প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


ছৌদি আৰৱৰ সৈতে কৌশলগত অংশীদাৰিত্ব পৰিষদ চুক্তিৰ সুদৃঢ়কৰণে দ্বিপাক্ষিক সম্পর্কক আৰু অধিক শক্তিশালী কৰিবঃ প্ৰধানমন্ত্রী

ছৌদি আৰৱৰ সৈতে এনে ধৰণৰ চুক্তি স্বাক্ষৰ কৰা চতুর্থখন দেশত পৰিণত ভাৰত

Posted On: 29 OCT 2019 10:31AM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে কয় যে ছৌদি আৰৱৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্ব পৰিষদ চুক্তিৰ সুদৃঢ়কৰণে দ্বিপাক্ষিক সম্পর্কক আৰু অধিক শক্তিশালী কৰিব৷

ছৌদি আৰব ভ্ৰমণৰত প্ৰধানমন্ত্রীয়ে সেই দেশৰ সংবাদ মাধ্যম আৰৱ নিউজৰ সৈতে হোৱা সাক্ষাৎকাৰত এই কথা সদৰি কৰে৷

বিগত তিনি বছৰত প্ৰধানমন্ত্রীৰ এয়া দ্বিতীয়বাৰলৈ ছৌদি আৰৱ ভ্ৰমণ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে জি-২০ গোষ্ঠীভুক্ত দেশসমূহৰ ভিতৰত ভাৰত আৰু ছৌদি আৰৱে বৈষম্য দূৰ কৰিবলৈ তথা বহনক্ষম উন্নয়নৰ বিকাশত একেলগে কাম কৰি আহিছে৷

তেলৰ মূল্য সুস্থিৰ থকাটো বিশ্ব অর্থনীতিৰ বিকাশত গুৰুত্বপূর্ণ বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ শক্তি চাহিদাৰ ক্ষেত্রত এক বিশ্বাসযোগ্য উৎস আৰু গুৰুত্বপূর্ণ অংশীদাৰ হিচাপে ছৌদি আৰৱৰ ভূমিকাৰ প্ৰশংসা কৰে।

ইয়াৰ লগতে ছৌদি যুৱৰাজ মহম্মদ বিন ছলমানৰ ব্যক্তিগত সক্ষতাৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে, “২০১৬ চনত মোৰ প্ৰথম ছৌদি ভ্ৰমণৰ সময়ৰ পৰাই আমাৰ দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্কত আমি ব্যক্তিগতভাবে এক অভূতপূর্ব অগ্ৰগতি লক্ষ্য কৰিছো৷ যুৱৰাজ মহম্মদ বিন ছলমানৰ সৈতে মোৰ পাঁচ বাৰ সাক্ষাৎ হৈছে। যোৱাবাৰ তেওঁৰ সৈতে মোৰ কার্যকৰী আৰু ইতিবাচক বৈঠকৰ কথা মনত পৰিছে। এইবাৰৰ ভ্ৰমণৰ সময়তো তেওঁৰ সৈতে মোৰ বৈঠক অতি ফলপ্ৰসূ ব বুলি মোৰ দৃঢ় বিশ্বাস

মই বিশ্বাস কৰো যে সম্রাট ছলমান আৰু যুৱৰাজ মহম্মদ বিন ছলমানৰ সুদক্ষ নেতৃত্বত ভাৰত আৰু ছৌদি আৰৱৰ দ্বিপাক্ষিক সম্পর্ক আৰু অধিক শক্তিশালী আৰু নিবিড়

প্ৰধানমন্ত্রীয়ে কয়, “‘প্ৰতিৱেশী প্ৰথম’-মোৰ চৰকাৰৰ এই বৈদেশিক নীতি অব্যাহত থাকিব। আমাৰ ভৌগোলিক দিশৰ পৰা দূৰৱর্তী প্ৰতিৱেশীসকলৰ সৈতে দ্বিপাক্ষিক সম্পর্ক ছৌদি আৰৱৰ দৰেই সমান অগ্রাধিকাৰ পাই আহিছে৷

প্ৰধানমন্ত্রীৰ এইবাৰৰ ছৌদি ভ্ৰমণত দুয়ো দেশৰ মাজত যি কৌশলগত অংশীদাৰিত্ব পৰিষদ চুক্তি স্বাক্ষৰিত হোৱাৰ দিশ আগবাঢ়িছে, সেই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়,এই চুক্তি সহযোগিতাৰ ক্ষেত্রত এক নতুন যুগৰ সূচনা কৰিব। বাণিজ্য, বিনিয়োগ, নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতাৰ দৰে বিভিন্ন ক্ষেত্রত আমাৰ দুয়োখন দেশৰ সম্পর্ক আৰু অধিক নিবিড় তথা শক্তিশালী

মোৰ বিশ্বাস, ভাৰত আৰু ছৌদি আৰৱৰ দৰে এছিয়াৰ শক্তিধৰ দেশসমূহৰ বাবে প্ৰতিৱেশীসকলৰ ফালৰ পৰা অভিন্ন নিৰাপত্তাজনিত সমস্যা আছে। ইয়াৰ পৰিপ্রেক্ষিতত আমি অতি আনন্দিত যে আমাৰ দুয়োখন দেশৰ সহযোগিতা, বিশেষকৈ সন্ত্রাস দমন, নিৰাপত্তা আৰু কৌশলগত ক্ষেত্ৰসমূহত উল্লেখযোগ্য অগ্ৰগতি হৈছে৷ মোৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শেহতীয়াকৈ ৰিয়াধ ভ্ৰমণ কৰি গৈছে আৰু তেওঁৰ এই ভ্ৰমণ অতি ফলপ্ৰসূ হৈছেবুলিও প্ৰধানমন্ত্রীয়ে সদৰি কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু ছৌদি আৰৱৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্রত এক যৌথ কমিটী আছে। এই কমিটিৰ নিয়মীয়া বৈঠক আয়োজিত হয়। আনকি, এই দুয়োখন দেশে প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্রত পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন ক্ষেত্রত সহযোগিতাৰ লক্ষ্যৰে একাধিক গুৰুত্বপূর্ণ বিষয় চিহ্নিত কৰিছে।

প্ৰধানমন্ত্রীয়ে কয় যে আমি প্ৰতিৰক্ষা উদ্যোগ ক্ষেত্রত সহযোগিতা তথা নিৰাপত্তাৰ ক্ষেত্রত চুক্তি স্বাক্ষৰৰ লক্ষ্যত অগ্ৰসৰ হৈছো৷ আমি সিদ্ধান্ত লৈছো যে পাৰস্পৰিক পর্যায়ত নিৰাপত্তাজনিত ক্ষেত্ৰসমূহত আলোচনামূলক ব্যবস্থা গঢ়ি তোলা ব।

পশ্চিম এছিয়াৰ বিভিন্ন অঞ্চলত অশান্তি আৰু বিক্ষোভ সম্পর্কিত এক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্রীয়ে যাৱতীয় বিবাদ নিষ্পত্তিত সামঞ্জস্যমূলক প্ৰচেষ্টা গ্ৰহণৰ ওপৰত জোৰ দিয়ে বুলি কৈ ইয়াৰ কাৰণ হৈছে প্ৰত্যেক দেশৰ সার্বভৌমত্বৰ প্ৰতি শ্ৰদ্ধা দেখি এখনে আনৰ ওপৰত আভ্যন্তৰীণ দিশত হস্তক্ষেপ নকৰাৰ পন্থা অৱলম্বনৰ বাবে।

তেওঁ লগতে কয়, “এই অঞ্চলৰ সকলো দেশৰ সৈতে ভাৰতৰ সুন্দৰ দ্বিপাক্ষিক সম্পর্ক আছে। আনকি, সমগ্ৰ অঞ্চলটোৰ প্ৰবাসী ভাৰতীয়ৰ সংখ্যা প্রায় ৮০ লাখ। এই অঞ্চলৰ শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্রত এনে এক আলাপ-আলোচনামূলক বাতাবৰণ গঢ়ি তোলা প্ৰয়োজন, যি সংশ্লিষ্ট সকলো পক্ষকে অংশগ্ৰহণত উৎসাহিত কৰে৷

বর্তমান বিশ্ব অর্থ ব্যৱস্থাৰ সন্দৰ্ভত তেওঁৰ দৃষ্টিভঙ্গী সম্পর্কে প্ৰধানমন্ত্ৰীয়ে কয়,ভাৰতৰ দৰে বৃহৎ উন্নয়নশীল দেশসমূহৰ পদক্ষেপৰ ওপৰতে বিশ্ব অর্থ ব্যৱস্থাৰ পৰিকাঠামো গঠন নির্ভৰ কৰিছে। যোৱা ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ভাষণতো মই কৈছিলো, আমি আন্তৰিকতাৰে বিশ্বাস কৰো যে প্ৰত্যেকক বিশ্বাসত লৈ সকলোৰে সমান অগ্ৰগতিৰ বাবে আমাৰ সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজন

প্ৰধানমন্ত্ৰীয়ে লগতে কয়,আর্থিক অনিশ্চয়তাৰ সৈতে অসামঞ্জস্যপূর্ণ বহুপাক্ষিক বাণিজ্য ব্যৱস্থাৰ নিবিড় যোগসূত্ৰ আছে। জি-২০ গোষ্ঠীভুক্ত দেশসমূহৰ ভিতৰত ভাৰত আৰু ছৌদি আৰৱৰ অসামঞ্জস্যতা হ্ৰাস কৰা তথা বহনক্ষম উন্নয়নৰ প্ৰসাৰত একেলগে কান কৰি আহিছে। মই এইটো জানিব পাৰি অতিশয় আনন্দিত যে অহা বছৰ ছৌদি আৰৱত জি-২০ সন্মিলন আৰু ২০২২ চনত ভাৰতত এই বৈঠক অনুষ্ঠিত। ভাৰতত যেতিয়া এই সন্মিলন আয়োজিত , সেই সময়ত আমাৰ দেশে স্বাধীনতাৰ ৭৫তম বার্ষিকী উদযাপন কৰিব

পশ্চিমীয়া অর্থনীতিত বর্তমান মন্দা আৰু এই সমস্যাক লৈ ভাৰত আৰু ছৌদি আৰৱৰ ভূমিকা সম্পর্কীয় এক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্রীয়ে কয়.বাণিজ্য অনুকূল পৰিৱেশ গঢ়ি তোলাত ভাৰতে একাধিক সংস্কাৰমূলক উদ্যোগ গ্ৰহণ কৰিছে। বিশ্ব অগ্ৰগতি আৰু সুস্থিৰতাৰ এক প্ৰধান চালিকাশক্তি হিচাপে নিজক প্ৰমাণ কৰাৰ বাবেই এই পদক্ষেপ লোৱা হৈছে৷ সহজে ব্যৱসায় বাণিজ্যৰ অনুকূল পৰিৱেশ গঢ়ি তোলা আৰু বিনিয়োগ অনুকূল প্ৰচেষ্টা গ্ৰহণৰ ক্ষেত্রত আমাৰ সংস্কাৰমূলক প্ৰচেষ্টাসমূহ বিশ্ব বেংকৰ সহজ বাণিজ্য কৰাৰ সুযোগ-সুবিধাৰ ক্ৰমতালিকাত ভাৰত ২০১৪ ১৪২তম স্থানৰ পৰা ২০১৯ত ৬৩তম স্থানে পৌঁছেছে

সর্ববৃহৎ তেল সৰবৰাহকাৰী দেশ ছৌদি আৰৱৰ সৈতে ভাৰতৰ শক্তিৰ ক্ষেত্রত দীর্ঘম্যাদী সম্পর্ক প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতে এই দেশৰ পৰা প্রায় ১৮ শতাংশ অপৰিশোধিত তেল আমদানি কৰে৷ সেইবাবে এইখন দেশ আমাৰ বাবে অপৰিশোধিত তেল যোগানৰ ক্ষেত্রত দ্বিতীয় বৃহত্তম হৈ পৰিছে৷ এটা সময়ৰ ক্রেতা-বিক্রেতাৰ সম্পর্কৰ পৰা আমি এতিয়া এক ঘনিষ্ঠ কৌশলগত অংশীদাৰিত্ব গঢ়ি তোলাৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে৷ এই অংশীদাৰিত্বৰ ভিতৰত তেল আৰু গেছ প্ৰকল্পসমূহত ছৌদি আৰৱৰ বিনিয়োগৰ বিষয়টোও অন্তর্ভুক্ত আছে

আমাৰ শক্তি চাহিদাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ আৰু বিশ্বাসযোগ্য উৎস হিচাপে আমি ছৌদি আৰৱৰ কার্যকৰী ভূমিকাক স্বীকৃতি দিছো। আমি বিশ্বাস কৰো যে বিশ্ব অর্থ ব্যৱস্থাৰ বিকাশত, বিশেষকৈ উন্নয়নশীল দেশসমূহৰ স্বার্থত তেলৰ মূল্য সুস্থিৰ থকাটো অত্যন্ত জৰুৰী। ভাৰতৰ পশ্চিম উপকূলত এক গুৰুত্বপূর্ণ শোধনাগাৰ আৰু পেট্রো ৰসায়ন প্ৰকল্পত ছৌদি আৰামকো সংস্থাই অংশগ্ৰহণ কৰিছে। ভাৰতৰ কৌশলগত পেট্রোলিয়াম মজুত ভাণ্ডাৰসমূহতো আৰামকো সংস্থাৰ অংশগ্ৰহণৰ ক্ষেত্ৰত আমি অত্যন্ত আশাবাদীবুলি মন্তব্য কৰে প্ৰধানমন্ত্রীয়ে৷

স্মার্ট চিটী গঢ়ি তোলাৰ লক্ষ্যৰে ভাৰতৰ ব্যাপক কর্মযজ্ঞত ছৌদি আৰৱৰ অংশগ্ৰহণ সম্পর্কীয় এক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্রীয়ে জনায় যে, “ভাৰত আৰু ছৌদি আৰৱৰ মাজত সহযোগিতাৰ অন্যতম এক গুৰুত্বপূর্ণ ক্ষেত্ৰ আমাৰ পৰিকাঠামো প্ৰকল্পসমূহত সে দেশৰ বিনিয়োগ। যোৱা ফেব্ৰুৱাৰী মাহত ভাৰত ভ্ৰমণৰ সময়ত ছৌদি যুৱৰাজে বিভিন্ন ক্ষেত্রত ১০০ বিলিয়ন মার্কিন ডলাৰতকৈ অধিক বিনিয়োগৰ ইংগিত দিছিল

স্মার্ট চিটী আঁচনিকে ধৰি আমাৰ আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহত আৰু অধিক পৰিমাণে ছৌদি বিনিয়োগক আমি স্বাগতম জনাইছো। আমাৰ জাতীয় বিনিয়োগ আৰু পৰিকাঠামো পুঁজিৰ ক্ষেত্রত ছৌদি আৰৱে যে আগ্ৰহ প্ৰকাশ কৰিছে, আমি তাক আদৰণি জনাইছোবুলি প্ৰধানমন্ত্রীয়ে কয়৷

শক্তি ক্ষেত্ৰক বাদ দি অন্যান্য যিবোৰ বিষয়ত ভাৰত আৰু ছৌদি আৰৱে সহযোগিতা কৰিব পাৰে, সেই প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয়, “আমি আপোনালোকৰ এইকথা জনাব বিচাৰো যে এইবাৰৰ ভ্ৰমণৰ সময়ত ভাৰত আৰু ছৌদি আৰৱক প্ৰতিৰক্ষা, নিৰাপত্তা, নবীকৰণযোগ্য শক্তিকে ধৰি একাধিক ক্ষেত্রত চুক্তি স্বাক্ষৰ কৰাৰ পৰিকল্পনা লৈছে

ছৌদি আৰৱত ৰুপে কাৰ্ড় শুভাৰম্ভ কৰাৰ প্ৰস্তাৱকে ধৰি অন্যান্য গুৰুত্বপূর্ণ পৰিকল্পনাৰ ভিতৰত আছে : -মাইগ্রেট তথা -থথিক পোর্টেল একত্রীকৰণ আৰু ভাৰতৰ নির্দিষ্ট কিছু শিক্ষা প্ৰতিষ্ঠানৰ ছৌদি কূটনীতিকৰ প্ৰশিক্ষণ। ছৌদি আৰৱত ৰুপে কার্ড আৰম্ভ লে প্ৰবাসী ভাৰতীয়সকলৰ লেনদেনত সুবিধা আৰু এই দুটা পোর্টেল একত্রীকৰণ লে ভাৰতীয় শ্ৰমিকসকলে সেই দেশত বসবাস কৰাত সুবিধা পাব৷

বিশ্ব মানৰ দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বাবে ভাৰত জনাজাত। ছৌদি যুৱক-যুৱতীসকলৰ বিভিন্ন ক্ষেত্রত প্ৰশিক্ষণ দিয়াৰ একাধিক প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। আনকি, মহাকাশ গৱেষণাৰ ক্ষেত্রতো পাৰস্পৰিক সহযোগিতা গঢ়ি তোলাৰ বাবে আলোচনা কৰা বুলি কয় প্ৰধানমন্ত্রীয়ে৷

ছৌদি আৰৱত বসবাস কৰা ভাৰতীয় সম্প্ৰদায়ক উদ্দেশ্যি এক বার্তাত প্ৰধানমন্ত্রীয়ে কয়, প্রায় ২৬ লাখ ভাৰতীয়ই ছৌদি আৰৱক নিজৰ দ্বিতীয় ঘৰ হিচাপে বাছি লৈছে৷ এওলোকে সেই দেশৰ অগ্ৰগতি আৰু বিকাশত অৱদান আগবঢ়াই আহিছে৷ তদুপৰি, বহু ভাৰতীয়ই প্ৰতি বছৰে হজ আৰু উমৰাহ উৎসৱত যোগ দিবলৈ আনকি বাণিজ্যিক উদ্দেশ্যে ছৌদি আৰৱলৈ অহা-যোৱা কৰে৷

প্ৰধানমন্ত্রীয়ে কয় যে ছৌদি আৰৱত আপোনালোকে নিজৰ নামৰ প্ৰতি যি সুবিচাৰ কৰিছে, তাৰ বাবে ভাৰত গৌৱৰবোধ কৰে৷ সেই দেশত বসবাস কৰা আমাৰ সহ-নাগৰিকসকলৰ প্ৰতি এয়াই মোৰ বার্তা। আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আন্তৰিকতাৰ ফলতে সৰ্বাংগীন দ্বিপাক্ষিক অংশীদাৰিত্বৰ ক্ষেত্রত এক সৌজন্যৰ পৰিৱেশ গড়ি উঠিছে।

মই অতি আশাবাদী যে ছৌদি আৰৱৰ সৈতে আমাৰ সম্পর্কক অটুট ৰখাত আপোনালোকে দুয়োখন দেশৰ মাজত বন্ধুত্বৰ বান্ধোনক অক্ষুণ্ণ ৰাখিব৷ দুয়োখন দেশৰ মাজত ঐতিহাসিক সম্পর্কক আৰু অধিক নিবিড় কৰাত আপোনালোকৰ ভূমিকা অব্যাহত থাকিব। এই সম্পর্কে বহু দশক ধৰি মানুহৰ সৈতে মানুহৰ যোগাযোগৰ ওপৰ ভিত্তি কৰি গঢ়ি উঠিছেবুলি প্ৰধানমন্ত্রীয়ে মত প্ৰকাশ কৰে।

এই ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে সম্রাট ছলমানৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত আৰু ছৌদি যুৱৰাজৰ সৈতে প্ৰতিনিধি পর্যায়ৰ বৈঠক বহিব৷ দ্বিপাক্ষিক পৰ্যায়ৰ আলোচনাৰ লগতে তেওঁ তৃতীয় ভৱিষ্যৎ বিনিয়োগ উদ্যোগ ৰামত মূল ভাষণ আগবঢ়াব৷ মধ্যপ্রাচ্যত এই ফোৰামক অন্যতম গুৰুত্বপূর্ণ অর্থনৈতিক মঞ্চ হিচাপে গণ্য কৰা হয়৷

প্ৰধানমন্ত্রীৰ এই ভ্ৰমণৰ ফলত, সেই দেশৰ সৈতে নিৰাপত্তা আৰু কৌশলগত অংশীদাৰিত্ব, প্ৰতিৰক্ষা, শক্তি নিৰাপত্তা, নবীকৰণযোগ্য শক্তি, বিনিয়োগ, ব্যৱসায়-বাণিজ্য, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, কৃষি, অসামৰিক বিমান পৰিবহণ, আন্তঃগাঁথনি, আবাস, আর্থিক সেৱা, প্ৰশিক্ষণ আৰু দক্ষতা বৃদ্ধি, সংস্কৃতি তথা মানুহৰ সৈতে মানুহৰ যোগাযোগৰ ক্ষেত্রত বর্তমান সম্পর্ক আৰু অধিক মজবুত আৰু সম্প্ৰসাৰিত ব। চৰকাৰী পর্যায়ত প্রায় এক ডজন চুক্তি স্বাক্ষৰিত হোৱা আশা আছে৷ তদুপৰি, চৰকাৰী আৰু বাণিজ্যিক পৰ্যায়ত একাধিক চুক্তি স্বাক্ষৰৰ পৰিকল্পনা আছে।

প্ৰধানমন্ত্রীৰ এই ভ্ৰমণৰ আন এটি গুৰুত্বপূর্ণ দিশ হৈছে দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব পৰিষদ গঠনৰ লক্ষ্যৰে চুক্তি। ছৌদি আৰৱৰ সৈতে এই ধৰণৰ চুক্তি স্বাক্ষৰকাৰী ভাৰত হৈছে চতুর্থখন দেশ৷ ইয়াৰ পূৰ্বে গ্রেট ব্রিটেন, ফ্রান্স আৰু চীনৰ সৈতে ছৌদি আৰৱৰ এই ধৰণৰ চুক্তি স্বাক্ষৰ হৈছে। কৌশলগত অংশীদাৰিত্ব পৰিষদৰ দুটি সমান্তৰাল শাখা আছে। ইয়াৰ এটি ৰাজনৈতিক, নিৰাপত্তা, সংস্কৃতি আৰু সামাজিক ক্ষেত্ৰ। ইয়াৰ দায়িত্ব আছে দুয়োখন দেশৰ বিদেশ মন্ত্রী৷ দ্বিতীয় শাখাটো অর্থনীতি আৰু বিনিয়োগ। এই শাখাৰ দায়িত্বত আছে ভাৰতৰ শিল্প আৰু বাণিজ্য মন্ত্রী তথা ছৌদি আৰৱৰ শক্তি মন্ত্রী।

ছৌদি আৰৱৰ সৈতে ভাৰতৰ সম্পর্কৰ অন্যতম এটি গুৰুত্বপূর্ণ অংগ শক্তি ক্ষেত্রৰ নিৰাপত্তা। ভাৰতৰ দীর্ঘম্যাদী এক বিশ্বাসযোগ্য শক্তি সৰবৰাহকাৰী উৎস হিচাপে ছৌদি আৰৱৰ ভূমিকাক নতুন দিল্লীয়ে প্ৰশংসা জনাই আহিছে৷ ভাৰতৰ অপৰিশোধিত তেলৰ চাহিদাৰ ১৮ শতাংশই ছৌদি আৰবে যোগান দিয়ে৷ আনকি, ৩০ শতাংশ তৰলীকৃত পেট্রোলিয়াম গেছ বা এলপিজিও আহে সেই দেশৰ পৰা। উভয় দেশেই ক্রেতা-বিক্রেতাৰ সম্পর্কৰ ঊর্ধ্বলৈ গৈ পাৰস্পৰিক স্বার্থজড়িত ক্ষেত্ৰ আৰু এখনে আনখনৰ ওপৰত নিৰ্ভৰশীলতাৰ ওপৰত ভিত্তি কৰি এক বৃহত্তৰ কৌশলগত অংশীদাৰিত্ব গঢ়ি তুলিবলৈ আগ্ৰহী।

 

VRRK/AKP/DB



(Release ID: 1591252) Visitor Counter : 189