প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইছৰোৰ নিয়ন্ত্ৰণ কেন্দ্ৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

পোষ্ট কৰা হৈছে: 07 SEP 2019 1:16PM by PIB Guwahati

ভাৰতমাতা কী জয়,

ভাৰতমাতা কী জয়,

ভাৰতমাতা কী জয়

আমাৰ বিজ্ঞানীসকলক লৈ ভাৰতবাসীয়ে গৌৰৱ কৰে৷ তেওঁলোকে সদায় শ্ৰেষ্ঠত্ব উজাৰি দিয়াৰ লগতে ভাৰতক গৌৰৱান্বিত কৰিছে৷ এই ক্ষণবোৰ সাহসৰ আৰু আমিও ইয়াৰ জৰিয়তে সাহসী হও৷ আপোনালোক এনে ব্যক্তি, যিসকলে ভাৰত মাতাৰ বিজয়ৰ বাবে কাম কৰে আৰু ইয়াৰ বাবে যুঁজ দিয়ে আৰু ইয়াক গৌৰৱান্বিত কৰাৰ বাবে সংকল্প গ্ৰহণ কৰে৷

বন্ধুসকল, মই যোৱাৰাতি আপোনালোকৰ মনৰ হতাশা আৰু আবেগ উপলব্ধি কৰিছো৷ যানখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ সময়ত মই আপোনালোকৰ মাজতে আছিলো৷ এয়া কেতবোৰ উত্তৰবিহীন প্ৰশ্ন, কিন্তু মই নিশ্চিত যে আপোনালোকে ইয়াৰ উত্তৰ পাব৷ মই জানো ইয়াৰ বাবে আপোনালোকে কিমান কঠোৰ পৰিশ্ৰম কৰিছে৷ আপোনালোকৰ চকুৱে বহু কথা কৈছিল, আপোনালোকৰ চেহেৰাত মনোকষ্ট ফুটি উঠিছিল, সেইবাবে মই বেছি সময়ণ আপোনালোকৰ মাজত নাথাকিলো৷ কেইবাৰাতি আপোনালোকে শোৱা নাই, তথাপি মই ভাৱিছিলো যে আপোনালোকৰ সৈতে কথা পাতো৷ এই অভিযানৰ সৈতে জড়িত প্ৰত্যেক ব্যক্তি এক ভিন্ন মানসিক অৱস্থাৰ বলি হৈছিল। ভিন্ন প্ৰশ্ন আছিল। একেবাৰে সফলতাৰ কাষ পাইও হঠাৎ সকলোবোৰ দৃষ্টিৰ বাহিৰ হৈ যায়। মইও আপোনালোকৰ সৈতে সেই মুহূর্তবোৰ অনুভৱ কৰিছো। যেতিয়া যোগাযোগ বিচ্ছিন্ন হৈ যায়, আপোনালোক সকলো কঁপি উঠিছিল৷ মই দেখিছিলো সকলোৰে মনত স্বাভাৱিক প্ৰশ্ন জাগিছিল, কিয় হ’ল, কিদৰে হ’ল, কাৰণ বৈজ্ঞানিক মনত সকলোবোৰেইতো কিবা নহয় কিবাকৈ আৰম্ভ হয়। বহু আশা আছিল। মই দেখিছিলো যে ইয়াৰ পাছতো আপোনালোকৰ মনত হৈছিল, কিবা এটাতো হ’বে কাৰণ ইয়াৰ অন্তৰালক আপোনালোকৰ পৰিশ্ৰম আছিল, প্ৰতি মুহূর্তত আপোনালোকে তিল তিলকৈ ইয়াক গঢ়ি তুলিছিল৷

বন্ধুসকল, আমি আমাৰ যাত্ৰাপথত এক সামান্য উজুটি খাইছো যদিও এইটোৱে আমাক আমাৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টা আৰু মনোবল ভাঙিব নোৱাৰে৷ আমাৰ সংকল্প আৰু অধিক মজবুত হৈছে৷ 

আজি যদিও পৰিকল্পনা মতে আমি চন্দ্ৰযানক চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব নোৱাৰিলেও যদি কোনো কবি অথবা সাহিত্যিকক আজিৰ ঘটনাক লৈ লিখিবলৈ কোৱা হয়, তেওঁ কি লিখিব? কিন্তু বিজ্ঞানৰ তিন্তাধাৰ, বিজ্ঞানৰ ভাষা পৃথক। কবি-সাহিত্যিকে লিখিব যে আমি জীৱনত চন্দ্ৰৰ ইমান ৰোমান্টিক বর্ণনা লিখিছো যে চন্দ্ৰযানৰ স্বভাৱতো পৰিৱর্তন আহি গৈছিল। শেষ মুহূর্তত চন্দ্ৰক স্পর্শকৰিবলৈ লৈছিল। কবিয়ে এইদৰেই ক’ব, আজি মোৰ চন্দ্ৰক স্পর্শকৰাৰ ইচ্ছাশক্তি তথা সংকল্প আৰু প্ৰবল হৈছে আৰু শক্তিশালী হৈছে, দৃঢ় হৈছে।

মোৰ ভাৰতৰ ভাই-ভনী তথা বিজ্ঞানী বন্ধুসকল আপোনালোকৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি সমগ্ৰ দেশবাসী যোৱা নিশা উজাগৰে আছে, কিয়নো আমি আমাৰ মহাকাশৰ এক উচ্চাকাংক্ষী অভিযান হাতত লৈছো৷

আমি চন্দ্ৰপৃষ্ঠৰ নিচেই ওচৰ চাপিছিলো আৰু সেই প্ৰচেষ্টা অতি প্ৰশংসনীয়৷ আমি আমাৰ মহাকাশ কাৰ্যসূচী আৰু বিজ্ঞানীসকলক লৈ গৌৰৱান্বিত, তেওঁলোকৰ কঠোৰ পৰিশ্ৰম তথা সংকল্পই কেৱল আমাৰ দেশৰ উপৰি অন্য দেশসমূহৰ নাগৰিকৰো উন্নত জীৱন সু-নিশ্চিত কৰে৷

যদি তেওঁলোকৰ উদ্ভাৱনী কামসমূহ সফল হয়, তেতিয়া ইয়াৰ দ্বাৰা উন্নত স্বাস্থ্য সেৱা তথা শিক্ষাকে ধৰি বহু লোকে মানসম্পন্ন জীৱন নিৰ্বাহ কৰিব পাৰে৷ ভাৰতে জানে যে আনন্দিত হোৱাৰ বাবে বহুতো গৌৰৱপূৰ্ণ ক্ষণ আছে৷

মহাকাশ কাৰ্যসূচীৰ কথা ক’লে শ্ৰেষ্ঠখিনি এতিয়াও আহিবলৈ বাকী আছে৷

এতিয়াও বহু নতুন ঠাই আৱিষ্কাৰ হ’বলৈ বাকী আছে৷ আমি এই ক্ষেত্ৰত ধাবিত হৈ সফলতাৰ নতুন শিখৰত উপনীত হ’ম৷

আমাৰ বিজ্ঞানীসকলক মই কও, ভাৰতবাসী আপোনালোকৰ সৈতে আছে৷ মই আপোনালোকৰ সৈতে আছো৷

আপোনালোক পেছা ব্যতিক্রমী, দেশৰ উন্নয়নত আপোনালোক অবিশ্বাস্য অৱদান অনস্বীকার্য।

আপোনালোকে সদায় শ্ৰেষ্ঠত্বক উজাৰি দিয়াৰ লগতে আমাৰ ভিন্ন সূযোগৰ হাঁহি বিৰিঙাইছে, স্বাভাৱিকতে আপোনালোকে এনে এটা স্থানলৈ যোৱাৰ প্ৰচেষ্টা কৰিছে, যি স্থানলৈ আজিলৈকে কোনো যোৱা নাই৷

আপোনালোকে মাখনক দাগ বহুওৱা লোক নহয়, শিলত দাগ বহুওৱা লোক৷

আপোনালোক নিচেই কাষলৈ গ’ল৷ মই গৌৰৱেৰে কও এই প্ৰচেষ্টাৰ লগতে যাত্ৰাও আছিল অতি মূল্যবান৷ মই আমাৰ বিজ্ঞানীসকলৰ পৰিয়ালবৰ্গক ধন্যাবাদ জনাইছো৷ তেওঁলোকৰ নিৰৱ তথা মূল্যবান সমৰ্থন সদায়েই আমাৰ প্ৰচেষ্টাৰ প্ৰধান শক্তি৷

ভাই-ভনীসকল, ধৈৰ্য আৰু তপস্যা ভাৰতীয় পৰম্পৰাৰ কেন্দ্ৰবিন্দু৷ আমাৰ গৌৰৱশালী ইতিহাসত আমি এনে বহুতো ক্ষণৰ মুখামুখি হৈছো, যিবোৰে চুৰ্ণ-বিচুৰ্ণ কৰিব পাৰে, কিন্তু সেইবোৰক লৈ আমি হাৰ মনা নাই৷ সেইবাবেই আমাৰ সভ্যতাই এতিয়াও সগৌৰৱে মুৰ দাঙি আছে৷

মোৰ প্রিয়বন্ধুসকল, চূড়ান্ত ফলাফল যিমান গুৰুত্বপূর্ণ, প্ৰচেষ্টা আৰু যাত্ৰাও সিমানেই মই গৌৰৱেৰে ক’ব পাৰো যে এই ক্ষেত্রত প্ৰচেষ্টা আৰু যাত্ৰাও দুয়োটাই আছিল মূল্যবান। আমাৰ টীমে কঠোৰ পৰিশ্ৰম কৰিছে, বহুদূৰ যাত্ৰা কৰিছে তথা এই শিক্ষাবোৰ সদায় আমাৰ সৈতে থাকিব। আমি এই প্ৰচেষ্টা আৰু যাত্ৰাৰ ক্ষেত্ৰত পৰমসন্তুষ্টি লৈ বহি নাথাকো আৰু এই শিক্ষাই আজিৰ পৰা আমাক আৰু অধিক শক্তিশালী কৰি গঢ়ি তুলিব। কাইলৈ এক নতুন আৰু উজ্জ্বল হৈ ৰ’ব৷

বন্ধুসকল, পৰিণামৰ পৰা নিৰাশ নহৈ, আমি নিৰন্তৰ গতিত আগুৱাই যোৱাৰ পৰম্পৰাও আছে, আদর্শও আছে। আমাৰ হাজাৰ হাজাৰ বছৰৰ পুৰণি ইতিহাসত এই ধৰণৰ অসংখ্য উদাহৰণ আছে। প্ৰথমাৱস্থাত নানা বিপত্তি থকা সত্ত্বেও আমি নানা ঐতিহাসিক সাফল্য অৰ্জন কৰিছো।

খোদ ইছৰোই কেতিয়াও হাৰ নমনা সংস্কৃতিৰ জলন্ত উদাহৰণ। প্রাৰম্ভিক বিপত্তি আৰু সমস্যাসমূহ ওচৰত হাৰি গ’লে আজি ইছৰো বিশ্বৰ অগ্ৰ মহাকাশ গৱেষণা কেন্দ্ৰসমূহৰ অন্যতম হৈ নুঠিলহেতেন৷

বন্ধুসকল, পৰিণামস্বৰূপে নিজৰ স্থানত, কিন্তু মই আৰু সমগ্ৰ দেশে নিজৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদৰ সকলো প্ৰচেষ্টাৰ বাবে গৌৰৱান্বিত। মই আপোনালোকক ৰাতিও এই কথা কৈছিলো, এতিয়া আকৌ কৈছো যে মই আপোনালোকৰ সৈতে আছো, দেশবাসীও আপোনালোকৰ সৈতে আছে।

বন্ধুসকল, প্ৰত্যেক সমস্যা, প্ৰত্যেক সংঘর্ষ, প্ৰত্যেক বিপত্তি আমাৰ নতুন কেতবোৰ শিকায়। কিছু নতুন আৱিষ্কাৰ, নতুন প্ৰযুক্তি আৱিষ্কাৰৰ প্রেৰণা যোগায়। আৰু ইয়াৰ মাধ্যমে আমাৰ পৰৱর্তী সাফল্য নির্ধাৰিত হয়। মই ভাৱো যে জ্ঞানৰ যদি কোনো ডাঙৰ শিক্ষক আছে, তেন্তে সেয়া হৈছে বিজ্ঞান। বিজ্ঞানত বিফলতা বুলি একো নাই; কেৱল থাকে প্ৰয়োগ আৰু প্ৰচেষ্টা। প্ৰত্যেক প্ৰয়োগ, প্ৰত্যেক প্ৰচেষ্টাই জ্ঞানৰ নতুন বীজ ৰোপণ কৰি যায় আৰু আমাক নিজৰ অসীম সামর্থ্যৰ অনুভৱ কৰায়।

বন্ধুসকল, চন্দ্ৰযানৰ যাত্ৰাৰ শেষ পর্যায়টো আশা কৰা মতে নহ’লেও আমি মনত ৰাখিব লাগিব যে চন্দ্ৰযানৰ যাত্রা আছিল অতি উজ্জ্বল আৰু প্রাণৱন্ত। এই সমগ্ৰ অভিযানত দেশে পুনৰবাৰ আনন্দিত হৈছে। এই মুহূর্ততো আমাৰ অৰবিটাৰ গৌৰৱেৰে চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে। মই নিজেও এই অভিযানৰ সময়ত দেশত অঠবা বিদেশত য’তেই নথাকো কিয়, প্ৰতিনিয়ত চন্দ্ৰযানৰ গতিবিধিৰ খবৰ ৰাখিলোহেতেন৷

ভাৰত বিশ্বৰ গুৰুত্বপূর্ণ মহাকাশ শক্তিৰ ভিতৰত অন্যতম, আৰু তাৰ অন্তৰালত আছে আপোনালোক সকলোৰে অৱদান, দশক দশক ধৰি যিসকলে ইছৰোত কাম কৰিছে,তেওঁলোকৰ পৰিশ্ৰম আৰু অৱদান। আপোনালোকৰ প্ৰথম প্ৰচেষ্টাতে মংগলগ্ৰহত ভাৰতৰ ত্ৰিৰংগা পতাকা উৰিছিল। ইয়াৰ পূৰ্বে বিশ্ব আৰু কোনো দেশেই প্ৰথম অভিযানতে সফলতাৰে মংগল জয় কৰিব পৰা নাছিল৷ আমাৰ চন্দ্ৰযানেই প্ৰথমবাৰ বিশ্ববাসীক চন্দ্ৰত পানী থকাৰ দৰে গুৰুত্বপূর্ণ তথ্য দিছে। এয়াও আপোনালোকৰে প্ৰচেষ্টাৰ ফল যি আমি একেলগে শতাধিক উপগ্ৰহ উৎক্ষেপণ কৰি অভিলেখ ৰচনা কৰিছো৷ ইছৰোৰ বাবে এনে সাফল্যৰ দীঘলীয়া তালিকা আছে, সেয়েহে দুৰ্যোগৰ দুই এটা মুহূর্তৰ বাবে আপোনালোকে উড়ান কক্ষপথৰ বাহিৰলৈ যাব নোৱাৰে৷

আমাৰ আদর্শ, আমাৰ দর্শন, আমাৰ চিন্তা-বাৱনাত আছে আমাৰ বিশ্বাস যিটো,‘বয়ম অমৃতস্য পুত্রঃ আমি অমৃতৰ সন্তান, যাৰ সৈতে অমৃতৰ সম্পর্ক আছে। অমৃতৰ সন্তানসকলৰ বাবে কোনো দুৰ্যোগ অথবা নিৰাশাৰ স্থান নাই। আমি নিৰাশ নহও। আমি বিফলতাৰ পৰা শিক্ষা ল’ব লাগিব, শিকিব লাগিব, সন্মুখৰ ফালে আগুৱাই যাব লাগিব আৰু লক্ষ্যত উপনীত হোৱাৰ পূৰ্বেই স্তব্ধ হ’লে নহ’ব৷ আমি নিশ্চিতভাবে সফল হ’ম, আমি পৰৱর্তী অভিযানৰ প্ৰচেষ্টাত আৰু তাৰপাছতো প্ৰত্যেক অভিযানত সফল হ’ম৷

একবিংশ শতিকাত ভাৰতৰ সপোনা আৰু আকাংক্ষাসমূহ বাস্তবায়িত কৰিবলৈ আমাৰ ক্ষন্তেকীয়া বাধাত ৰৈ গ’লে নহ’ব! আপোনালোক সকলোকে অহা সকলো অভিযানৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো। আমি আগতেও কৈছো, বিজ্ঞান কেতিয়াও পৰিণামতে সন্তুষ্ট নহয়৷ বিজ্ঞানৰ অন্তর্নিহিত গুণ হ’ল প্ৰচেষ্টা, প্ৰচেষ্টা আৰ প্ৰচেষ্টা। বিজ্ঞানে পৰিণামতকৈও নতুন প্ৰচেষ্টাৰ সুযোগ বিচাৰে, কোনো পৰিণামত ৰৈ নাযায়৷ বিজ্ঞানে পৰিণামৰ সন্মুখত শিৰনত নকৰে আৰু এয়াই আপোনালোকৰ আদর্শ। আৰু সেইবাবেই দেশবাসীয়ে আপোনালোকক লৈ গৌৰৱ কৰে৷ আপোনালোকৰ ওপৰত মোৰ আস্থা আছে, মোতকৈও আপোনালোকৰ সপোন বহুত ডাঙৰ৷ মোতকৈ আপোনালোকৰ সংকল্প আৰু গভীৰ। মোৰতকৈও আপোনালোকৰ প্ৰচেষ্টা বহুত বেছি সাফল্যৰ অৰ্জনৰ সক্ষমতা আছে৷ সেইবাবে মই সম্পূর্ণ বিশ্বাস লৈ আপোনালোকৰ দৃঢ়সংকল্পত ভৰসা ৰাখিছো .... আচলতে মই আপোনালোককৰ উপদেশ দিবলৈ অহা নাই। আপোনালোকৰ পৰা প্রেৰণা পাবলৈ মই পুৱাই আপোনালোকৰ ওচৰলৈ আহিছো৷ আপোনালোক নিজেই প্রেৰণাৰ সাগৰ, একোজন প্রেৰণাৰ জীৱন্ত স্বৰূপ। সেইবাবে এয়া মোৰ বাবে প্রেৰণাৰ মুহূর্ত, য’ত নিৰাশাক বৈজ্ঞানিক মনে আশালৈ ৰূপান্তৰিত কৰিব পাৰে, য’ত সপোনক বৈজ্ঞানিক মনে সাফল্যলৈ ৰূপান্তৰিত কৰিব পাৰে। সেইবাবে এনে সামর্থ্যবান, প্রাণশক্তিৰে ভৰপুৰ, সংকল্পক সিদ্ধিলৈ ৰূপান্তৰিত কৰাৰ নামত উচৰ্গিত এই বন্ধুসকলক বহুত বহুত ধন্যবাদ তথা শুভেচ্ছা জনাইছো।

বহুত বহুত ধন্যবাদ।

ভাৰতমাতা কী জয়, ভাৰতমাতা কী জয়, ভাৰতমাতা কী জয়,

বহুত বহুত ধন্যবাদ।

***

ৰবি ৰামাকৃষ্ণ/শ্বাহবাজ হছিবি/মমতা/দিগন্ত


(ৰিলিজ আই ডি : 1584929) অতিথি কক্ষ : 134
ত এই ৰিলিজটো পঢ়ক: हिन्दी , English , Urdu , Marathi , Bengali , Punjabi , Gujarati