প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছেণ্ট ভিনছেণ্ট আৰু গ্ৰেনাডাইনছৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎ

Posted On: 10 SEP 2019 2:14PM by PIB Guwahati

ছেণ্ট ভিনছেণ্ট আৰু গ্ৰেনাডাইনৰ প্ৰধানমন্ত্ৰী ৰালফ্ ইভাৰাৰ্ড গনজালভেছে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ প্ৰধানমন্ত্ৰী গনজালভেছে ছেণ্ট ভিনছেণ্ট আৰু গ্ৰেনাডাইনৰ প্ৰধানমন্ত্ৰী হিচাপে ভাৰতলৈ প্ৰথমটো ভ্ৰমণলৈ আহিছে আৰু তেওঁ কালি নতুন দিল্লীত ইউ এন চি চি ডিৰ এক উচ্চস্তৰীয় বৈঠকতো অংশগ্ৰহণ কৰে৷

প্ৰধানমন্ত্ৰী গনজালভেছে ছেণ্ট ভিনছেণ্ট আৰু গ্ৰেনাডাইনত তথা কেৰিবিয়ান আৰু লেটিন আমেৰিকান অঞ্চলত ভাৰতৰ প্ৰতি অশেষ সদ্ভাৱনা আছে বুলি জানিবলৈ দিয়ে৷ অঞ্চলটোৰ সৈতে ভাৰতৰ বিকাশমূলক সহযোগিতা আৰু প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি ভাৰতৰ তাৎক্ষণিক সমৰ্থনক তেওঁ প্ৰশংসা কৰে৷

আন্তৰ্জাতিক মঞ্চত দুয়োখন দেশৰ মাজত থকা সহযোগিতাৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদীয়ে আলোকপাত কৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ ৰূপত ‘সবাতোকৈ সৰু দেশ’ হিচাপে নিৰ্বাচিত হোৱা বাবে ছেণ্ট ভিনছেণ্ট আৰু গ্ৰেনাডাইনক শুভেচ্ছা জনায়৷

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত দক্ষতা উন্নয়ন, প্ৰশিক্ষণ, শিক্ষা, বিত্ত, সংস্কৃতি আৰু দুৰ্যোগ প্ৰশমন আদি বিষয়ত সহযোগিতা বৃদ্ধি সম্পৰ্কে সহমত পোষণ কৰে৷

*****

VRRK/VJ/MANN



(Release ID: 1584934) Visitor Counter : 64