দিশত গৱেষণাৰ কাম আৰম্ভ ব৷ আইআইটি মুম্বাইত সকলো দিশতে গুৰুত্বপূৰ্ণ কোৱাণ্টাম প্ৰযুক্তিৰ দিশত কাম ব৷ আমাৰ ভৱিষ্য জ্ঞানভিত্তিক প্ৰযুক্তিৰ ক্ষেত্ৰত নিৰ্ভৰশীল আৰু আইআইটি মুম্বাইত এই দিশত কাম ব৷ সামাঞ্জস্যহীন প্ৰযুক্তিৰ নতুন আৰু ভৱিষ্যতৰ ক্ষেত্ৰ, যিটোৱে যুদ্ধত যুঁজাৰ ধৰণ সলনি কৰিব, সেই বিষয়ে কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত কাম আৰম্ভ ব৷ স্মাৰ্ট সামগ্ৰীৰ গৰম আৰু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গৱেষণা আৰু ইয়াৰ প্ৰয়োগৰ কাম-কাজ হায়দৰাবাদত৷

**

VRRK/AK/DB



(Release ID: 1601078) Visitor Counter : 170