প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দ্বাৰকাৰ ডি ডি এ গ্ৰাউণ্ডত দশেৰা উৎসৱত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

Posted On: 08 OCT 2019 6:37PM by PIB Guwahati

আজি নতুন দিল্লীৰ দ্বাৰকাৰ ডি ডি এ গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা দশেৰা উৎসৱত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে৷ বিজয়া দশমী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক শুভেচ্ছা জনায়৷

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত উৎসৱৰ ভূমি৷ বৈচিত্ৰময় সংস্কৃতিৰ বাবে ভাৰতৰ যিকোনো অংশত কোনোবাটো নহয় কোনোবা এটা উৎসৱ সদায়েই অনুষ্ঠিত হৈয়েই থাকে৷ ভাৰতৰ উৎসৱসমূহৰ জৰিয়তে আমি ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰতা উদযাপন কৰো৷ আমি বিভিন্ন ধৰণৰ কলা, সংগীত, গীত আৰু নৃত্যৰ বিষয়ে জানিব পাৰো, তেওঁ এইদৰে কয়৷

তেওঁ কয় যে ভাৰত শক্তি সাধনাৰ ভূমি৷ যোৱা ন দিন আমি মাৰ আৰাধনা কৰিলো৷ এই ভাৱনাক আগুৱাই নি তেওঁ ইয়াত মহিলা সৱলীকৰণ তথা সন্মানৰ পূজন বুলি অভিহিত কৰে৷

মন কী বাতত উল্লেখ কৰা ঘৰ কী লক্ষ্মীৰ বিষয়ে সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে এই দেৱালীত নাৰী শক্তিৰ উদযাপন কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে আজি বিজয়া দশমী আৰু বায়ু সৈন্যবাহিনী দিৱসো৷ ভাৰতে বায়ু সৈন্যবাহিনীক লৈ গৌৰৱ কৰে, তেওঁ এইদৰে কয়৷

মহাত্মা গান্ধীৰ ১৫০তম জন্মজয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে বিজয়া দশমীৰ দিনা এটা অনুৰোধ কৰে৷ তেওঁ জনতাক এই বৰ্ষটোত এটা অভিযান গ্ৰহণ কৰি তাক পূৰণ কৰাৰ দিশত অগ্ৰসৰ হবলৈ অনুৰোধ জনায়৷ এই অভিযান যিকোনো ধৰণৰ হব পাৰে- খাদ্য অপব্যয় নকৰা, শক্তি সংৰক্ষণ কৰা, পানী সংৰক্ষণ কৰা৷ তেওঁ কয়, যদি আমি সকলোৱে সামূহিক সত্বাৰ শক্তি অনুধাৱন কৰিব বিচাৰিছো তেন্তে আমি ভগৱান শ্ৰী কৃষ্ণ আৰু ভগৱান শ্ৰী ৰামৰ পৰা অনুপ্ৰেৰণা লব পাৰো৷

প্ৰধানমন্ত্ৰীয়ে দ্বাৰকা শ্ৰী ৰাম লীলা ছচাইটিয়ে অনুষ্ঠিত কৰা ৰামলীলা প্ৰত্যক্ষ কৰে৷ তাৰোপৰি তেওঁ অনুষ্ঠানটোত অনীতিৰ ওপৰত সুনীতিৰ বিজয়ৰ প্ৰতীক হিচাপে ৰাৱন, কুম্ভকৰ্ণ আৰু মেঘনাদৰ মূৰ্তিৰ দহনো প্ৰত্যক্ষ কৰে৷

 

*****

VRRK/ AK/MANN



(Release ID: 1587644) Visitor Counter : 98