প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 13 JAN 2020 7:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে আজি টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

ৰাছিয়াৰ পৰম্পৰা অনুযায়ী শেহতীয়াকৈ বৰদিন উদযাপনৰ কথা সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পুটিন তথা ৰাছিয়ানবাসীক শুভেচ্ছা জনায়৷ ৰাষ্ট্ৰপতি পুটিনে সেই শুভেচ্ছা গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদী তথা ভাৰতবাসীৰ উন্নতি তথা শান্তিৰ বাবে প্ৰাৰ্থনা কৰে৷

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ বিশেষাধিকৃত কৌশলগত সহযোগিতাৰ বিষয়ে আলোচনা কৰে৷ আগন্তুক বৰ্ষসমূহতো এই সহযোগিতা বৰ্তাই ৰখাত দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ২০২০ বৰ্ষটো ৰাছিয়াৰ বাবে বিশেষ বৰ্ষ বুলি অভিহিত কৰি এই বৰ্ষৰ মেমাহত মস্কোত ৭৫তম ভিক্টৰী ডেউদযাপনত অংশগ্ৰহণৰ বাবে ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰীক জনোৱা নিমন্ত্ৰণৰ বিষয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এই বৰ্ষত ছাংঘাই কো-অপাৰেচন অৰ্গনাইজেছন আৰু ব্ৰিকছ দেশসমূহৰ সন্মিলনত অংশগ্ৰহণৰ বাবে তেওঁ বাট চাই আছে৷ তেওঁ ৰাষ্ট্ৰপতি পুটিনক ২১তম দ্বিপাক্ষিক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ নিমন্ত্ৰণ জনায়৷

দুয়োগৰাকী নেতাই ভাৰত আৰু ৰাছিয়াৰ মাজত আঞ্চলিক তথা বিশ্বজনীন নিৰাপত্তা, শান্তি আৰু স্থিৰতা বৰ্তাই ৰখাৰ বাবে সহযোগিতাৰে কাম কৰি যাব বুলি মতপোষণ কৰে৷

****

VRRK/VJ/BM/MANN



(Release ID: 1599920) Visitor Counter : 63