প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 04 NOV 2019 6:08PM by PIB Guwahati

. প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ নৱেম্বৰ ২০১৯ তাৰিখে বেংককত অনুষ্ঠিত ভাৰত-আছিয়ান আৰু ইষ্ট-এছিয়া সন্মিলন ২০১৯ৰ পাৰ্শ্বৱৰ্তী সময়ত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতে সাক্ষাৎ কৰে৷

. উক্ত বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্বন্ধৰ উত্তৰণত গুৰুত্ব প্ৰদান কৰি নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ অনুষ্ঠিত বৈঠকসমূহে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সম্পৰ্ক সুদৃঢ় কৰিছে বুলি মতপোষণ কৰে৷

. দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে শান্তি, সুৰক্ষা, স্থিৰতা আৰু উন্নতি বাহাল ৰখাৰ বাবে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মুক্ত, স্বচ্ছ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে৷ দুয়োখন দেশৰ কৌশলগত আৰু অৰ্থনৈতিক আগ্ৰহে দ্বিপাক্ষিকভাৱে, আঞ্চলিকভাৱে তথা পাৰস্পৰিকভাৱে কাম কৰাৰ অৱকাশ বৃদ্ধি কৰিব বুলি নেতা দুগৰাকীয়ে মন্তব্য প্ৰদান কৰে৷

. প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সম্পৰ্ক বৃদ্ধি কৰাৰ বিষয়ে সহমত প্ৰকাশ কৰি দুয়ো পক্ষই সাগৰীয় অঞ্চলতো সহযোগিতা বৃদ্ধিৰ বাবে সন্মতি প্ৰকাশ কৰে৷ দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদীৰ মোকাবিলাৰ বাবে সহযোগিতা প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে৷

. প্ৰধানমন্ত্ৰী মোদীয়ে ২০২০ চনৰ জানুৱাৰী মাহত অষ্ট্ৰেলিয়ান প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতলৈ নিমন্ত্ৰণৰ কথা পুনৰ দোহৰাৰ লগতে ৰাইছিনা বৈঠকত তেওঁ প্ৰদান কৰিবলগীয়া ভাষণৰ বিষয়েও উল্লেখ কৰে৷

*****

VRRK/SH/MANN



(Release ID: 1590558) Visitor Counter : 61