কেবিনেট

চাৰি তাৰকাযুক্ত জেনেৰেল পৰ্যায়ৰ চীফ অব্ ডিফেন্স ষ্টাফ পদৰ সৃষ্টিত কেবিনেটৰ অনুমোদন

Posted On: 24 DEC 2019 5:44PM by PIB Guwahati

দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাপনাত আমূল পৰিৱৰ্তন সাধনৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ছাৰ্ভিচ চীফৰ সুবিধা তথা দৰমহাৰ সম পৰ্যায়ৰ চাৰি তাৰকাযুক্ত জেনেৰেল পৰ্যায়ৰ চীফ অব্ ডিফেন্স ষ্টাফ পদৰ সৃষ্টিৰ বাবে অনুমোদন জনাইছে৷ এই চীফ অব্ ডিফেন্স ষ্টাফে মিলিটেৰি পৰিক্ৰমা বিভাগ (ডিএমএ)ৰো মুৰব্বী হিচাপে কাম কৰিব আৰু এই পদটো প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত সৃষ্টি কৰা হব৷

মিলিটেৰি পৰিক্ৰমা বিভাগে নিম্নোক্ত ক্ষেত্ৰসমূহ চোৱা-চিতা কৰিবঃ

. সশস্ত্ৰ সৈন্যবাহিনী, নৌবাহিনী আৰু বায়ুবাহিনী৷

. সৈন্যবাহিনী, নৌবাহিনী আৰু বায়ুবাহিনীৰ সংবদ্ধ মুখ্য কাৰ্যালয়৷

. প্ৰাদেশিক সৈন্যবাহিনী৷

. সৈন্যবাহিনী, নৌবাহিনী আৰু বায়ুবাহিনী সম্পৰ্কীয় কামকাজসমূহ৷

. নীতি আৰু পদ্ধতি অনুসৰি মূলধন আহৰণৰ বাবে সেৱাত সামগ্ৰী আহৰণ৷

উপৰোক্ত ক্ষেত্ৰসমূহৰ উপৰিও মিলিটেৰি পৰিক্ৰমা বিভাগ নিম্নোক্ত ক্ষেত্ৰসমূহৰ বাবেও দায়ৱদ্ধ হবঃ

) যৌথ পৰিকল্পনা আৰু তেওঁলোকৰ প্ৰয়োজনৰ সংবদ্ধতা অনুসৰি আহৰণ, প্ৰশিক্ষণ আৰু নিয়োজনৰ ক্ষেত্ৰ৷

) মিলিটেৰি কমাণ্ডৰ পুনৰ গঠনৰ সুবিধা৷

) সেৱাত স্থানীয় সামগ্ৰীসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰ৷

চীফ অব্ ডিফেন্স ষ্টাফ মিলিটেৰি পৰিক্ৰমা বিভাগৰ মুৰব্বী হোৱাৰ বাহিৰেও চীফ অব্ ষ্টাফ কমিটীৰ স্থায়ী অধ্যক্ষ হিচাপেও কাৰ্যৰত হব৷ তেওঁ প্ৰতিৰক্ষা মন্ত্ৰীক তিনিওটা বিভাগতে পৰামৰ্শ প্ৰদান কৰিব৷

চীফ অব্ ষ্টাফ কমিটীৰ স্থায়ী অধ্যক্ষ হিচাপে চিডিএছে নিম্নোক্ত কাৰ্যাৱলীসমূহ সম্পন্ন কৰিবঃ

  • চিডিএছে তিনিওটা বিভাগৰ নিৰীক্ষণ কৰিব পাৰিব৷ তিনিওটা বিভাগৰ এজেন্সী/সংস্থা/চাইবাৰ আৰু স্পেছ সম্পৰ্কীয় নিৰ্দেশনাসমূহ চিডিএছৰ অধীনত থাকিব৷
  • প্ৰতিৰক্ষা মন্ত্ৰীৰ অধ্যক্ষতাত ডিফেন্স একুইজিছন কাউন্সিল আৰু এনএছএৰ অধ্যক্ষতাত ডিফেন্স প্লেনিং কমিটীত চিডিএছ সদস্য হিচাপে থাকিব৷
  • নিউক্লিয়াৰ কমাণ্ড অথৰিটীত মিলিটেৰি উপদেষ্টা হিচাপে থাকিব৷
  • সেৱাসমূহত আন্তঃগাঁথনিৰ যাতে উপযুক্ত ব্যৱহাৰ হয় সেয়া লক্ষ্য ৰাখিব৷

উচ্চ পৰ্যায়ৰ প্ৰতিৰক্ষা ব্যৱস্থাপনাত এই সংশোধনৰ জৰিয়তে সৈন্যবাহিনীক বিশেষভাৱে সক্ষম কৰি তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে৷

পৃষ্ঠভূমিঃ

প্ৰধানমন্ত্ৰীয়ে ১৫ আগষ্ট ২০১৯ তাৰিখে ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰদান কৰা ভাষণত তিনিওটা বিভাগৰ সৈন্যবাহিনীক বিশেষভাৱে সক্ষম কৰি তোলাৰ বাবে উক্ত পদটো সৃষ্টি কৰাৰ আৱশ্যকতাৰ বিষয়ে ঘোষণা কৰিছিল৷

 

****

VRRK/SC/SH/MANN



(Release ID: 1597933) Visitor Counter : 228