প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীত আৰোগ্য মন্থন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 30 SEP 2019 6:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ অক্টোবৰ ২০১৯ তাৰিখে বিজ্ঞান ভৱনত অনুষ্ঠিত আৰোগ্য মন্থন অনুষ্ঠানৰ সমাপন অনুষ্ঠানত সভাপতিত্ব কৰিব৷ আয়ুষ্মান ভাৰত পি এম-জে এ ৱাইৰ এবছৰীয়া বৰ্ষপূৰ্তিত ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণে দুদিনীয়াকৈ আৰোগ্য মন্থন শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছে৷

সেই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰতৰ এক নতুন মবাইল এপ্লিকেচন মুকলি কৰিব৷ তাৰোপৰি তেওঁ আয়ুষ্মান ভাৰত ষ্টাৰ্ট-আপ গ্ৰেণ্ড চেলেঞ্জ’’ মুকলি কৰি অনুষ্ঠানটোত এক স্মাৰক ডাক-টিকটো মুকলি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত পি এম-জে এ ৱাইৰ নিৰ্বাচিত হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰিব৷ তেওঁ যোৱা এবছৰত আঁচনিটোৰ পৰিক্ৰমা প্ৰদৰ্শিত কৰা পি এম-জে এ ৱাইৰ এক প্ৰদৰ্শনীও দৰ্শন কৰিব৷

আৰোগ্য মন্থনৰ প্ৰধান উদ্দেশ্য হল পি এম-জে এ ৱাইৰ সকলো গুৰুত্বপূৰ্ণ ষ্টেকহল্ডাৰসকলক সমবেত কৰি যোৱা বছৰটোত আঁচনিটোৰ প্ৰণয়নত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ আলোচনা কৰা আৰু ইয়াৰ ৰূপায়ণ উন্নত কৰাৰ দিশত নতুন পথ নিৰূপণ কৰা৷ অনুষ্ঠানটোত আৰোগ্য মন্থৰ প্ৰধান পৰামৰ্শসমূহ উপস্থাপন কৰা হব৷

উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ ছেপ্টেম্বৰ ২০১৮ তাৰিখে আয়ুষ্মান ভাৰত পি এম-জে এ ৱাই আঁচনি মুকলি কৰিছিল৷

 

***

 

VRRK/VJ/AK/MANN



(Release ID: 1587653) Visitor Counter : 43