প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কৰ্ণাটকত ‘কৃষি কৰ্মণ বঁটা’ প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

Posted On: 02 JAN 2020 5:44PM by PIB Guwahati

আপোনালোক সকলোকে নমস্কাৰ৷ পোন প্ৰথমে আপোনালোক সকলোলৈ নৱবৰ্ষৰ শুভকামনা জনালো৷ লগতে শস্য চপোৱাৰ উৎসৱৰ সংক্ৰান্তি উপলক্ষেও আপোনালোকলৈ শুভকামনা জনালো৷

কৰ্ণাটকৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী আৰু ৰায়তুবন্ধু শ্ৰীমান য়েডিৰুপ্পা মহোদয়, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী তথা দেশত কৃষি বিপ্লৱৰ হোতা শ্ৰী নৰেন্দ্ৰ সিং টোমৰ মহোদয়, শ্ৰী সদানন্দ গৌড়া মহোদয়, শ্ৰী প্ৰহ্লাদ যোশী মহোদয়, মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰীমান এন বিৰেণ সিং, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰীমান ত্ৰিবেন্দ্ৰ সিং ৰাৱট মহোদয়, কেন্দ্ৰ তথা কৰ্ণাটক চৰকাৰৰ অন্য মন্ত্ৰীসকল, সাংসদসকল, বিধায়কসকল, দেশৰ অন্য ৰাজ্যৰ পৰা অহা সকলো প্ৰতিনিধিগণ তথা বিশাল সংখ্যাত উপস্থিত মোৰ কৃষক ভাই-ভনীসকল৷

নতুন বৰ্ষ, নতুন দশকৰ আৰম্ভণিতে দেশৰ অন্নদাতা আমাৰ কৃষক ভাই-ভনীসকলৰ দৰ্শন কৰিবলৈ পোৱাটো মোৰ বাবে অতিশয় সৌভাগ্যৰ কথা৷ মই ১৩০ কোটি দেশবাসীৰ তৰফৰ পৰা দেশৰ প্ৰতিজন কৃষকলৈ নতুন বৰ্ষৰ শুভকামনা জনাইছো, দেশৰ বাবে শস্য উৎপাদন কৰোতা কৃষকসকললৈ কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ আপোনালোক কৃষকৰ পৰিশ্ৰমৰ ফলতে আজি ভাৰতত অভিলেখসংখ্যক শস্য উৎপাদন হৈছে৷

দেশৰ কৃষি খণ্ডক আগুৱাই লৈ যোৱা এই কৃষক বন্ধু তথা তেওঁলোকৰ ৰাজ্যসমূহক সন্মানিত কৰাৰ আজি সুযোগ লাভ কৰিছো৷ কৃষি কৰ্মণ বঁটা লাভ কৰা সকলো কৃষকক অশেষ শুভেচ্ছা যাচিছোঁ, তেওঁলোকৰ প্ৰয়াসক প্ৰশংসা কৰিছো৷

আজি ইয়াত তামিলনাডু আৰু কৰ্ণাটকৰ মীনপালক, মাছমৰীয়াসকলক ডীপ ছী ফিশ্বিং বোটতথা ট্ৰান্সপণ্ডাৰ্ছপ্ৰদান কৰা হৈছে৷ ইয়াৰ বাবে মই আমাৰ মাছমৰীয়া ভাই-ভনীসকলক অভিনন্দন জনাইছো৷

বন্ধুসকল, কৃষি কৰ্মণ বঁটাৰ সৈতে আজিয়েই কৰ্ণাটকৰ এই ভূমি আন এক ঐতিহাসিক ঘটনাৰ সাক্ষী হৈ ৰব৷ আজি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত ৮ কোটি কৃষক ভাই-ভনীৰ একাউণ্টত টকা জমা কৰা হৈছে৷ ইমান কম সময়ত এনে সাফল্য লাভ কৰাটো ডাঙৰ কথা৷ এয়াই নহয়, আজি এতিয়া, এই অনুষ্ঠানত একে সময়তে দেশৰ ৬ কোটি কৃষক পৰিয়ালৰ একাউণ্টত ১২ হাজাৰ কোটি টকা জমা কৰোৱা হৈছে৷

বন্ধুসকল, দেশত এনে এক সময় আছিল যেতিয়া দুখীয়া লোকৰ বাবে এটকা পঠিয়ালে তাৰে পোন্ধৰ পইচাহে খৰচ হৈছিল৷ বাকী পঁচাশী পইচা মধ্যভোগীয়ে ভোগ কৰিছিল৷

আজি যিমান টকা পঠিওৱা হয় তাৰে সম্পূৰ্ণ টকা দুখীয়াই নিজৰ একাউণ্টত লাভ কৰে৷ মই কৰ্ণাটকসহিতে দেশৰ সেই সকলো ৰাজ্য চৰকাৰক অভিনন্দন জনাইছো যিয়ে হিতাধিকাৰী কৃষকসকলৰ চিনাক্তকৰণৰ কাম দ্ৰুত গতিত সম্পন্ন কৰি আছে৷

নতুন বছৰত মই আশা প্ৰকাশ কৰিছো যে যিসমূহ ৰাজ্য, পিএম-কিষাণ সন্মান যোজনাৰ সৈতে জড়িত নহয়, এইটো বৰ্ষত তেওঁলোকো জড়িত হব৷ এই যোজনা এই দলৰ নহয়, আমাৰ নহয়, অথবা এই যোজনা প্ৰণয়ন কৰিলে তাৰ দ্বাৰা লাভান্বিত হ, এনে চিন্তাই দেশৰ জনতাৰ ক্ষতি কৰিব৷

দেশৰ কৃষকসকলৰো এই ৰাজনীতিৰ ফলত সৱলীকৰণ হব পৰা নাই৷

আপোনালোকৰ আৱশ্যকতা, আপোনালোকৰ চিন্তা, আপোনালোকৰ প্ৰয়োজনীয়তা আমাৰ চৰকাৰে বুজিছে৷ আমি কৃষিক টুকুৰা-টুকুৰাকৈ নহয়, সামগ্ৰিক ৰূপত প্ৰত্যক্ষ কৰিছো আৰু এই খণ্ডৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ বাবে একত্ৰিতভাৱে যুজিছোঁ৷

বন্ধুসকল, দশকজুৰি ওলমি থকা জলসিঞ্চন যোজনাই হওক, ফচল বীমাৰ সৈতে জড়িত নিয়মৰ পৰিৱৰ্তনেই হওক, ভূমি স্বাস্থ্য কাৰ্ডেই হওক অথবা ইউৰিয়াৰ ১০০ শতাংশ নীম কোটিঙেই হওক, আমি সদায়েই কৃষকসকলক প্ৰাথমিকতা প্ৰদান কৰিছো৷ বহু বৰ্ষজুৰি কৃষকসকলে দাবী কৰি আহিছিল যে এমএছপিৰ পৰিমাণ ডেৰ গুণলৈ বৃদ্ধি কৰা হওক৷ এই ঐতিহাসিক সিদ্ধান্তও আমাৰ চৰকাৰেই গ্ৰহণ কৰিলে৷

ভাতৃ আৰু ভগ্নীসকল, আপোনালোকৰ বৰ্তমানৰ প্ৰয়োজনীয়তাসমূহ সমাধান কৰাৰ সৈতে আমি ভৱিষ্যতৰ আৱশ্যকতাসমূহৰ ওপৰতো গুৰুত্ব দিছো৷ কৃষকসকলৰ শস্য ভাণ্ডাৰ, ফল-ফুল আৰু শাক-পাচলিৰ ভাণ্ডাৰৰ যাতে সমস্যা নহয়, তাৰবাবে সমগ্ৰ দেশতে শীতলীকৰণ ভাণ্ডাৰৰ ক্ষমতা বৃদ্ধি কৰা হৈছে৷ কৃষকে নিজৰ শস্য দেশৰ যিকোনো প্ৰান্তৰ বৈদ্যুতিন বজাৰত যাতে বিক্ৰী কৰিব পাৰে তাৰবাবে ই-নাম নেটৱৰ্কৰ প্ৰসাৰণ কৰা হৈছে৷

বন্ধুসকল, কৃষকসকলে নিজৰ পশুসমূহৰ ৰোগত যাতে কম ব্যয় কৰিবলগীয়া হয় তাৰবাবে ভৰি আৰু মুখৰ ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয়ভিত্তিত টীকাকৰণ অভিযান আৰম্ভ কৰা হৈছে৷ কৃষকসকলে নিজৰ খেতিতেই সৌৰ শক্তি উৎপাদন কৰি তাক ৰাষ্ট্ৰীয় গ্ৰীডত বিক্ৰী কৰাৰ সুবিধা প্ৰদানৰ বাবে পিএম কুসুম যোজনা আৰম্ভ কৰা হৈছে৷

বন্ধুসকল, ভাৰতৰ অৰ্থব্যৱস্থাক ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত দেশৰ কৃষিখণ্ডই বৃহৎ ভূমিকা পালন কৰিছে৷ ইয়াৰ বাবে আমাৰ চৰকাৰে কেশ্ব ক্ৰপ আৰু ৰপ্তানিকেন্দ্ৰিক কৃষি ব্যৱস্থা প্ৰস্তুত কৰাত গুৰুত্ব প্ৰদান কৰিছে৷

যেতিয়া কৃষি উৎপাদনৰ ৰপ্তানিৰ কথা কোৱা হয়, এই ক্ষেত্ৰত প্ৰাচীন কালৰে পৰা দক্ষিণ ভাৰতে অগ্ৰণী ভূমিকা পালন কৰি আহিছে৷ এটা কাৰণ হল ইয়াৰ বতৰ, ইয়াৰ ভূমি আৰু আনটো কাৰণ হল সমুদ্ৰ পথেৰে বিশ্বৰ সৈতে সহজ যোগাযোগ ব্যৱস্থা৷ দক্ষিণ ভাৰতৰ এই শক্তিৰ জৰিয়তেই আমি নতুন ভাৰতৰ কৃষি ৰপ্তানিকো সৱলীকৰণ কৰিব বিচাৰিছো৷

ভাতৃ আৰু ভগ্নীসকল, কৰ্ণাটকেই হওক, কেৰেলাই হওক, অন্ধ্ৰই হওক, তেলেংগানাই হওক অথবা তামিলনাডুৱেই হওক, ইয়াত উদ্যান-শস্য আৰু মছলাৰ সৈতে জড়িত প্ৰকল্পসমূহৰ সংসাধন তথা ৰপ্তানিৰ ব্যাপক সম্ভাৱনা পৰিলক্ষিত হৈছে৷ সেইবাবেই কৃষিভিত্তিক আৰু সংসাধিত সামগ্ৰী ৰপ্তানি বিকাশ প্ৰাধিকৰণৰ জৰিয়তে বিশেষ কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰা হৈছে৷ ইয়াৰ দ্বাৰা কৰ্ণাটকো লাভান্বিত হৈছে৷

চৰকাৰৰ দ্বাৰা বেলগাঁও আৰু মহীশূৰৰ আঙুৰ, চিক্কাবল্লাপুৰা আৰু বেংগালুৰুৰ গুলপীয়া পিয়াঁজ, চিক্কামংগলুৰু, কোডাগু আৰু হাসনৰ কফি, ৰঙা জলকীয়া, এইসমূহৰ বিকাশৰ বাবে বিশেষ ক্লাষ্টাৰ পৰিকল্পনা কৰা হৈছে৷ আমাৰ প্ৰয়াস এয়াই যে প্ৰতিটো ব্লক, প্ৰতিখন জিলাৰ সামগ্ৰীৰ চিনাক্তকৰণ কৰি সেইসমূহৰ মূল্য সংযোজন আৰু ৰপ্তানিৰ সৈতে জড়িত সুবিধা বিকশিত কৰা হওক৷

বন্ধুসকল, আমাৰ চৰকাৰৰ প্ৰয়াসৰ ফলত ভাৰত দ্বাৰা মছলা উৎপাদন আৰু ৰপ্তানি, দুয়োটাৰেই বিকাশ হৈছে৷ ভাৰতত মছলা উৎপাদন ২৫ লাখ টনতকৈও অধিক হৈছে আৰু ৰপ্তানিও প্ৰায় ১৫ হাজাৰ কোটিৰ পৰা বৃদ্ধি হৈ প্ৰায় ১৯ হাজাৰ কোটি টকাৰ সীমা স্পৰ্শ কৰিছে৷

মছলাৰ ভিতৰতো যদি আমি হালধিৰ কথা কও, তেন্তে চৰকাৰৰ প্ৰয়াসৰ জৰিয়তে বিগত ৫ বছৰত হালধিৰ ৰপ্তানিও বৃদ্ধি হৈছে৷ চৰকাৰে হালধিৰ নতুন আৰু উন্নত বীজৰ গৱেষণাতো উদগনি প্ৰদান কৰিছে৷ তেলেংগানা হালধিৰ হাবলৈ পৰিণত হৈছে কিন্তু কৰ্ণাটকসহিতে বাকী ৰাজ্যতো হালধিৰ উৎপাদন বৃদ্ধি হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, দক্ষিণ ভাৰতত নাৰিকল, কাজু, কফি আৰু ৰবৰৰ খেতি বহুলভাৱে সমাদৃত৷ দেশ আৰু বিশ্বত নাৰিকলৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অন্য দিশসমূহৰ সৈতে এয়াও গুৰত্ব দিছে যে নাৰিকলৰ সৈতে জড়িত কৃষকসকলে যাতে উচিত দাম লাভ কৰিব পাৰে৷ তাৰবাবে নাৰিকল কৃষকসৰ সৈতে জড়িত সংঘ নিৰ্মাণ কৰা হৈছে, চাইটি নিৰ্মাণ কৰা হৈছে৷ মোক কোৱা হৈছে যে কৰ্ণাটকতেই নাৰিকল কৃষকৰ সৈতে জড়িত এনে প্ৰায় চাৰে পাঁচশ সংস্থা নিৰ্মাণ কৰা হৈছে৷

বন্ধুসকল, আমাৰ ইয়াত কাজু বাগানৰো সম্ভাৱনা অসীম৷ চৰকাৰে এয়াই প্ৰয়াস কৰিছে যে কাজুৰ উত্তম গুণগতমানৰ প্লাণ্ট কৃষক ভাই-ভনীসকলক প্ৰদান কৰা হওক৷

এইদৰে ৰবৰৰ উৎপাদন বৃদ্ধিৰ বাবেও ব্যাপক মাত্ৰাত প্ৰয়াস কৰা হৈছে৷ আমাৰ প্ৰথম লক্ষ্য এয়াই হব লাগে যে দেশৰ প্ৰয়োজনীয়তাৰ ভিত্তিত ৰবৰ যদি আমি উৎপাদন কৰিব পাৰো তেন্তে ৰবৰৰ আমদানিৰ ওপৰত দেশে নিৰ্ভৰ কৰিবলগীয়া নহয়৷ মোক কোৱা হৈছে যে ৰবৰ বৰ্ডে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত ইয়াত অনেক যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰি আছে৷ ইয়াৰ নিশ্চিত লাভ ৰবৰৰ কৃষক তথা উদ্যোগসমূহে লাভ কৰিব৷

বন্ধুসকল, কফিৰ বাগানৰ বাবে সমগ্ৰ দক্ষিণ ভাৰত প্ৰসিদ্ধ বুলি আমি জানো৷ চৰকাৰৰ প্ৰয়াস এয়াই যে কফিৰ মূল্য শৃংখল সৱলীকৰণ কৰা হওক আৰু ইয়াৰ বাবে সংবদ্ধ কফি বিকাশ কাৰ্যসূচী প্ৰণয়ন কৰা হৈছে৷ এই কাৰ্যসূচীৰ অধীনত বিগত ২-৩ বছৰৰ পৰা কফিৰ উৎপাদনৰ পৰা আৰম্ভ কৰি পেকেজিঙলৈ জড়িত সম্পূৰ্ণ ব্যৱস্থাক বিশেষ সহযোগিতা আৰু উদগনি জনোৱা হৈছে৷ ক্ষুদ্ৰ উৎপাদক, আত্মসহায়ক গোট, চৰকাৰী সংস্থাসমূহক মাৰ্কেটিঙৰ সুবিধা উপলব্ধ কৰোৱা হৈছে৷       

বন্ধুসকল, উদ্যান-শস্যৰ উপৰিও দাইল, তেল আৰু গোটা শস্যৰ উৎপাদনতো দক্ষিণ ভাৰতে বৃহৎ ভূমিকা পালন কৰিছে৷ ভাৰতত দাইলৰ উৎপাদন বৃদ্ধিৰ বাবে বীজ হাবৰ নিৰ্মাণ কৰা হৈছে যত ৩০তকৈও অধিক কেন্দ্ৰ কৰ্ণাটক, অন্ধ্ৰ, কেৰেলা, তামিলানাডু আৰু তেলেংগানাতেই আছে৷ এইদৰে গোটা শস্যৰ বাবে দেশত বহু নতুন হাবৰ সৃষ্টি কৰা হৈছে, ইয়াৰ দহটা দক্ষিণ ভাৰততেই আছে৷

বন্ধুসকল, দক্ষিণ ভাৰতৰ ফিছাৰী ক্ষেত্ৰসমূহতো ৰপ্তানি বৃদ্ধি কৰাৰ অপাৰ সম্ভাৱনা আছে৷ ফিছাৰী ক্ষেত্ৰসমূহৰ সৱলীকৰণৰ বাবে চৰকাৰে তিনিটা পৰ্যায়ত কাম কৰি আছে৷

প্ৰথম- গাঁওসমূহত মীনপালনৰ প্ৰসাৰ, মাছমৰীয়া ভাই-ভনীসকললৈ আৰ্থিক সাহায্য

দ্বিতীয়- নীলা নৱজাগৰণ আঁচনিৰ অধীনত নাওসমূহৰ আধুনিকীকৰণ

আৰু তৃতীয়- মাছৰ বেপাৰ আৰু ব্যৱসাৰ সৈতে জড়িত আধুনিক আন্তঃগাঁথনিৰ নিৰ্মাণ৷

ভাতৃ আৰু ভগ্নীসকল, মাছমৰীয়াসকলক কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা প্ৰদান কৰা হৈছে৷ মাছমৰীয়াসকলৰ সুবিধাৰ বাবে ডাঙৰ নদী আৰু সাগৰত নতুন ফিশ্বিং হাৰ্বাৰ নিৰ্মাণ কৰা হৈছে৷ আধুনিক আন্তঃগাঁথনিৰ বাবে চাৰে সাত হাজাৰ কোটি টকাৰ বিশেষ নিধি প্ৰস্তুত কৰা হৈছে৷

চৰকাৰৰ দ্বাৰা নাওসমূহৰ আধুনিকীকৰণৰ বাবে, নীলা নৱজাগৰণ আঁচনিৰ বাবে ৰাজ্যসমূহক ২৫০০ কোটি টকাতকৈও অধিক টকা দিয়া হৈছে৷ ডীপ ছী ফিশ্বিঙৰ বাবে মাছমৰীয়াসকলৰ নাওসমূহৰ আধুনিকীকৰণ কৰা হৈছে আৰু ইছৰৰ সহায়ত মাছমৰীয়াসকলৰ সুৰক্ষাৰ বাবে নেভিগেচন ডিভাইচো নাওসমূহত স্থাপন কৰা হৈছে৷ আজি ইয়াত তামিলনাডু আৰু কৰ্ণাটকৰ অনেক কৃষকে এই লাভ পোৱা আপোনালোকে দেখিবলৈ পাইছে৷

বন্ধুসকল, কৰ্ণাটকসহিতে সমগ্ৰ ভাৰততে জলসংকটৰ স্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে জল জীৱন অভিযানৰ অধীনত প্ৰতিখন ঘৰলৈ পানী যোগানৰ সংকল্প গ্ৰহণ কৰিছে৷ কিছুদিন পূৰ্বে এই দিশত আন এক অভিযানৰ সূচনা কৰা হৈছে৷ এই অভিযানৰ নাম হল অটল ভূজল যোজনা৷ ইয়াৰ অধীনত কৰ্ণাটকসহিতে দেশৰ ৭খন ৰাজ্যত ভূজল অৰ্থাৎ গ্ৰাউণ্ডৱাটাৰৰ স্তৰ ওপৰলৈ উঠোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল, চৰকাৰৰ প্ৰয়াসসমূহৰ মাজতে আজি মই কৃষি কৰ্মণ বঁটাৰো প্ৰসাৰণ কৰা আৱশ্যকতা অনুভৱ কৰিছো৷ মই আহ্বান জনাইছো যে কৃষি কৰ্মণ বঁটাত দেশৰ পোষণ সুৰক্ষাৰ প্ৰতি ধ্যান ৰাখি পৌষ্টিক শস্য-নিউট্ৰি চেৰেলছ, উদ্যান-শস্য আৰু জৈৱিক কৃষিকো অন্তৰ্ভুক্ত কৰি নতুন শিতান নিৰ্মাণ কৰা হওক৷ ইয়াৰ জৰিয়তে এই ক্ষেত্ৰসমূহত অধিক উন্নত ধৰণে কাম কৰাৰ বাবে ৰাজ্যসমূহে উৎসাহিত হব৷

ভাতৃ আৰু ভগ্নীসকল, বৰ্ষ ২০২২ত যেতিয়া আমাৰ দেশে স্বাধীনতাৰ ৭৫তম বৰ্ষ পালন কৰিব তেতিয়া আমাৰ সংকল্পসমূহৰ সিদ্ধিয়েই আমাৰ ৰাষ্ট্ৰ নিৰ্মাতাসকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হিচাপে বিবেচিত হব৷ আজি আমি ইয়াৰ পৰা কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ নতুন শক্তিৰ সৈতে, নতুন প্ৰতিশ্ৰুতিৰ সৈতে আগবাঢ়ি যাব লাগিব৷

মোৰ সম্পূৰ্ণ বিশ্বাস যে আমাৰ প্ৰতিটো সংকল্প নিশ্চয়কৈ পূৰণ হব৷ পুনৰবাৰ কৃষি কৰ্মণ পুৰস্কাৰ বিজেতা প্ৰতিখন ৰাজ্য, সকলো কৃষক সহযোগীলৈ মোৰ তৰফৰ পৰা অনেক অভিনন্দন জনাইছো৷ আপোনালোক সকলোকে, দেশৰ প্ৰতিজন কৃষকলৈ নতুন বছৰ আৰু সংক্ৰান্তিৰ বাবে অশেষ শুভকামনা জনাইছো৷

অশেষ ধন্যবাদ!

*****

VRRK/AKP/NK/MANN


(Release ID: 1599118)