প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ব্ৰিকছ ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীৰ বক্তব্য প্ৰদান

Posted On: 14 NOV 2019 7:45AM by PIB Guwahati

মাননীয়,

ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ সন্মানীয় অংশগ্ৰহণকাৰীসকল,

নমস্কাৰ,

শুভ সন্ধিয়া৷

 

ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ অংশীদাৰ হবলৈ পাই মই অতিশয় সুখী অনুভৱ কৰিছো৷ ১১তম ব্ৰিকছ সন্মিলনৰ কাৰ্যসূচী এই মঞ্চৰ পৰাই সূচনা হৈছে৷ ব্যৱসায়ক প্ৰাথমিকতা প্ৰদান কৰাৰ বাবে মই ব্ৰাজিল ৰাষ্ট্ৰপতি, এই মঞ্চৰ উদ্যোক্তা আৰু আৰু সকলো অংশগ্ৰহণকাৰীক অভিনন্দন জনাইছো৷

 

বন্ধুসকল,

বিশ্বৰ আৰ্থিক বৃদ্ধিত ব্ৰিকছ দেশৰ অংশীদাৰীত্ব হল ৫০%৷ বিশ্বৰ মন্দাৱস্থাও ব্ৰিকছ দেশসমূহে আৰ্থিক বিকাশক গতি প্ৰদান কৰিছে, কোটি কোটি লোকক দৰিদ্ৰতাৰ পৰা মুকলি কৰিলে আৰু প্ৰযুক্তি তথা উদ্ভাৱনত সফলতা লাভ কৰিছে৷ এতিয়া ব্ৰিকছ স্থাপনৰ দহ বছৰৰ পিছত ভৱিষ্যতে আমাৰ প্ৰয়াসসমূহৰ দিশসমূহ বিচাৰ কৰাৰ বাবে এই মঞ্চ উত্তম মঞ্চ হিচাপে বিবেচিত হৈছে৷

 

বন্ধুসকল,

এই ব্ৰিকছ ব্যৱসায়ক সৰল কৰি তোলাৰ দ্বাৰা পাৰস্পৰিক ব্যৱসায় আৰু বিনিয়োগ বৃদ্ধি হব৷ আমি পাঁচখন দেশৰ মাজত কৰ আৰু শুল্ক প্ৰক্ৰিয়া সৰল কৰি তোলা হৈছে৷ বৌদ্ধিত সামগ্ৰী অধিকাৰ আৰু বেংকসমূহৰ মাজৰ সহযোগিতাৰ দ্বাৰা ব্যৱসায়িক পৰিবেশ গঢ়ি তোলা হৈছে৷ ব্ৰিকছ ব্যৱসায়িক মঞ্চক মই অনুৰোধ জনাইছো যে তেওঁলোকে এই ধৰণৰ উৎপন্ন অৱকাশৰ সম্পূৰ্ণ লাভ উঠোৱাৰ বাবে প্ৰয়োজনীয় ব্যৱসায়িক পদক্ষেপসমূহ অধ্যয়ন কৰক৷

আন্তঃ ব্ৰিকছ ব্যৱসায় আৰু বিনিয়োগৰ লক্ষ্য তথা মহত্বকাংক্ষা থকাটো উচিত৷ আমাৰ মাজত ব্যৱসায়ৰ ব্যয়সমূহ হ্ৰাস কৰাৰ বাবে আপোনালোকৰ প্ৰস্তাৱ উপযোগী বিবেচিত হব৷

মই এয়াও অনুৰোধ কৰিবলৈ বিচাৰিম যে আগন্তুক দহ বছৰৰ বাবে আমাৰ মাজত ব্যৱসায়ত প্ৰাথমিক ক্ষেত্ৰসমূহৰ চিনাক্তকৰণ কৰা হওক আৰু ইয়াৰ ভিত্তিত আন্তঃ ব্ৰিকছ সহযোগিতাৰ ব্লু-প্ৰিণ্ট নিৰ্মাণ কৰা হওক৷

 

বন্ধুসকল,

আমাৰ বজাৰ আকাৰ, বিবিধতা আৰু আমাৰ পূৰকসমূহ পৰস্পৰৰ বাবে অতিশয় লাভজনক৷ উদাহৰণৰ বাবে যদি এখন ব্ৰিকছ দেশত প্ৰযুক্তি আছে তেন্তে আনখন দেশত সেই সম্বন্ধীয় কেঁচামাল অথবা বজাৰ আছে৷ বৈদ্যুতিক বাহন, ডিজিটেল প্ৰযুক্তি, সাৰ, কৃষি উৎপাদন, খাদ্য সংসাধন আদিত এনে সম্ভাৱনীয়তা প্ৰচুৰ পৰিমাণে আছে৷ মই আগ্ৰহ প্ৰকাশ কৰিছো যে এই মঞ্চৰ জৰিয়তে যেন পাঁচোখন দেশত এই ধৰণ পূৰকতাসমূহৰ মেপিং হওক৷ মই এই প্ৰস্তাৱো প্ৰদান কৰিব বিচাৰিম যে আগন্তুক ব্ৰিকছ সন্মিলন পৰ্যন্ত অতি-কমেও পাঁচখন ক্ষেত্ৰৰ চিনাক্তকৰণ কৰা হওক যত পূৰকতাসমূহৰ ভিত্তিত আমাৰ মাজত যৌথ মৈত্ৰী স্থাপন হওক৷

 

বন্ধুসকল,

ব্ৰিকছ দেশ নিজৰ জনসাধাৰণ, প্ৰতিভা আৰু সৃজনীশীলতাৰ বাবে সুপ্ৰসিদ্ধ৷ কাইলৈ সন্মিলনৰ সময়ত উদ্ভাৱনী ব্ৰিকছ নেটৱৰ্ক আৰু ব্ৰিকছ ইন্সটিটিউচন ফৰ ফিউচাৰ নেটৱৰ্কৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ওপৰত বিচাৰ কৰা হব৷ ব্যক্তিগতখণ্ডসমূহক মই অনুৰোধ কৰিছো যে তেওঁলোকে মানৱ সংসাধনৰ ওপৰক কেন্দ্ৰীভূত এই প্ৰয়াসসমূহৰ সৈতে জড়িত হওক৷ যুৱ উদ্যমীসকলক এই পদক্ষেপৰ সৈতে জড়িত কৰিও ব্যৱসায় আৰু উদ্ভাৱন সৱলীকৃত হব৷

 

বন্ধুসকল,

আমাৰ দেশসমূহৰ মাজত পৰ্যটন, ব্যৱসায় আৰু কৰ্ম সংস্থাপনৰ প্ৰক্ৰিয়া সৰলীকৰণ কৰাৰ সম্ভাৱনা আছে৷ ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক ভাৰতীয়সকলৰ বাবে ভিছা মুক্ত প্ৰৱেশৰ সিদ্ধান্ত গ্ৰহণক ধন্যবাদ প্ৰদান কৰিছো৷ আমি পাঁচোখন দেশে পৰস্পৰে সামাজিক সুৰক্ষা চুক্তিৰ ওপৰতো চিন্তা কৰিব লাগে৷

 

বন্ধুসকল,

ইজ অব্ ডুয়িং বিজনেছ, লজিষ্টিক দক্ষতা আৰু বিশ্ব উদ্ভাৱনৰ দৰে সূচাংকসমূহত ভাৰতৰ নিৰন্তৰ অগ্ৰগতি সন্দৰ্ভত আপোনালোক অৱগত৷ সময়ৰ সীমাৱদ্ধতাৰ বাবে মই কেৱল ইয়াকে কব বিচাৰিম যে ভাৰত ৰাজনৈতিক স্থিৰতা, অনুধাৱন নীতি আৰু ব্যৱসায় অনুকূল সংশোধনৰ বাবে বিশ্বৰ সবাতোকৈ মুক্ত আৰু বিনিয়োগ অনুকূল অৰ্থনীতিলৈ পৰিৱৰ্তিত হৈছে৷ ২০২৪ চন পৰ্যন্ত ভাৰতক পাঁচ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিলৈ ৰূপান্তৰিত কৰিবলৈ বিচাৰিছো৷ কেৱল আন্তঃগাঁথনিতেই ১.৫ ত্ৰিলিয়ন ডলাৰৰ বিনিয়োগৰ আৱশ্যকতা আছে৷

 

ভাৰতত অসীম সম্ভাৱনা আছে, অসংখ্য সুযোগ আছে৷ ইয়াৰ লাভ উঠাবলৈ মই ব্ৰিকছ দেশসমূহৰ ব্যৱসায়ক আমন্ত্ৰণ জনাইছো যাতে তেওঁলোকে ভাৰতত নিজৰ উপস্থিতি প্ৰতিপন্ন কৰি ইয়াক সম্প্ৰসাৰিত কৰক৷

 

 

অশেষ ধন্যবাদ৷




 

***



VRRK/KP/MANN



(Release ID: 1591888) Visitor Counter : 96