প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চন্দ্ৰায়ন-২ৰ চূড়ান্ত পৰ্যায়ৰ ক্ষণ প্ৰত্যক্ষ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 06 SEP 2019 12:05PM by PIB Guwahati

ছেপ্টেম্বৰ, ২০১৯ত চন্দ্ৰযান-২ৰ চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চূড়ান্ত পর্যায়ৰ অৱতৰণ প্ৰত্যক্ষ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্ৰ মোদীয়ে ইছৰোৰ মুখ্য কাৰ্যালয়লৈ যাত্ৰা কৰিব৷

এই উপলক্ষে প্ৰধানমন্ত্রীয়ে মহাকাশ সম্পৰ্কীয় কুইজ প্ৰতিযোগিতাত বিজয়ী দেশৰ বিভিন্ন স্থান অষ্টমৰ পৰা দশম শ্রেণীৰ ছাত্ৰ-ছাত্রীসকলৰ সৈতে মত বিনিময় কৰিব৷

 

বিজ্ঞান আৰু ইয়াৰ বিভিন্ন গৱেষণাৰ বিষয়ত প্ৰধানমন্ত্রী সদায় উৎসাহী। ইছৰোৰ বিজ্ঞানীসকলৰ এই প্ৰচেষ্টাত উৎসাহ যোগোৱাৰ লগতে তৰুণ প্ৰজন্মৰ মাজত উদ্ভাৱনী চিন্তা-জিজ্ঞাসু ভাৱ বিকাশ কৰাত সহায় কৰিব।

 

চন্দ্ৰযান- প্ৰচেষ্টাত প্ৰধানমন্ত্রীয়ে সকলো সময়তে ব্যক্তিগতভাৱে উৎসাহিত হৈ আহিছে। এই প্ৰচেষ্টাৰ সন্দৰ্ভত তেওঁ কয়,অন্তৰত তথা আত্মাত ভাৰতীয়। সম্পূর্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মাণ কৰা প্ৰচেষ্টাই প্ৰতিগৰাকী ভাৰতীয়কে আনন্দিত কৰিব৷

 

ইছৰোৰ এক বিবৃতিত উল্লেখ কৰে ছেপ্টেম্বৰৰ মাজনিশা ১ৰ পৰা ২বজাৰ ভিতৰত লেণ্ডাৰ বিক্ৰমে ইয়াৰ কাম আৰম্ভ কৰিব। চন্দ্ৰপৃষ্ঠত ভাৰতীয় সময় .৩০বজাৰ পৰা .৩০ বজাৰ ভিতৰত চন্দ্ৰযানে অৱতৰণ কৰিব৷

*****

VRRK/AK/DB


(Release ID: 1584944) Visitor Counter : 84